JioHotstar চাবস্ক্ৰিপচনৰ বাবে প্ৰতিদিনে খৰচ কৰক ১.৬৬ টকা, এই OTT প্লেটফৰ্মৰ মাহিলী প্লেনৰ সবিশেষ জানক
সুলভ অ’টিটি প্লেটফৰ্মত পৰিণত হৈছে JioHotstar । কিয়নো অতি কম মূল্যত দিয়া হৈছে Jio Hotstar ৰ মাহিলী চাবস্ক্ৰিপচন।

Jio Cinema আৰু Disney Plus Hotstar ৰ দৰে দুটা ডাঙৰ অ’টিটি প্লেটফৰ্ম এতিয়া এক হৈ পৰিছে। ইয়াৰ লগে লগে সুলভ অ’টিটি প্লেটফৰ্মত পৰিণত হৈছে JioHotstar । কিয়নো অতি কম মূল্যত দিয়া হৈছে Jio Hotstar ৰ মাহিলী চাবস্ক্ৰিপচন। প্লেনৰ বিষয়ে তথ্য Jio Hotstar app ত দিয়া হয় । কোম্পানীটোৰ আটাইতকৈ সস্তা প্লেন মোবাইল ব্যৱহাৰকাৰীৰ বাবে আগবঢ়াইছে। এটা ডিভাইচৰ বাবে তিনিমাহৰ বাবে ১৪৯ টকাত অফাৰ মূল্যত প্লেনটো ল’ব পাৰে । অৰ্থাৎ প্ৰতিমাহে ৫০ টকাত (দৈনিক খৰচ ১.৬৬ টকা) আপুনি ৭২০ পিক্সেল ৰিজ’লিউচনৰ প্লেন পাব।
মন কৰিব যে, এই প্লেনত আপুনি যিকোনো ভিডিঅ’ চোৱাৰ সময়ত মাজত বিজ্ঞাপন চাব লাগিব। যদি আপুনি এবছৰৰ বাবে প্লেনটো লয় তেন্তে আপুনি ৪৯৯ টকা খৰচ কৰিব লাগিব, অৰ্থাৎ মাহিলী খৰচ হ’ব মাত্ৰ ৪২ টকা।
JioHotstarৰ আন এটা প্লেন ২৯৯ টকাত তিনিমাহৰ বাবে উপলব্ধ, অৰ্থাৎ প্ৰতিমাহে ১০০ টকা খৰচ হ’ব। এই প্লেন ১ বছৰৰ বাবে ৮৯৯ টকাত উপলব্ধ হ’ব, অৰ্থাৎ এমাহৰ খৰচ হ’ব ৭৫ টকা। এই প্লেনৰ জৰিয়তে আপুনি ২ টা ডিভাইচ (টিভি, মোবাইল বা লেপটপ)ত ১০৮০ পিক্সেল ৰিজ’লিউচনৰ কন্টেন্ট চাব পাৰিব। এই প্লেনটোও এড ফ্ৰী নহয়, অৰ্থাৎ ভিডিঅ’বোৰৰ মাজত বিজ্ঞাপন চাব লাগিব।
JioHotstar Premium: তিনিমাহৰ এই প্লেনৰ মূল্য ৪৯৯ টকা, অৰ্থাৎ এই প্লেনৰ বাবে মাহিলী ১৬৬ টকা খৰচ হ’ব। যদি আপুনি এই প্লেনটো এবছৰৰ বাবে কিনে তেন্তে ১৪৯৯ টকা খৰচ কৰিব লাগিব, অৰ্থাৎ প্ৰতিমাহে খৰচ হ’ব ১২৫ টকা। এই প্লেনত ৪ টা ডিভাইচ (টিভি, লেপটপ, মোবাইল) ব্যৱহাৰ কৰিব পাৰিব ।