শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জিঅ’-এয়াৰটেলসহ টেলিকম কোম্পানীসমূহলৈ সকীয়নিঃ ১০ লাখলৈকে হ’ব পাৰে জৰিমনা

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া, চমুকৈ TRAI- এ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক নিৰ্দেশনা যোগে TRAI- এ জিঅ’, এয়াৰটেল, ভোডাফোন, বিএছএনএলৰ দৰে টেলিকম কোম্পানীৰ দায়িত্ব নিৰ্ধাৰণ কৰিছে। যদি এই কোম্পানীসমূহে নিজৰ কাম সঠিকভাৱে নকৰে, তেন্তে ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

জিঅ’-এয়াৰটেলসহ টেলিকম কোম্পানীসমূহলৈ সকীয়নিঃ ১০ লাখলৈকে হ’ব পাৰে জৰিমনা
টেলিকম কোম্পানীসমূহলৈ নিতুন নিয়ম
monjit-dutta
Monjit Dutta | Published: 13 Feb 2025 18:02 PM

দিনটোত বাৰে বাৰে অবাঞ্চিত স্পাম কলৰ বাবে বৰ্তমান সময়ত টেলিকম কোম্পানীসমূহৰ গ্ৰাহকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। এইক্ষেত্ৰত টেলিকম নিয়ন্ত্ৰক সংস্থা টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া, চমুকৈ TRAI- এ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গ্ৰাহকক বাৰে বাৰে হাৰাশাস্তি কৰা অবাঞ্চিত বা স্পাম কল বন্ধ কৰিবলৈ TRAI- এ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা যোগে জিঅ’, এয়াৰটেল, ভোডাফোন, বিএছএনএলৰ দৰে টেলিকম কোম্পানীৰ দায়িত্ব নিৰ্ধাৰণ কৰা হৈছে।

যদি এই কোম্পানীসমূহে নিজৰ কাম সঠিকভাৱে নকৰে, তেন্তে ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। TRAI- এ নতুন নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰিছে যে টেলিকম কোম্পানীসমূহে এনে স্পাম তথা অবাঞ্চিত কল বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে এই ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াই টেলিকম কোম্পানীসমূহক নিৰ্দেশ দিছে যে নতুন নিয়ম অনুসৰি যিকোনো নম্বৰত পোৱা স্পেম কলৰ সঠিক সংখ্যা প্ৰকাশ কৰিব লাগিব।

কেৱল এয়াই নহয়, যদি কোম্পানীসমূহে এই কাম নকৰে তেতিয়া ২ লাখৰ পৰা ১০ লাখ টকাৰ জৰিমনাও পৰিশোধ কৰিব লাগিব। TRAI- এ সকলো টেলিকম কোম্পানীক অস্বাভাৱিকভাৱে অধিক কলৰ সংখ্যা, কলৰ কম সময় আৰু ইনকামিং-আউটগয়িং কলৰ ভিত্তিত কল আৰু এছএমএছৰ আৰ্হি বিশ্লেষণ কৰিবলৈ নিৰ্দেশ দিছে। এই ভিত্তিত তেওঁলোকক স্পাম কলৰ তালিকা আৰু সংখ্যা দিবলৈ কোৱা হৈছে।

এনে প্ৰক্ৰিয়াৰ দ্বাৰা সম্ভাৱ্য স্পাম বাস্তৱ সময়ত চিনাক্ত কৰাটোও সহজ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। ‘টেলিকম বাণিজ্যিক যোগাযোগ গ্ৰাহক অগ্ৰাধিকাৰ নিয়ম’ সংশোধন কৰি টেলিকম কোম্পানীসমূহৰ ওপৰত জৰিমনা বিহাৰ এনে ব্যৱস্থা কৰা হৈছে। যদি কোম্পানীসমূহে এই নতুন নিয়মৰ বিধানসমূহ সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰে, তেন্তে তেওঁলোকৰ ওপৰত এই জৰিমনা বিহা হ’ব।

নতুনকৈ নিৰ্ধাৰিত মানদণ্ড অনুসৰি টেলিকম কোম্পানীসমূহক প্ৰথম উলংঘাৰ বাবে ২ লাখ, দ্বিতীয়টো উলংঘাৰ বাবে ৫ লাখ টকা আৰু ভুল তথ্য প্ৰদানৰ বাবে পৰৱৰ্তী উলংঘাৰ বাবে প্ৰতিটো গোচৰত ১০ লাখ টকা জৰিমনা বিহা হ’ব। ভাৰতৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাই মোবাইল ফোন ব্যৱহাৰ কৰে। আনহাতে এই জনসংখ্যাৰ এটা বৃহৎ অংশ এতিয়াও প্ৰযুক্তিগতভাৱে সাক্ষৰ নহয়।

এনে পৰিস্থিতিত অবাঞ্চিত আৰু স্পাম কলৰ জৰিয়তে বহুলোকক প্ৰৱঞ্চনাৰ চিকাৰৰ লক্ষ্য কৰি লোৱা হৈছে। চৰকাৰেও এই বিষয়ত টেলিকম গ্ৰাহকসকলক সজাগ কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াৰ এই সিদ্ধান্তই আগন্তুক সময়ত গ্ৰাহকসকলক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।