OYO Rooms লৈ আধাৰ কাৰ্ড লৈ যোৱাৰ প্ৰয়োজন নাই ! চৰকাৰৰ ডাঙৰ পদক্ষেপ…সবিশেষ জানক
ইউআইডিএআই আৰু চৰকাৰে মুকলি কৰিছে নতুন ডিজিটেল আধাৰ এপ। কিন্তু বৰ্তমান ইয়াৰ চৰকাৰী নাম প্ৰকাশ কৰা হোৱা নাই। এই এপৰ জৰিয়তে আপোনাৰ পৰিচয় কেইছেকেণ্ডমানৰ ভিতৰতে জানিব পাৰিব। ইউপিআইৰ জৰিয়তে যিদৰে ধন পৰিশোধ কৰা হয়, তেনেদৰে এই কামো একে হ’ব।

এতিয়াৰ পৰা পকেটত আধাৰ কাৰ্ড লৈ ফুৰাৰ প্ৰয়োজন নাই । মুকলি কৰা হ’ল নতুন আধাৰ এপ। সহজ হৈ পৰিল আধাৰ পৰিচয় পৰীক্ষণ। যিকোনো কামতে এতিয়াৰ পৰা QR ক’ড স্কেন কৰি আধাৰ সম্পৰ্কীয় কামবোৰ কৰিব পাৰিব । ইয়াৰ উপৰিও এই প্ৰক্ৰিয়া হোটেলত কোঠা বুকিং কৰাৰ ক্ষেত্ৰত উপযোগী হিচাপে প্ৰমাণিত হ’ব। ইউআইডিএআই আৰু চৰকাৰে মুকলি কৰিছে নতুন ডিজিটেল আধাৰ এপ। কিন্তু বৰ্তমান ইয়াৰ চৰকাৰী নাম প্ৰকাশ কৰা হোৱা নাই। এই এপৰ জৰিয়তে আপোনাৰ পৰিচয় কেইছেকেণ্ডমানৰ ভিতৰতে জানিব পাৰিব। ইউপিআইৰ জৰিয়তে যিদৰে ধন পৰিশোধ কৰা হয়, তেনেদৰে এই কামো একে হ’ব।
প্ৰকাশিত খবৰ অনুসৰি, এয়া mAadhaar এপৰ আপডেট সংস্কৰণ হ’ব পাৰে। এই এপৰ জৰিয়তে প্ৰথমে আপোনাৰ স্মাৰ্টফোনত এপটো খুলিব লাগিব। ইয়াৰ পিছত QR ক’ড স্কেন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিচয় পৰীক্ষা কৰা হ’ব। ভুৱা আধাৰ ব্যৱহাৰৰ গোচৰ ৰোধ কৰিবলৈ UIDAI য়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।
এই এপৰ ব্য়ৱহাৰ কৰা পাছত হোটেল,বেংক বা কোনো ৰাজহুৱা স্থানত আধাৰ কাৰ্ডৰ ফটো কপি দিয়াৰ প্ৰয়োজন নহ’ব। কেৱল QR ক’ড স্কেন কৰিলেই পৰিচয় পৰীক্ষা কৰিব পাৰিব। লগতে আপোনাৰ কামবোৰ সহজে কৰিব পাৰিব । এই এপটোৰ পিছত আপুনি ভেৰিফিকেচনৰ বাবে ফিংগাৰপ্ৰিণ্ট দিব নালাগিব আৰু আইৰিছ স্কেনও কৰিব নালাগিব। সত্যাপন প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল হৈ পৰিব।
আধাৰ কাৰ্ডৰ ফটো কপি নিজৰ লগত ৰাখিলে নিৰাপত্তাৰ বিপদ আছে। কেতিয়াবা কোনোবাই আপোনাৰ কপিটো লাভ কৰিলে অপব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকিব পাৰে । কিন্তু এতিয়া আপুনি পকেটত প্ৰিন্টআউট বা অৰিজিনেল আধাৰ ৰখাৰ প্ৰয়োজন নহ’ব। এতিয়া আপোনাৰ আধাৰ কপি কোনো কাৰণতে শ্বেয়াৰ কৰাৰ প্ৰয়োজন নাই । আপোনাৰ সম্পূৰ্ণ তথ্য এপটোত সংৰক্ষণ কৰা হ’ব। ইয়াৰ জৰিয়তে আপুনি আধাৰ সম্পৰ্কীয় কামবোৰ কৰিব পাৰিব ।