আকৰ্ষণীয় ফিচাৰৰ সৈতে আহি আছে OnePlus 13, ভাৰতত কেতিয়া মুকলি হ’ব জানক…
শেহতীয়াকৈ ৱানপ্লাছে নিজৰ নতুন ফ্লেগশ্বিপ ফোন ৱানপ্লাছ 13 মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটো ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ লগতে অন্যান্য দেশত মুকলি কৰা হ’ব।
প্ৰায় সংখ্যক লোকেই ৱানপ্লাছৰ স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ বাবে পচন্দ কৰে । যিসকল লোকে ৱানপ্লাছৰ স্মাৰ্টফোন ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ । শেহতীয়াকৈ ৱানপ্লাছে নিজৰ নতুন ফ্লেগশ্বিপ ফোন ৱানপ্লাছ 13 মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটো ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ লগতে অন্যান্য দেশত মুকলি কৰা হ’ব। এই ফোনটো তিনিটা ৰঙত উপলব্ধ কৰা হ’ব – মিডনাইট অ’চেন, ব্লেক আৰু আৰ্কটিক ডন।
OnePlus 13 ৰ ডিজাইন সম্পূৰ্ণ নতুন হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ X2 OLED ডিছপ্লে প্ৰদান কৰাৰ সম্ভাৱনা আছে । এই ডিছপ্লেত এডাপ্টিভ ৰিফ্ৰেছ ৰেট আছে । যিয়ে ভিডিঅ’, গেম আৰু অন্যান্য এপসমূহত ভাল অভিজ্ঞতা প্ৰদান কৰিব পাৰে। কেমেৰা মডিউলটোক নতুন ডিজাইন দিয়া হৈছে । য’ত হেচেলব্লেডৰ ল’গ’ও আছে, যিয়ে কেমেৰাৰ মানদণ্ড আৰু অধিক উন্নত কৰিব পাৰে।
OnePlus 13 ত Snapdragon 8 Elite প্ৰচেছৰ দিয়াৰ সম্ভাৱনা আছে । এই প্ৰচেছৰ সহায়ত ফোনটো ছুপাৰফাষ্ট কৰাৰ লগতে ব্যৱহাৰৰ ক্ষেত্ৰত মসৃণ কৰি তুলিব পাৰে । ইয়াৰ সমান্তৰালভাৱে এই স্মাৰ্টফোনটোত 24GB ৰেম আৰু 1TB ষ্ট’ৰেজৰ বিকল্প থাকিব পাৰে। যদি অনুমান কৰাৰ ধৰেণেই এই ফিচাৰখিনি প্ৰদান কৰা হয় তেন্তে ব্যৱহাৰকাৰীয়ে কোনো এপ বা গেম খেলাত কোনো সমস্যাৰ সন্মুখীন নহয়।
ইয়াৰ কেমেৰা ছেটআপত তিনিটা 50 MP কেমেৰা থাকিব পাৰে। প্ৰথমটো কেমেৰা OIS (Optical Image Stabilization) ৰ সৈতে, দ্বিতীয়টো 3x পেৰিস্কোপ লেন্স আৰু তৃতীয়টো আল্ট্ৰাৱাইড কেমেৰা দিয়াৰ সম্ভাৱনা আছে । একেদৰে এই ফোনটোত 6000mAh ৰ শক্তিশালি বেটাৰী প্ৰদান কৰিব পাৰে । লগতে 100W তাঁৰযুক্ত আৰু ৫০W বেতাঁৰ চাৰ্জিং সমৰ্থন কৰিব পাৰে।
ভাৰতত OnePlus 13 ৰ আৰম্ভণিৰ মূল্য প্ৰায় ৬৫ হাজাৰ টকা হোৱাৰ সম্ভাৱনা আছে। এই ফোনটোৱে প্ৰিমিয়াম ছেগমেণ্টত আইফোন আৰু চেমচাঙৰ সৈতে কঠোৰ প্ৰতিযোগিতা কৰিব পাৰে ।