5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Online Pan card: অনলাইনত পান কাৰ্ডৰ ভুল তথ্য কেনেকৈ শুধৰণি কৰিব ?

আপোনাৰ পান কাৰ্ডৰ তথ্য যদি ভুল হৈ থাকে তেন্তে আপুনি বিপদত পৰিব পাৰে । গতিকে আপুনি পান কাৰ্ডৰ ভুল তথ্য অতি সোনকালে শুধৰণি কৰাটো অতি প্ৰয়োজন । মনকৰিবলগীয়া যে, আপুনি পান কাৰ্ডৰ ভুল তথ্য অনলাইনতে শুধৰণি কৰিব পাৰে ।

Online Pan card: অনলাইনত পান কাৰ্ডৰ ভুল তথ্য কেনেকৈ শুধৰণি কৰিব ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 07 Oct 2024 21:51 PM

বৰ্তমান সময়ত প্ৰতিটো চৰকাৰী-বেচৰকাৰী কামৰ বাবে পান কাৰ্ড(PAN card)ৰ প্ৰয়োজন হয় । পান কাৰ্ডক পৰিচয় পত্ৰ(ID-proof) হিচাপেও ব্যৱহাৰ কৰা হয় । এনে পৰিপ্ৰেক্ষিত আপোনাৰ পান কাৰ্ডৰ তথ্য যদি ভুল হৈ থাকে তেন্তে আপুনি বিপদত পৰিব পাৰে । গতিকে আপুনি পান কাৰ্ডৰ ভুল তথ্য অতি সোনকালে শুধৰণি কৰাটো অতি প্ৰয়োজন । মনকৰিবলগীয়া যে, আপুনি পান কাৰ্ডৰ ভুল তথ্য অনলাইনতে শুধৰণি কৰিব পাৰে । পান কাৰ্ডত যিকোনো ধৰণৰ তথ্য সংশোধনৰ বাবে তলত দিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটো অনুসৰণ কৰক ।

অনলাইনত পান কাৰ্ড শুধৰণি প্ৰক্ৰিয়া

  • অনলাইনত পান কাৰ্ডৰ তথ্য সংশোধনৰ বাবে আপুনি বেছি কাম বা ক’লৈকো যোৱাৰ প্ৰয়োজন নাই ।
  • ইয়াৰ বাবে প্ৰথমে ইনকম টেক্স ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট (www.incometaxindia.gov.in) লৈ যাওক।
  • আপোনাৰ পান নম্বৰ দিয়ক আৰু লগ ইন কৰক, এই কাম কৰাৰ পিছত পান কাৰ্ডৰ তথ্য় সংশোধনৰ বিকল্প বাছনি কৰক।
  • এতিয়া আপোনাক দিয়া সকলো বিৱৰণ পূৰণ কৰক, ইয়াৰ বাহিৰেও সকলো প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক।
  • এই কাম কৰাৰ পাছত ফৰ্মখন জমা দিব, ইয়াৰ বাবে আপুনি প্ৰায় ১০৬ টকা সংশোধন মাচুল দিব লাগিব।
  • মাচুল দিয়াৰ পিছত submit option ত ক্লিক কৰক, submit ত ক্লিক কৰাৰ পিছত এখন ৰচিদ আহিব।
  • ৰচিদত দিয়া নম্বৰৰ জৰিয়তে আপুনি ট্ৰেক কৰিব পাৰিব আৰু জানিব পাৰিব যে, সংশোধন কৰা পান কাৰ্ডখন কেতিয়া আপোনাৰ হাতলৈ আহিব। ইয়াৰ উপৰিও যদি আপুনি বিচাৰে তেন্তে NSDL e-Gov portal ত গৈও PAN card ত correction কৰিব পাৰিব।

অফলাইন পান কাৰ্ডত শুধৰণি

যদি আপুনি অনলাইন সংশোধনৰ পৰিৱৰ্তে অফলাইনত সংশোধন কৰিব বিচাৰে তেন্তে তলত দিয়া প্ৰক্ৰিয়াৰ জৰিয়তে পান কাৰ্ডৰ তথ্য শুধৰণি কৰিব পাৰিব।

প্ৰথমে আপুনি আপোনাৰ ঘৰৰ ওচৰৰ পান সেৱা কাৰ্যালয়লৈ যাব লাগিব । কাৰ্যালয়ত গৈ আপুনি পান কাৰ্ড শুধৰণিৰ বাবে এখন ফৰ্ম পূৰণ কৰিব লাগিব। প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত সেই প্ৰ-পত্ৰৰ লগত প্ৰয়োজনীয় নথি-পত্ৰ সংলগ্ন কৰিব লাগিব । নথি-পত্ৰ সঠিকভাৱে সংলগ্ন কৰাৰ পিছত প্ৰ-পত্ৰ জমা দিব। ইয়াৰ পিছত আপডেট কৰা পান কাৰ্ড কেইদিনমানৰ পিছত ডাক সেৱাৰ জৰিয়তে লাভ কৰিব ।

Latest News