Paris Olympic 2024 Ceremony: ঘৰৰ পৰাই বিনামূলীয়াকৈ চাওক অলিম্পিকৰ লাইভ অনুষ্ঠান | Paris Olympic 2024 opening ceremony live streaming Assam news - Assam Tv9

Paris Olympic 2024 Ceremony: ঘৰৰ পৰাই বিনামূলীয়াকৈ উপভোগ কৰক অলিম্পিকৰ লাইভ অনুষ্ঠান

যদি আপুনি ঘৰত বহি পেৰিছ অলিম্পিক ২০২৪ উদ্বোধনী অনুষ্ঠান লাইভ চাব বিচাৰে। তেন্তে আপুনি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে ফোনত এই এপটো ইনষ্টল কৰিব লাগিব। আহক চাও সেই এপটো কি আৰু ভাৰতীয় সময় অনুসৰি পেৰিছ অলিম্পিক ২০২৪ ৰ উদ্বোধনী অনুষ্ঠান কিমান সময়ত আৰম্ভ হ'ব?

Paris Olympic 2024 Ceremony: ঘৰৰ পৰাই বিনামূলীয়াকৈ উপভোগ কৰক অলিম্পিকৰ লাইভ অনুষ্ঠান

পেৰিছ অলিম্পিক ২০২৪

Updated On: 

25 Jul 2024 14:05 PM

পেৰিছ অলিম্পিক ২০২৪ কাউন্টডাউন আৰম্ভ হৈছে, পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠান কাইলৈ অৰ্থাৎ ২৬ জুলাইত হ’ব। যদি আপুনি পেৰিছ অলিম্পিক ২০২৪-ৰ উদ্বোধনী অনুষ্ঠানটো ঘৰত বহি লাইভ চাব বিচাৰে, তেন্তে আজি আমি আপোনাক এটা উপায় ক’ম যাৰ সহায়ত আপুনি বিনামূলীয়াকৈ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিবলৈ সক্ষম হ’ব।

পেৰিছ অলিম্পিক ২০২৪ত ১১৭জন ভাৰতীয় খেলুৱৈকে ধৰি ২০০খনতকৈও অধিক দেশৰ প্ৰায় ১০,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। পেৰিছ অলিম্পিক ২৬ জুলাইত ২০২৪ৰ পৰা আৰম্ভ হ’ব আৰু ১১ আগষ্টত সমাপ্ত হ’ব।

পেৰিছ অলিম্পিক ২০২৪ উদ্বোধনী অনুষ্ঠান ২৬ জুলাই ২০২৪ তাৰিখে নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব। যি পিছদিনা ২৭ জুলাইৰ নিশা ২ বজালৈ চলিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, যিসকলে ভাৰতত অলিম্পিক গেমছ পছন্দ কৰে তেওঁলোকে কেনেকৈ অনুষ্ঠানটো চাব পাৰিব, সেয়াও বিনামূলীয়া? আজি আমি এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ আছোঁ।

 

Paris Olympic 2024 Live Streaming: এনেদৰে বিনামূলীয়া লাইভ ষ্ট্ৰীমিং চাওক

পেৰিছ অলিম্পিক ২০২৪ৰ উদ্বোধনী অনুষ্ঠান ভাৰতীয় সময় মতে ২৬জুলাই ২০২৪ তাৰিখে নিশা ১১ বজাত আৰম্ভ হ’ব। অনুষ্ঠানটোৰ লাইভ ষ্ট্ৰীমিং চাবল, আপুনি কেৱল মোবাইল ফোনত ৰিলায়েন্স জিঅ’ কোম্পানীৰ Jio Cinema App ডাউনলোড আৰু ইনষ্টল কৰিব লাগিব। আপুনি এই এপটো গুগল প্লে ষ্টোৰ আৰু এপ’ল এপ ষ্টোৰত সহজে বিচাৰি পাব।

ফোনটোত জিঅ’ চিনেমা এপটো ইনষ্টল কৰাৰ পাছত আপুনি কেৱল ফোন নম্বৰটো দি কৰি এপটোত লগ ইন কৰিব লাগিব। এপটোত লগ ইন কৰাৰ পাছত পেৰিছ অলিম্পিক ২০২৪ৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে
আপুনি বিনামূলীয়াকৈ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিবলৈ সক্ষম হ’ব।

কেৱল জিঅ’ চিনেমা এপতে নহয়, জিঅ’ চিনেমাৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰি, আপুনি অনুষ্ঠানটোৰ লাইভ ষ্ট্ৰীমিং চাবলৈ সক্ষম হ’ব।লগতে আপুনি পেৰিছ অলিম্পিক গেমছৰ সৈতে সম্পৰ্কিত প্ৰতিটো সৰু আৰু ডাঙৰ আপডেটৰ বাবে tv9sportsৰ সৈতেও সংযুক্ত হ’ব পাৰে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?