Infinix GT 20 Pro Launch Date: Infinix ব্ৰেণ্ডৰ এই শেহতীয়া ফোনটো অহা সপ্তাহত ২১ মে’ত দুপৰীয়া ১২ বজাত মুকলি কৰা হ’ব। লঞ্চৰ পিছত এই ইনফিনিক্স ফোনটো ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব।
Infinix GT 20 Pro Specifications: এই ফোনত তিনিটা ৰঙৰ বিকল্প, 144 হাৰ্টজ ৰিফ্ৰেছ ৰেট, মিডিয়াটেক ডাইমেনচন 8200 আলটিমেট, ভিচি লিকুইড কুলিং, 24 জিবি ৰেমলৈকে, 256 জিবি ষ্ট’ৰেজ, 6.78 ইঞ্চি ফুল-এইচডি প্লাছ স্ক্ৰীণ পোৱা যাব।
Realme GT 6T Launch Date: এই Realme স্মাৰ্টফোনটো অহা সপ্তাহত ২২ মে’ত দুপৰীয়া ১২ বজাত মুকলি কৰা হ’ব। অফিচিয়েল লঞ্চৰ পিছত কোম্পানীটোৰ অফিচিয়েল চাইটৰ বাহিৰেও আমাজনৰ পৰা এই হেণ্ডছেটটো ক্ৰয় কৰিব পাৰিব।
Realme GT 6T Specifications: লঞ্চৰ পূৰ্বে আমাজনত ফোনটোৰ বাবে নিৰ্মিত পেজৰ পৰা বিশেষ বৈশিষ্ট্য নিশ্চিত কৰা হৈছে। ফোনটোত থাকিব স্নেপড্ৰেগন 7 প্লাছ জেনেৰেচন 3 প্ৰচেছৰ, 10 মিনিটত 50 শতাংশ চাৰ্জ, 5500 এমএএইচ বেটাৰী, 120 ৱাট ফাষ্ট চাৰ্জিং, কুলিং চিষ্টেম আৰু 6000 নিট পিক ব্ৰাইটনেছ।
Poco F6 Launch Date: এই Poco স্মাৰ্টফোনটো অহা সপ্তাহত ২৩ মে’ত বিয়লি ৪:৩০ বজাত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। লঞ্চৰ পিছত ফ্লিপকাৰ্টৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব।
Poco F6 Specifications: ফ্লিপকাৰ্টত ফোনটোৰ বাবে এটা সুকীয়া পেজ প্ৰস্তুত কৰা হৈছে, য’ৰ পৰা বিশেষ বৈশিষ্ট্য নিশ্চিত কৰা হৈছে। ফোনটোত থাকিব স্নেপড্ৰেগন 8 এছ জেনেৰেচন 3 প্ৰচেছৰ, টাইটানিয়াম গোল্ড আৰু ব্লেক ৰঙৰ বিকল্প, প’কো আইচলুপ চিষ্টেম।