Secure Your Instagram Account : হেকাৰ পৰা Instagram একাউণ্ট সুৰক্ষিত কৰিবলৈ এইকেইটা কাম কৰক…

অপৰাধী মনৰ লোকে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে মানুহৰ কাম-কাজ অনুসৰণ কৰে। যিটো বৰ্তমান সময়ত অতি বিপদজনক । এই ক্ষেত্ৰত আপুনি কেনেদৰে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো সুৰক্ষিত কৰিব পাৰিব? জানক

Secure Your Instagram Account : হেকাৰ পৰা Instagram একাউণ্ট সুৰক্ষিত কৰিবলৈ এইকেইটা কাম কৰক...

ইনষ্টাগ্ৰাম

Updated On: 

03 Nov 2024 13:29 PM

আমাৰ দৈনন্দিন জীৱনত সামাজিক মাধ্যম যেনে- ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ প্ৰভাৱ কি হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই । আজিৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই সামাজিক মাধ্যম ব্যৱহাৰ কৰে । বন্ধু-বান্ধৱী, পৰিয়াল আৰু আত্মীয়ৰ সৈতে সংযোগ স্থাপনত ছচিয়েল মিডিয়া এপ ইনষ্টাগ্ৰামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সকলোবোৰৰ মাজতে ইনষ্টাগ্ৰামো একাংশ লোকৰ বাবে বিপদজনক বুলি প্ৰমাণিত হৈছে।

বহু ঘটনাত প্ৰমাণিত হয় যে,অপৰাধী মনৰ লোকে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে মানুহৰ কাম-কাজ অনুসৰণ কৰে। যিটো বৰ্তমান সময়ত অতি বিপদজনক । কোনো লোকে আপোনাক সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে অনুসৰণ কৰিব পাৰে আৰু আপোনাৰ ব্যক্তিগত তথ্য আহৰণ কৰিব পাৰে । যাৰ জৰিয়তে পিছত আপোনাৰ গোপনীয়তা নষ্ট হোৱাৰ সম্ভাৱনা থাকিব পাৰে । এই ক্ষেত্ৰত আপুনি কেনেদৰে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো সুৰক্ষিত কৰিব পাৰিব? জানক

একাউণ্ট প্ৰাইভেট

ইনষ্টাগ্ৰামত ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাবে বহু বৈশিষ্ট্য প্ৰদান কৰা হৈছে । আপুনি আপোনাৰ একাউণ্টটোৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাইভেট কৰি থ’ব পাৰে । যেতিয়া আপুনি আপোনাৰ একাউণ্ট প্ৰাইভেট কৰিব, তেতিয়া আপোনাৰ অনুগামী বিপৰীতে যিকোনো ব্যক্তিয়ে আপোনাৰ একাউণ্টত পোষ্ট কৰা তথ্যসমূহ চাব নোৱাৰে বা আপোনাৰ একাউণ্টৰ জৰিয়তে আপোনাৰ কাম-কাজ অনুসৰণ কৰিব নোৱাৰে ।

ফেচবুক আৰু ইনষ্টাগ্ৰাম লিংক

মেটা হৈছে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল কোম্পানী। এই কাৰণেই মেটাত ফেচবুক আৰু ইনষ্টাগ্ৰাম লিংক কৰাৰ অনুমতি দিয়া হৈছে। ফেচবুকত কিবা পোষ্ট কৰিলে ইনষ্টাগ্ৰামত শ্বেয়াৰ হয় আৰু ইনষ্টাগ্ৰামত কিবা পোষ্ট কৰিলে স্বয়ংক্ৰিয়ভাৱে ফেচবুকত শ্বেয়াৰ হয়। বিভিন্ন ক্ষেত্ৰৰ মানুহ আপোনাৰ লগত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে যোগ হয় । এনে পৰিস্থিতিত যদি আপুনি দুয়োটা একাউণ্টৰ পোষ্ট শ্বেয়াৰ কৰাৰ বিকল্প বন্ধ কৰে, তেন্তে আপোনাৰ কাৰ্যকলাপ অনুসৰণ কৰাটো কঠিন হৈ পৰিব।

ঘনিষ্ঠ বন্ধুৰ তালিকা এখন বনাওক(Close Friend List)

ইনষ্টাগ্ৰামত আপুনি ঘনিষ্ঠ বন্ধুৰ তালিকা তৈয়াৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ পোষ্টসমূহ মাত্ৰ কেইজনমান লোকেহে চাব পাৰিব । অৰ্থাৎ আপুনি চিনি নোপোৱা কোনো লোকে আপোনাৰ পোষ্ট আৰু তথ্যসমূহ চাব আৰু অনুসৰণ কৰিব নোৱাৰিব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস