ৰতন টাটাৰ প্ৰতি অফুৰন্ত প্ৰেমঃ মৃত্যুৰ পিছতে ইনষ্টাগ্ৰামত প্ৰকাশ পাইছে প্ৰেমৰ এনে ছবি… | Ratan Tata death followers increased in instagram Assam news - Assam Tv9

Ratan Tata: ৰতন টাটাৰ প্ৰতি অফুৰন্ত প্ৰেমঃ মৃত্যুৰ পিছতে ইনষ্টাগ্ৰামত প্ৰকাশ পাইছে প্ৰেমৰ এনে ছবি…

নিজ জীৱনত অনন্য মানৱ সেৱাৰে দেশৰ লগতে বিশ্বজুৰি সন্মান আদায় কৰিছে ৰতন টাটাই। মানৱ সেৱাৰ এই অতুলনীয় গুণৰ বাবেই অজস্ৰ গুণমুগ্ধৰে আৱৰি ৰাখিছিল ৰতন টাটাৰ জীৱন। সেয়ে তেওঁৰ মৃত্যুৰ খবৰে শোকবিহ্বল কৰি তুলিছিল প্ৰতিগৰাকী লোকক। টাটাৰ প্ৰতি জনসাধাৰণৰ এই প্ৰেম এতিয়া প্ৰকাশ পাইছে সামাজিক মাধ্যমতো।

Ratan Tata: ৰতন টাটাৰ প্ৰতি অফুৰন্ত প্ৰেমঃ মৃত্যুৰ পিছতে ইনষ্টাগ্ৰামত প্ৰকাশ পাইছে প্ৰেমৰ এনে ছবি…

ইনষ্টাগ্ৰামত বৃদ্ধি পাইছে ৰতন টাটাৰ অনুৰাগী

Updated On: 

14 Oct 2024 20:43 PM

যোৱা বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই। ৰতন টাটাৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিজ জীৱনত অনন্য মানৱ সেৱাৰে দেশৰ লগতে বিশ্বজুৰি আদায় কৰিছে সন্মান। মানৱ সেৱাৰ এই অতুলনীয় গুণৰ বাবেই অজস্ৰ গুণমুগ্ধৰে আৱৰি ৰাখিছিল ৰতন টাটাৰ জীৱন। সেয়ে তেওঁৰ মৃত্যুৰ খবৰে শোকবিহ্বল কৰি তুলিছিল প্ৰতিগৰাকী লোকক। টাটাৰ প্ৰতি জনসাধাৰণৰ এই প্ৰেম এতিয়া প্ৰকাশ পাইছে সামাজিক মাধ্যমতো।

বাস্তৱ জীৱনত অলেখ গুণমুগ্ধ তথা অনুৰাগীৰে আৱৰি ৰখা টাটাৰ সামাজিক মাধ্যমতো বৃদ্ধি পাইছে এতিয়া ব্যাপক অনুগামী। মৃত্যুৰ এই ৪ দিনত ৰতন টাটাৰ অনুগামী ১০ লাখতকৈও অধিক বৃদ্ধি পাইছে। ছচিয়েল মিডিয়াত ৰতন টাটাৰ সন্দৰ্ভত এই কেইদিনত বহু স্মৃতি শ্বেয়াৰ কৰা হৈছে। ৰতন টাটাক ফ’ল’ নকৰা লোকসকলেও এতিয়া তেওঁক ফ’ল’ কৰি তেওঁৰ পোষ্টৰ তলত কমেন্ট কৰি দুখ প্ৰকাশ কৰিছে।

মৃত্যুৰ দিনটোলৈকে ৰতন টাটাক তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় এক কোটি লোকে অনুসৰণ কৰিছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছৰ ৪ দিনৰ ভিতৰত তেওঁৰ অনুগামী ১০ লাখ বৃদ্ধি পাইছে। কোটি কোটি ফ’ল’ৱাৰ থকাৰ পাছতো ইনষ্টাগ্ৰামত মাত্ৰ ৬৭টা পোষ্টহে শ্বেয়াৰ কৰিছিল টাটাই। এই পোষ্টসমূহত টাটাৰ প্ৰতি প্ৰেম তথা সন্মান প্ৰদৰ্শন কৰিছে অনুৰাগীসকলে। পিছে ইমানসংখ্যক ফ’ল’ৱাৰৰ ভিতৰত ৰতন টাটাই মাত্ৰ ২টা একাউণ্টহে ফ’ল’ কৰিছিল।

তেওঁৰ এই ফ’ল’ৱিং লিষ্টত মাত্ৰ ২টা নামহে আছে- প্ৰথম নামটো হৈছে মুম্বাইস্থিত এখন ক্ষুদ্ৰ পশু চিকিৎসালয়ৰ আৰু দ্বিতীয়টো হৈছে টাটা ট্ৰাষ্ট। উল্লেখ্য যে ৰতন টাটাৰ এক্স প্লেটফৰ্মতো কোটিৰ অধিক ফ’ল’ৱাৰ আছে। ইনষ্ট্ৰাগ্ৰামৰ দৰে এতিয়া এক্স প্লেটফৰ্মতো তেওঁৰ  অনুগামীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আনহাতে ৰতন টাটাই মাত্ৰ ৭ জন লোকক এক্স প্লেটফৰ্মত ফ’ল’ বেক কৰিছে।

উল্লেখ্য যে যোৱা ৭ অক্টোবৰত, অৰ্থাৎ মৃত্যুৰ দুদিন পূৰ্বে ৰতন টাটাই ইনষ্টাগ্ৰামত তেওঁৰ শেষৰটো পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটোত তেওঁ নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰকাশ কৰি তেওঁক লৈ চিন্তিত হোৱা লোকসকলক ধন্যবাদ জনাইছিল। ৰতন টাটাৰ এই পোষ্টটো প্ৰায় ২,৬৬৪,১২৪ জন লোকে লাইক কৰিছে আৰু হাজাৰ হাজাৰ লোকে মন্তব্য কৰিছে।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?