৯ ডিচেম্বৰত মুকলি হ’ব Redmi Note 14 ছিৰিজ, এই স্মাৰ্টফোনৰ বিশেষত্ব কি জানক…
৯ ডিচেম্বৰত Xiaomi India ই মুকলি কৰিবলৈ গৈ আছে Redmi Note 14 ছিৰিজ । Redmi Note 14 5G, Redmi Note 14 Pro আৰু Redmi Note 14 Pro Plus এই তিনিটা ভেৰিয়েণ্টত Redmi Note 14 ছিৰিজ মুকলি কৰিব Xiaomi India ই ।
![৯ ডিচেম্বৰত মুকলি হব Redmi Note 14 ছিৰিজ, এই স্মাৰ্টফোনৰ বিশেষত্ব কি জানক... ৯ ডিচেম্বৰত মুকলি হব Redmi Note 14 ছিৰিজ, এই স্মাৰ্টফোনৰ বিশেষত্ব কি জানক...](https://images.assamtv9.com/uploads/2024/12/new-smartPhone-10.jpg?q=50&w=1280)
Xiaomi India ৰ নতুন স্মাৰ্টফোন( ফটো-এক্স হেণ্ডেল)
আপুনি নতুন ফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে অপেক্ষা কৰক । ৯ ডিচেম্বৰত Xiaomi India ই মুকলি কৰিবলৈ গৈ আছে Redmi Note 14 ছিৰিজ । Redmi Note 14 5G, Redmi Note 14 Pro আৰু Redmi Note 14 Pro Plus এই তিনিটা ভেৰিয়েণ্টত Redmi Note 14 ছিৰিজ মুকলি কৰিব Xiaomi India ই ।
মুকলিৰ পূৰ্বেই Xiaomi ৰ এই ছিৰিজৰ স্মাৰ্টফোনে ইতিমধ্যে গ্ৰাহকক আকৰ্ষিত কৰিছে । এই স্মাৰ্টফোন মুকলি পাছতে ই-কৰ্মাচ প্লেটফৰ্মত উপলব্ধ হ’ব বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে । আমাজন আৰু Xiaomi India ৰ অফিচিয়েল টিজাৰ অনুসৰি, Redmi Note 14 5G ত 50MP চ’নী LYT-600 প্ৰাইমেৰী কেমেৰাৰ সৈতে অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) থাকিব। ছেকেণ্ডাৰী আৰু ফ্ৰন্ট কেমেৰাৰ কনফিগাৰেচন চীনা সংস্কৰণৰ সৈতে একে হ’ব বুলি আশা কৰা হৈছে ।
A design so sleek, you’ll never want to put it down. The #RedmiNote14 5G is where elegance meets everyday practicality.
Ready to elevate your vibe?
Launching on 9th December.
Know more: https://t.co/CC42tcTiUt#SuperNote #SuperCameraSuperAI pic.twitter.com/lCDJpmQhLd— Xiaomi India (@XiaomiIndia) December 6, 2024
ইয়াৰ লগতে Xiaomi AI এচিষ্টেণ্ট, AiMi অন্তৰ্ভুক্ত কৰা হৈছে। যদিহে ই চীনা মডেলৰ স্পেচিফিকেশন অনুসৰণ কৰে, তেন্তে ডিভাইচটোত 120Hz ৰিফ্ৰেছ ৰেট, 2,100 নিটৰ উজ্জ্বলতা আৰু কৰ্নিং গৰিলা গ্লাছ প্ৰটেকচনৰ সৈতে 6.67 ইঞ্চি ফোল-এইচডি+ এমোলেড স্ক্ৰীণ থাকিব। ভাৰতীয় ভেৰিয়েণ্টত MediaTek Dimensity 7025 Ultra SoC আৰু IP64-rated ডিজাইন থকাৰ সম্ভাৱনা আছে ।
লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা খবৰ অনুসৰি 45W ৰ ফাষ্ট চাৰ্জিং চাপৰ্টৰ সৈতে শক্তিশালী 5,110mAh বেটাৰী প্ৰদান কৰাৰ সম্ভাৱনা আছে । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি HyperOS 2.0 ৰ সৈতে মুকলি কৰাৰ সম্ভাৱনা আছে। মূল্য নিৰ্ধাৰণৰ সবিশেষ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।