জিঅ’ ফাইবাৰৰ 100 mbps প্লেনত কি কি সুবিধা লাভ কৰিব ? জানক
কোম্পানীয়ে এনে এক ইণ্টাৰনেট প্লেন আৰম্ভ কৰিছে, যিয়ে ব্যৱহাৰকাৰীৰ সকলো প্ৰয়োজন পূৰণ কৰিব। ৰিলায়েন্স জিঅ’ এয়াৰফাইবাৰৰ এই প্লেনত আপুনি 100 mbpsৰ গতি লাভ কৰিব।

জিঅ’ এয়াৰফাইবাৰ প্লেন
জিঅ’ এয়াৰফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই আৰম্ভ কৰিছে আকৰ্ষণীয় ইণ্টাৰনেট প্লেন । উল্লেখ্য যে, টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই মানুহৰ ঘৰলৈ বেতাঁৰ ইন্টাৰনেট সেৱা প্ৰদানৰ বাবে আৰম্ভ কৰিছে জিঅ’ এয়াৰফাইবাৰ। এতিয়া এই সেৱাৰ অধীনত কোম্পানীয়ে এনে এক ইণ্টাৰনেট প্লেন আৰম্ভ কৰিছে, যিয়ে ব্যৱহাৰকাৰীৰ সকলো প্ৰয়োজন পূৰণ কৰিব।
ৰিলায়েন্স জিঅ’ এয়াৰফাইবাৰৰ এই প্লেনত আপুনি 100 mbpsৰ গতি লাভ কৰিব। মন কৰিবলগীয়া যে, Jio AirFiber ত 5G ইন্টাৰনেট স্পীড পাব। জিঅ’ এয়াৰফাইবাৰক 5G FWA (Fixed Wireless Access) বুলিও কোৱা হয়।
ৰিলায়েন্স জিঅ’ ফাইবাৰৰ 100 mbps প্লেনত ব্যৱহাৰকাৰীয়ে উৎকৃষ্ট সংযোগ লাভ কৰিব । কেৱল এয়াই নহয়, ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে গোটেই এবছৰৰ বাবে এই প্লেন ল’ব পাৰে। যদি এই প্লেন এবছৰৰ বাবে লোৱা হয়, তেন্তে ব্যৱহাৰকাৰীয়ে অধিক সুবিধা লাভ কৰে। অৱশ্যে ইচ্ছা কৰিলে এমাহ বা ৩ মাহৰ ট্ৰাইল পেক ল’ব পাৰিব ব্যৱহাৰকাৰীয়ে ।
যদি আপুনি এই প্লেন এবছৰৰ বাবে লয় তেন্তে কোম্পানীয়ে আপোনাক এটা বিনামূলীয়া চেট-টপ বক্স দিব। অৱশ্যে ১ মাহৰ পৰিকল্পনাতো চেট-টপ বক্স বিনামূলীয়াকৈ পাব। কোম্পানীয়ে এবছৰৰ প্লেনৰ বাবে ইনষ্টলেচন মাচুল ৰেহাই দিয়ে।
জিঅ’ এয়াৰফাইবাৰৰ দুটা 100 mbps স্পীড প্লেন আছে । প্ৰতিমাহে ৮৯৯ টকাত উপলব্ধ এই প্লেনত আপুনি আনলিমিটেড ইণ্টাৰনেটৰ লগতে কিছুমান সীমিত অ’টিটি প্লেটফৰ্মৰ সুবিধা লাভ কৰে। আনহাতে প্ৰতিমাহে ১১৯৯ টকাৰ পৰিকল্পনাত আপুনি সীমাহীন ইণ্টাৰনেটৰ লগতে বহু অ’টিটিৰ প্লেটফৰ্মৰ সুবিধা লাভ কৰিব ।
৮৯৯ টকীয়া প্লেনত আপুনি Disney+ Hotstar, ZEE5, SonyLIV, JioCinema Premium, SunNXT, Hoichoi, Discovery+, ALTBalaji, Eros Now, LionsgatePlay, ETVWin (via JioTV+) আৰু ShemarooMe দৰে অ’টিটিৰ সুবিধা লাভ কৰিব।
প্ৰতিমাহে ১,১৯৯ টকাৰ প্লেনত ওপৰত উল্লেখ কৰা সকলো অ’টিটিৰ বাহিৰেও আপুনি Netflix, এAmazon Prime Lite আৰু YouTube Premium ৰ সুবিধাও পাব।