Reliance Jio ই মুকলি কৰিলে সস্তীয়া ISD ৰিচাৰ্জ প্লেন, জানক ইয়াৰ সুবিধাৰ বিষয়ে…

জিঅ’ৰ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেনে আমেৰিকা, কানাডা, ব্ৰিটেইন, চৌদি আৰৱৰ দৰে দেশলৈ সুলভ মূল্যত ফোন কৰাৰ সুবিধা প্ৰদান কৰে। Jio ৰ নতুন ISD ৰিচাৰ্জ প্লেন চাওঁ আহক।

Reliance Jio ই মুকলি কৰিলে সস্তীয়া ISD ৰিচাৰ্জ প্লেন, জানক ইয়াৰ সুবিধাৰ বিষয়ে...

ৰিলায়েন্স জিঅ'ৰ ৰিচাৰ্জ প্লেন

Updated On: 

12 Oct 2024 22:04 PM

দেশৰ আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই ৩৯ টকাৰ নতুন ৰিচাৰ্জ প্লেন মুকলি কৰিছে। এই নতুন ৰিচাৰ্জ প্লেনটো কোম্পানীটোৰ আটাইতকৈ কম খৰচী আই এছ ডি প্লেন হিচাপে পৰিগণিত হৈছে । আন্তঃৰাষ্ট্ৰীয় কলৰ বাবে এই প্লেনৰ সুবিধা ল’ব পাৰে। ইয়াৰ উপৰিও কোম্পানীটোৱে আৰু বহুতো সস্তীয়া আই এছ ডি ৰিচাৰ্জ প্লেন মুকলি কৰিছে।

জিঅ’ৰ এই প্লেনৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ফোন কৰা গ্ৰাহকক সুলভ মূল্যত আই এছ ডি মিনিট প্ৰদান কৰা। জিঅ’ৰ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেনে আমেৰিকা, কানাডা, ব্ৰিটেইন, চৌদি আৰৱৰ দৰে দেশলৈ সুলভ মূল্যত ফোন কৰাৰ সুবিধা প্ৰদান কৰে। Jio ৰ নতুন ISD ৰিচাৰ্জ প্লেন চাওঁ আহক।

ৰিলায়েন্স জিঅ’ৰ সস্তীয়া আই এছ ডি ৰিচাৰ্জ প্লেন

  • বাংলাদেশ, ব্ৰিটেইন, চৌদি আৰব, নেপাল, চীন, জাৰ্মানী, নাইজেৰিয়া, পাকিস্তান, কাটাৰ, নিউজিলেণ্ড, শ্ৰীলংকা, ছুইজাৰলেণ্ড, স্পেইন আৰু ইণ্ডোনেছিয়া আদি বহু দেশৰ আই এছ ডি হাৰ সালসলনি কৰিছে ৰিলায়েন্স জিঅ’ই।
  • আমেৰিকা আৰু কানাডাৰ বাবে সস্তীয়া আন্তঃৰাষ্ট্ৰীয় কল প্লেন মুকলি কৰিছে Jio ই । Jio ৰ ৩৯ টকা প্লেনত ৩০ মিনিটৰ টক টাইম পাব আৰু এই প্লেনৰ বৈধতা ৭ দিনৰ বাবে।
  • Jio ই  বাংলাদেশৰ বাবে ৪৯ টকীয়া প্লেন মুকলি কৰিছে , য’ত ২০ মিনিট কথা পাতিব পাৰিব ।
  • Jio ই ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া আৰু হংকঙৰ বাবে ৫৯ টকীয়া ৰিচাৰ্জ প্লেন মুকলি কৰিছে। য’ত ১৫ মিনিটৰ টক টাইম লাভ কৰিব ।
  • যদি আপুনি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ কল কৰিব বিচাৰে, তেন্তে ৬৯ টকীয়া প্লেন সুবিধা গ্ৰহণ কৰিব পাৰে । এই প্লেনত ১৫ মিনিটৰ টক টাইম পাব।
  • যদি ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, স্পেইনলৈ কল কৰিব বিচাৰে, তেন্তে ৭৯ টকাৰ প্লেনৰ সুবিধা গ্ৰহণ কৰিব পাৰে । এই প্লেনত ১০ মিনিট টক টাইম লাভ কৰিব ।
  • চীন, জাপান আৰু ভূটানৰ বাবে ৮৯ টকাৰ ৰিচাৰ্জ প্লেন মুকলি কৰিছে Jio ই । ইয়াত ৭ দিনৰ বৈধতাৰে ১৫ মিনিটৰ টক টাইম পাব।
  • Jio ই ইউ এ ই, চৌদি আৰব, তুৰ্কি, কুৱেইট আৰু বাহৰেইনৰ বাবে ৯৯ টকাৰ ৰিচাৰ্জ প্লেন আগবঢ়াইছে। ফোন কৰিবলৈ ১০ মিনিটৰ টক টাইম লাভ কৰিব ।
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...