Jio গ্ৰাহকৰ বাবে আম্বানীৰ আকৰ্ষণীয় অফাৰ, ২ বছৰৰ বাবে লাভ কৰক ইউটিউব প্ৰিমিয়ামৰ বিনামূলীয়া চাবস্ক্ৰিপচন
জিঅ’ৰ নতুন অফাৰৰ অধীনত ব্যৱহাৰকাৰীসকলক ইউটিউব প্ৰিমিয়ামৰ বিনামূলীয়া চাবস্ক্ৰিপচন প্ৰদান কৰা হৈছে । উল্লেখ্য যে, এই অফাৰৰ সুবিধা কেৱল Jio ব্ৰডবেণ্ড প্লেনৰ সৈতেহে উপলব্ধ হ’ব।
টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই ব্যৱহাৰকাৰীসকলৰ বাবে ২০২৫ চনৰ পহিলাতে আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। জিঅ’ৰ নতুন অফাৰৰ অধীনত ব্যৱহাৰকাৰীসকলক ইউটিউব প্ৰিমিয়ামৰ বিনামূলীয়া চাবস্ক্ৰিপচন প্ৰদান কৰা হৈছে । উল্লেখ্য যে, এই অফাৰৰ সুবিধা কেৱল Jio ব্ৰডবেণ্ড প্লেনৰ সৈতেহে উপলব্ধ হ’ব। নিৰ্বাচিত জিঅ’ফাইবাৰ আৰু জিঅ’ এয়াৰফাইবাৰ প্লেনৰ সৈতে এই অফাৰ দিয়া হৈছে। Jio Offer ৰ সুবিধা ল’বলৈ কি কৰিব লাগিব? জানক
কোম্পানীটোৰ মতে, জিঅ’ফাইবাৰ আৰু এয়াৰফাইবাৰ ব্যৱহাৰকাৰীয়ে ৮৮৮ টকা, ১১৯৯ টকা, ১৪৯৯ টকা, ২৪৯৯ টকা আৰু ৩৪৯৯ টকাৰ প্লেনৰ জৰিয়তেহে এই অফাৰৰ সুবিধা লাভ কৰিব পাৰিব। এই প্লেনবোৰৰ বাহিৰে যদি আপুনি আন কোনো প্লেনৰ পৰা ৰিচাৰ্জ কৰে তেন্তে আপুনি ইউটিউব প্ৰিমিয়ামৰ সুবিধা নাপাব। ইউটিউবৰ প্ৰিমিয়াম সেৱাৰ লগতে ব্যৱহাৰকাৰীসকলক অফলাইন ভিডিঅ’ ডাউনলোড, বেকগ্ৰাউণ্ড প্লে আৰু ইউটিউব মিউজিক প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্ৰদান কৰা হ’ব।
Enjoy ad-free YouTube on your big screen with JioAirFiber & JioFiber.
Get 24 months of YouTube Premium today.#JioAirFiber #JioFiber #YouTubePremium #WithLoveFromJio pic.twitter.com/JN864Ki7UP— Reliance Jio (@reliancejio) January 11, 2025
অফাৰটোৰ সুবিধা ল’বলৈ প্ৰথমে ওপৰত উল্লেখ কৰা যিকোনো এটা প্লেন বাছি ল’ব লাগিব । প্লেনটো ক্ৰয় কৰাৰ পিছত মাই জিঅ’ একাউণ্টত লগ ইন কৰিব লাগিব। ইয়াৰ পিছত এপ বা ৱেবছাইটত থকা ইউটিউব প্ৰিমিয়াম বেনাৰত ক্লিক কৰক। ইয়াৰ পিছত আপোনাৰ ইউটিউব একাউণ্টত চাইন ইন কৰক আৰু যদি আপোনাৰ একাউণ্ট নাই তেন্তে প্ৰথমে ইউটিউব একাউণ্ট বনাওক। ইয়াৰ পিছত আপুনি দুবছৰৰ বাবে বিনামূলীয়া ইউটিউব প্ৰিমিয়াম প্লেন উপভোগ কৰিব পাৰিব।
ইউটিউব প্ৰিমিয়ামৰ মাহিলী প্লেনৰ মূল্য ১৫৯ টকা আৰু বাৰ্ষিক প্লেনৰ মূল্য ১৪৯০ টকা। ইয়াৰ সৈতে তুলনা কৰিলে কোম্পানীয়ে আপোনাক ২৯৮০ টকাৰ সুবিধা বিনামূলীয়াকৈ দিছে।