JIO Recharge Plan: সীমাহীন ডাটা, বিনামূলীয়া কলিং ,এমাজন প্ৰাইম আৰু বহুতো! জানক jio ৰ বিশেষ প্লেনৰ বিষয়ে

Reliance Jio offer: সকলোফালে মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ মাজতে ৰিলায়েন্স জিঅ'ই গ্ৰাহকৰ বাবে লৈ আহিছে বিশেষ অফাৰ। এই অফাৰৰ অধীনত গ্ৰাহকে বহু সুবিধা লাভ কৰিব।

JIO Recharge Plan:  সীমাহীন ডাটা, বিনামূলীয়া কলিং ,এমাজন প্ৰাইম আৰু বহুতো! জানক jio ৰ বিশেষ প্লেনৰ বিষয়ে

জিঅ' অফাৰ

Published: 

09 Mar 2025 15:30 PM

বৰ্তমান সময়ত সকলোফালে মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰিছে। বস্তু-সামগ্ৰীৰ লগতে মোবাইলৰ বিভিন্ন ৰিচাৰ্জ প্লেনৰ মূল্যবৃদ্ধিও গ্ৰাহকৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিভিন্ন সময়ত টেলিকম কোম্পানীসমূহে প্লেনসমূহৰ দাম বৃদ্ধি কৰে। এনেবোৰ কাৰণত সাধাৰণ জনতাৰ বাবে ৰিচাৰ্জ কৰা এক ডাঙৰ সমস্যা হৈ পৰিছে। কিন্তু মাজে মাজে টেলিকম কোম্পানীসমূহে জনতাক সকাহ দিয়াৰ অৰ্থে কিছুমান প্লেনৰ প্ৰৱৰ্তন কৰে।

ইয়াৰ মাজতে ৰিলায়েন্স জিঅই গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ অফাৰ। এই অফাৰৰ অধীনত গ্ৰাহকে সীমাহীন ডাটা, কলিং, আৰু এছএমএছৰ সুবিধা লাভ কৰিব। ইয়াতকৈ ডাঙৰ কথাটো হ’ল যে এই ৰিচাৰ্জ প্লেনত সীমাহীন ডাটা আৰু কলিঙৰ লগতে আপুনি বিনামূলীয়াকৈ এমাজন প্ৰাইম ভিডিঅ’ চাবস্ক্ৰিপশ্যন লাভ কৰিব।

জানিব পৰা মতে, ৰিলায়েন্স জিঅ’ই লৈ আহিছে ৮৪ দিনৰ বৈধতাৰ বিশেষ ৰিচাৰ্জ প্লেন। ইয়াৰ অধীনত গ্ৰাহকে বিনামূলীয়াকৈ মুঠ ১৬৮ জিবি ডাটা লাভ কৰিব। প্ৰতিদিনে ২ জিবি হাই-স্পীড ডাটা পাব। ইয়াৰ উপৰিও এই ৰিচাৰ্জ প্লেনত আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে ১০০টা বিনামূলীয়া এছএমএছৰ সুবিধাও আছে।

কেৱল ইমানেই নহয়। এই ৰিচাৰ্জ প্লেনত এমাজন প্ৰাইম লাইট, জিঅ’ টিভি, আৰু জিঅ’ ক্লাউডৰ বিনামূলীয়া চাবস্ক্ৰিপশ্যনো অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰিচাৰ্জ প্লেনৰ মূল্য ১০২৯ টকা।

৭৪৯ টকাৰ ৰিচাৰ্জ প্লেন

ইয়াৰ উপৰিও ৭৪৯ টকীয়া বিশেষ ৰিচাৰ্জ প্লেনৰ প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ বৈধতা ৭২ দিন। এই প্লেনৰ বহু সুবিধাও আছে। এই পৰিকল্পনাত মুঠ ১৬৪ জিবি ডাটা বিনামূলীয়াকৈ উপলব্ধ হ’ব। ইয়াত দৈনিক হাই-স্পীড ২ জিবি ডাটা আৰু অতিৰিক্ত ২০ জিবি ডাটা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছ বিনামূলীয়াকৈ উপলব্ধ হ’ব। এই প্লেনত আপুনি জিঅ’ টিভি আৰু জিঅ’ ক্লাউডৰ বিনামূলীয়া চাবস্ক্ৰিপশ্যন লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ JIO Recharge Plan:মাত্ৰ ১৯৫ টকাত ৯০ দিনৰ ৰিচাৰ্জ! জানক জিঅ’ৰ এই বিশেষ প্লেনৰ বিষয়ে…

 

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?