JioHotstar ত Premium content বিনামূলীয়া, Netflix ক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা!
অপেক্ষা শেষ, Jio Cinema আৰু Disney Plus Hotstar এতিয়া একলগ হ'ল। Disney Plus Hotstarৰ নাম সলনি কৰি JioHotstar ৰ কৰা হৈছে। এতিয়া প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰত এই নামেৰে এপটো পাব। দুয়োটা এপতে উপলব্ধ কন্টেন্ট এতিয়া এটা এপত উপলব্ধ হ’ব।

OTT প্লেটফৰ্ম মানুহৰ বাবে মনোৰঞ্জনৰ এক প্ৰধান মাধ্যম হৈ পৰিছে। যোৱা বছৰ Disney, Reliance আৰু ভায়াকম ১৮ৰ একত্ৰীকৰণ সম্পূৰ্ণ হোৱাৰ পিছত JioHotstar ৰ এপটো অতি সোনকালে ব্যৱহাৰকাৰীৰ বাবে মুকলি হ’ব বুলি চৰ্চা চলিছিল। এতিয়া অপেক্ষা শেষ কাৰণ আপুনি জিঅ’ চিনেমা আৰু Disney Plus Hotstarৰ কন্টেন্ট এটা এপত চাব পাৰিব আৰু এই এপটোৰ নাম হৈছে জিঅ’ হটষ্টাৰ।
ডিজনী প্লাছ হটষ্টাৰৰ নামটো গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰত আপডেট কৰা হৈছে। এতিয়া আপুনি এই এপটো জিঅ’ হটষ্টাৰ নামেৰে দেখা পাব। মন কৰিবলগীয়া যে, যিসকলে জিঅ’ চিনেমা এপ ব্যৱহাৰ কৰি আছিল তেওঁলোকক এতিয়া জিঅ’ হটষ্টাৰ এপলৈ পুনৰ নিৰ্দেশিত কৰা হ’ব। সহজ ভাষাত ক’বলৈ গ’লে, জিঅ’ চিনেমা এপত যিকোনো ভিডিঅ’ত ক্লিক কৰাৰ লগে লগে আপুনি পোনপটীয়াকৈ জিঅ’ হটষ্টাৰ এপত উপস্থিত হ’ব।
JioHotstar ৰ কন্টেন্ট একেবাৰে বিনামূলীয়া
যেতিয়া আমি চাবস্ক্ৰিপচন ক্ৰয় নকৰাকৈ জিঅ’ হটষ্টাৰত প্ৰিমিয়াম কন্টেন্ট প্লে কৰিছিলোঁ, তেতিয়া ভিডিঅ’টো প্লে’ হ’বলৈ ধৰিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে, আৰম্ভণিতে আপুনি Jio Hotstar ত বিনামূলীয়াকৈ প্ৰিমিয়াম কন্টেন্ট চাব পাৰিব।
কোম্পানীটোৱে নিজৰ চাবস্ক্ৰিপচন মডেলটো নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে যদিও, ইটিত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জিঅ’ষ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া কিৰণ মণীয়ে কয় যে, জিঅ’হটষ্টাৰে সকলোকে চাবস্ক্ৰিপচন অবিহনে নিজৰ প্ৰিয় কন্টেন্ট উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে। আমি বিচাৰো যে, ব্যৱহাৰকাৰীসকলে জিঅ’হটষ্টাৰত ক্ৰিকেট খেলৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় টিভি ধাৰাবাহিকলৈকে সকলো উপভোগ কৰিব পাৰে।