গ্ৰাহকলৈ বিশেষ ‘অফাৰ’ চেমচাঙৰঃ সুলভ মূল্যত আগবঢ়ালে এই দুটা মোবাইল

শেহতীয়াকৈ চেমচাঙে মুকলি কৰিছে কোম্পানীটৰ আটাইতকৈ সুলভ মূল্যৰ 5G স্মাৰ্টফোন। দেশৰ বজাৰত গ্ৰাহকক আকৃষ্ট কৰিবলৈ চেমচাঙে মুকলি কৰি দিছে Galaxy A06 5G আৰু Galaxy F06 5G। দুয়োটা স্মাৰ্টফোনতে প্ৰায় একে ধৰণৰ সুবিধা উপলব্ধ হ’ব। ১১ হাজাৰতকৈও কম মূল্যত এই স্মাৰ্টফোন দুটা ক্ৰয় কৰিব পাৰিব।

গ্ৰাহকলৈ বিশেষ ‘অফাৰ’ চেমচাঙৰঃ সুলভ মূল্যত আগবঢ়ালে এই দুটা মোবাইল

চেমচাঙৰ সুলভ মূল্যৰ মোবাইল

Published: 

20 Feb 2025 20:01 PM

মোবাইলৰ বজাৰত গ্ৰাহকৰ অন্যতম পছন্দৰ কোম্পানী চেমচাং। কোম্পানীটোৰ দ্বাৰা নিৰ্মিত মোবাইলসমূহৰ উৎকৃষ্ট সেৱা তথা সুবিধাৰ বাবে গ্ৰাহকসকলৰ মাজত বিশেষ সমাদৰ দেখা যায়। শেহতীয়াকৈ চেমচাঙে মুকলি কৰিছে কোম্পানীটৰ আটাইতকৈ সুলভ মূল্যৰ 5G স্মাৰ্টফোন। দেশৰ বজাৰত গ্ৰাহকক আকৃষ্ট কৰিবলৈ চেমচাঙে মুকলি কৰি দিছে Galaxy A06 5G আৰু Galaxy F06 5G। দুয়োটা স্মাৰ্টফোনতে প্ৰায় একে ধৰণৰ সুবিধা উপলব্ধ হ’ব। ১১ হাজাৰতকৈও কম মূল্যত এই স্মাৰ্টফোন দুটা ক্ৰয় কৰিব পাৰিব।

Galaxy A06 5G ত গ্ৰাহকে লাভ কৰিব6.7 ইঞ্চি HD+ ডিছপ্লে। মোবাইলটোত ডুৱেল কেমেৰা ছেটআপ দিয়া হৈছে। এই Galaxy A06 5G ত ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰি কেমেৰা আৰু ২ মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা দিয়া হৈছে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৮ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰাৰ সুবিধা প্ৰদান কৰা হৈছে। লগতে এণ্ড্ৰইড ১৫ৰ ওপৰত ভিত্তি কৰি স্মাৰ্টফোনত চাৰি বছৰৰ বাবে চিকিউৰিটি আপডেট দিয়া হৈছে।

এই মোবাইলটোত 25W চাৰ্জিং চাপ’ৰ্টৰ সৈতে 5000mAh বেটাৰী প্ৰদান কৰা হৈছে। Galaxy A06 5G মোবাইলটোৰ তিনিটা ভেৰিয়েণ্ট মুকলি কৰা হৈছে। ইয়াৰ ৪জিবি ৰেম + ৬৪জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মডেলটো ১০,৪৯৯ টকাত উপলব্ধ হ’ব। আনহাতে ৪জিবি ৰেম + ১২৮জিবি ষ্ট’ৰেজ ভেৰিয়েন্টৰ দাম হ’ব ১১,৪৯৯ টকা। একেদৰে ৬জিবি ৰেম + ১২৮জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ১২,৯৯৯ টকাত উপলব্ধ হৈছে। এই ফোনটো ক’লা, গ্ৰে আৰু লাইট গ্ৰীণ- এই তিনিটা ৰঙত উপলব্ধ।

ইফালে Samsung Galaxy F06 5G মোবাইলটোৰ মূল্য ১০ হাজাৰ টকাতকৈয়ো কম। এইটোৱেই হৈছে চেমচাঙৰ আটাইতকৈ কম মূল্যৰ মোবাইল। এই মোবাইলটোতো ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা দিয়া হৈছে। আনহাতে ২ মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা আৰু ৮ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা প্ৰদান কৰা হৈছে।

চেমচাঙৰ এই মোবাইলটোত HD+ ৰিজ’লিউচনৰ সৈতে ৬.৭ ইঞ্চিৰ ডিছপ্লে’ আছে। এই ফোনত আছে 5000 mAh বেটাৰী। ইয়াৰ লগতে 25W ফাষ্ট চাৰ্জিং চাপ’ৰ্টৰ সুবিধা দিয়া হৈছে মোবাইলটোত। লগতে এই স্মাৰ্টফোনটোত আছে মিডিয়াটেক প্ৰচেছৰ। গতিকে চেমচাঙৰ এই দুটা মোবাইলৰ ৰূপত গ্ৰাহকসকলে কম মূল্যতে উন্নত সুবিধাসহ উৎকৃষ্ট 5G মোবাইল লাভ কৰিব।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?