২৭ ফেব্ৰুৱাৰীত Samsung য়ে মুকলি কৰিব দুটা স্মাৰ্টফোন, কি কি ফিচাৰ থাকিব ? জানক
২৭ ফেব্ৰুৱাৰীত Samsung য়ে মুকলি কৰিবলৈ সাজু হৈছে Galaxy M16 5G আৰু Galaxy M06 5G । ইয়াৰ ফিচাৰ আৰু মূল্যৰ সবিশেষ জানক ।

Samsung M Series
অহা ২৭ ফেব্ৰুৱাৰীত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব Samsung Galaxy M ছিৰিজ। এই ছিৰিজত দুটা মডেল Galaxy M16 5G আৰু Galaxy M06 5G অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে কোম্পানীটোৰ টিজাৰ ভিডিঅ’ মুকলি কৰিছে। ভিডিঅ’টোত ইয়াৰ কিছু ফিচাৰ প্ৰকাশ কৰা হৈছে । ই-কমাৰ্চ প্লেটফৰ্ম আমাজনতো ইয়াৰ মুকলিৰ তাৰিখ নিশ্চিত কৰা হৈছে।
আমাজনত দিয়া তথ্য অনুসৰি, কোম্পানীটোৱে ২৭ ফেব্ৰুৱাৰীত এই দুয়োটা স্মাৰ্টফোন মুকলি কৰিবলৈ সাজু হৈছে । Samsung ৰ এক্স হেণ্ডেলত দিয়া পোষ্টৰ অনুসৰি, আপুনি Galaxy M06 5G ত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ দেখা পাব। কিন্তু Galaxy M16 5G ত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ দিয়া হৈছে । দুয়োটা স্মাৰ্টফোনৰ ডিজাইন আকৰ্ষণীয় কৰা হৈছে ।
Samsung Galaxy M06 ৰ ফিচাৰ
এই স্মাৰ্টফোনত আপুনি 8GB পৰ্যন্ত ৰেম অপচন পাব পাৰে। এই স্মাৰ্টফোনটোত মিডিয়াটেক ডাইমেনচন 6300 চিপছেট লগোৱা হ’ব পাৰে। আগন্তুক স্মাৰ্টফোনটোৱে এণ্ড্ৰইড 15 ভিত্তিক One UI 7 অপাৰেটিং চিষ্টেমত কাম কৰিব। ইয়াত আপুনি সৰ্বোত্তম কেমেৰা ছেটআপ পাব পাৰে।
Samsung Galaxy M16 5G ৰ ফিচাৰ
এই স্মাৰ্টফোনটোত মিডিয়াটেক ডাইমেনচন 6300 চিপছেট দিব পাৰে। একে সময়তে এই ফোনটোত এণ্ড্ৰইড 15 ভিত্তিক One UI 7 অপাৰেটিং চিষ্টেমতো দিব পাৰে ।
স্মাৰ্টফোন দুটাৰ আশা কৰা মূল্য
Samsung ৰ এই দুয়োটা স্মাৰ্টফোন বাজেট মূল্যত আহিব পাৰে। Samsung Galaxy M06 5G ৰ আশা কৰা মূল্য ১০ হাজাৰৰ পৰা ১১ হাজাৰ টকাৰ ভিতৰত হ’ব পাৰে। ইয়াৰ বেছিভাগ ফিচাৰ Galaxy F06 5G ৰ দৰেই পোৱা যাব। ইফালে, Galaxy M16 5G ৰ দাম অলপ বেছি হ’ব পাৰে। এই স্মাৰ্টফোনটোৰ আৰম্ভণিৰ মূল্য ১৫ হাজাৰ টকা হ’ব পাৰে।