Samsung Galaxy S25 ৰ মুকলিৰ পূৰ্বে সস্তা হ’ল Galaxy S24, জানক ইয়াৰ বৰ্তমানৰ মূল্য কিমান?
২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গেলাক্সি আনপেকড ইভেণ্টত মুকলি কৰা হ’ব Galaxy S25 ছিৰিজ। কিন্তু এই স্মাৰ্টফোনটোৰ মুকলিৰ পূ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গেলাক্সি আনপেকড ইভেণ্টত মুকলি কৰা হ’ব Galaxy S25 ছিৰিজ। কিন্তু এই স্মাৰ্টফোনটোৰ মুকলিৰ পূৰ্বে হ্ৰাস পাইছে Samsung Galaxy S24 ৰ মূল্য ।ৰ্বে হ্ৰাস পাইছে Samsung Galaxy S24 ৰ মূল্য ।
আগন্তুক স্মাৰ্টফোন Samsung Galaxy S25 ৰ বাবে প্ৰতিগৰাকী গ্ৰাহকে অপেক্ষা কৰি আছে । ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গেলাক্সি আনপেকড ইভেণ্টত মুকলি কৰা হ’ব Galaxy S25 ছিৰিজ। কিন্তু এই স্মাৰ্টফোনটোৰ মুকলিৰ পূৰ্বে হ্ৰাস পাইছে Samsung Galaxy S24 ৰ মূল্য । এতিয়াৰ পৰা আপুনি এই স্মাৰ্টফোনটো সস্তাতে ক্ৰয় কৰিব পাৰিব । এই ফোনটো ৭৪,৯৯৯ টকাত মুকলি কৰা হৈছিল যদিও এতিয়া ইয়াক মাত্ৰ ৬৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব ।
Samsung Galaxy S24 ৰ ক্ৰয় কৰিবলৈ বেংক অফাৰৰ সুবিধাও লাভ কৰিব। নিৰ্বাচিত বেংক একাউণ্টৰ জৰিয়তে বৰ্তমানৰ ৰেহাইতকৈ অধিক কম মূল্যত ক্ৰয় কৰিব পাৰিব এই স্মাৰ্টফোন । HDFC বেংককে ধৰি নিৰ্বাচিত বেংকৰ জৰিয়তে Galaxy S24 ক্ৰয় কৰিব পাৰিব ।
Samsung Galaxy S24 অফাৰ
ছেমছাঙৰ অফিচিয়েল ৱেবছাইটত Galaxy S24 মূল্য হাজাৰ হাজাৰ টকা হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও আপুনি এই ফোনটো Flipkart ৰ পৰাও কম মূল্যত কিনিব পাৰিব। ভাৰতত যেতিয়া এই ফোনটো মুকলি কৰা হৈছিল তেতিয়া ইয়াৰ দাম আছিল ৭৪,৯৯৯ টকা। আজি যদি আপুনি ইয়াক ছেমছাং বা ফ্লিপকাৰ্ট ৱেবছাইটৰ পৰা কিনে, তেন্তে ইয়াৰ মূল্য ৬৪,৯৯৯ টকা।
Samsung Galaxy S24 ত বেংক অফাৰ
অধিক ৰেহাই মূল্যত ক্ৰয় কৰিবলৈ আপুনি বেংকৰ অফাৰৰ সুবিধা লাভ কৰিব পাৰিব। ফ্লিপকাৰ্ট এক্সিছ বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৫ শতাংশ পৰ্যন্ত কেছবেক লাভ কৰিব। এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ জৰিয়তে ই এম আইত ক্ৰয় কৰিলে ১০ হাজাৰ টকা পৰ্যন্ত ৰেহাইৰ সুবিধা লাভ কৰিব । অন্য বেংকৰ ক্ৰেডিট/ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ইএমআই লেনদেনত ৮ হাজাৰ টকা পৰ্যন্ত ৰেহাইৰ সুবিধা লাভ কৰিব।
Samsung Galaxy S24 ৰ স্পেচিফিকেশন
Samsung Galaxy S24 ৰ 8GB + 128GB ভেৰিয়েণ্টহে এই ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব । এই স্মাৰ্টফোনটোত 6.2 ইঞ্চি ফুল HD+ ডিছপ্লে আছে। ইয়াত 50MP+10MP+12MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আছে । ইয়াৰ উপৰিও চেলফি আৰু ভিডিঅ’ কলৰ বাবে 12MP ফ্ৰন্ট কেমেৰা আছে। এই ফোনটোত 4000mAh বেটাৰী দিয়া হৈছে । এই ফোনটো Exynos 2400 চিপছেট দিয়া হৈছে ।