শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গ্ৰাহকলৈ উপহাৰ চেমচাঙৰঃ মুকলি কৰিলে আটাইতকৈ কম মূল্যৰ 5G মোবাইল, ইমান হ’ব দাম

চেমচাং প্ৰিয় গ্ৰাহকসকললৈ কোম্পানীটোৱে আনিছে এক সুখবৰ। শেহতীয়াকৈ কোম্পানীটোৱে মুকলি কৰিছে এক নতুন 5G স্মাৰ্টফোন। এই নতুন মোবাইলটোৰ নাম হৈছে Galaxy F06 5G। লক্ষণীয়ভাৱে এই মোবাইলটোৱেই হৈছে চেমচাঙে ভাৰতত মুকলি কৰা আটাইতকৈ কম মূল্যৰ 5G মোবাইল।

গ্ৰাহকলৈ উপহাৰ চেমচাঙৰঃ মুকলি কৰিলে আটাইতকৈ কম মূল্যৰ 5G মোবাইল, ইমান হ’ব দাম
চেমচাঙে আনিছে সুখবৰ
monjit-dutta
Monjit Dutta | Published: 14 Feb 2025 22:42 PM

বিশ্বব্যাপী মোবাইলৰ বজাৰখনত বিখ্যাত কোম্পানী চেমচাঙৰ আছে বিশেষ সমাদৰ। দক্ষিণ কোৰিয়াৰ এই বিখ্যাত ইলেক্ট্ৰনিকছ কোম্পানীটোৰ মোবাইল ফোনসমূহ গ্ৰাহকসকলে আদৰি লোৱা দেখা যায়। এতিয়া চেমচাং প্ৰিয় গ্ৰাহকসকললৈ কোম্পানীটোৱে আনিছে এক সুখবৰ। শেহতীয়াকৈ কোম্পানীটোৱে মুকলি কৰিছে এক নতুন 5G স্মাৰ্টফোন। এই নতুন মোবাইলটোৰ নাম হৈছে Galaxy F06 5G। লক্ষণীয়ভাৱে এই মোবাইলটোৱেই হৈছে চেমচাঙে ভাৰতত মুকলি কৰা আটাইতকৈ কম মূল্যৰ 5G মোবাইল।

বিগত কিছুদিনৰ ভিতৰত বহু মোবাইল নিৰ্মাতা কোম্পানীয়ে ১০ হাজাৰ টকাতকৈও কম মূল্যৰ ৫জি স্মাৰ্টফোন মুকলি কৰিছে। এতিয়া চেমচাঙেও এই স্মাৰ্টফোনৰ জৰিয়তে ১০ হাজাৰতকৈও কম মূল্যৰ ৫জি স্মাৰ্টফোনৰ বজাৰত প্ৰৱেশ কৰিছে। চেমচাং ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ অক্ষয় এছ ৰাৱে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে কোম্পানীটোৱে নিজৰ আটাইতকৈ কম মূল্যৰ ৫জি স্মাৰ্টফোন Galaxy F06 5G মুকলি কৰিছে।

ভাৰতৰ অধিক লোকৰ বাবে 5G সংযোগ সুলভ কৰি তোলা এই স্মাৰ্টফোনটোৰ লক্ষ্য হিচাপে লোৱা হৈছে বুলি তেওঁ লগতে কয়। ভাৰতত এতিয়া দ্ৰুতগতিত 5G নেটৱৰ্ক বিয়পি পৰিছে আৰু চেমচাঙে এই নতুন মোবাইলটোৰে গ্ৰাহকসকলৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে। চেমচাঙৰ এই নতুন স্মাৰ্টফোনটোৰ মূল্য ৯,৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে।

5G প্ৰযুক্তি সাধাৰণ লোকৰ বাবে উপলব্ধ কৰাৰ ক্ষেত্ৰত চেমচাঙৰ এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ ফলত অধিক লোকে ৫জি ব্যৱহাৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। এই স্মাৰ্টফোনটোৱে গ্ৰাহকসকলক উচ্চমানৰ কানেক্টিভিটি আৰু পাৰফৰমেন্সৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে এক অনন্য অভিজ্ঞতা লাভ কৰিব।

এই স্মাৰ্টফোনটো মুকলি কৰাৰ লগে লগে চেমচাঙে ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত নিজৰ দখল অধিক উন্নত কৰি তোলাৰ চেষ্টা কৰিছে। কোম্পানীটোৱে স্বীকাৰ কৰিছে যে ৫জি প্ৰযুক্তিৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু এই স্মাৰ্টফোনৰ জৰিয়তে তেওঁলোকে ৫জি ভাৰতৰ বিভিন্ন প্ৰান্তত উপলব্ধ কৰিব বিচাৰে। ১০ হাজাৰতকৈও কম মূল্যত ৫জিৰ সুবিধা প্ৰদান কৰা এই স্মাৰ্টফোনটো গ্ৰাহকৰ বাবে অত্যন্ত উত্তম বিকল্প হৈ পৰিছে।