বৃহৎ পৰিৱৰ্তন ঘটিব চেমচাঙৰ মোবাইলতঃ পোহৰলৈ আহিছে এই তথ্য..

চেমচাঙৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ খবৰ। কিছুদিনৰ ভিতৰতে চেমচাঙৰ স্মাৰ্টফোনসমূহত দেখিবলৈ পোৱা যাব বৃহৎ পৰিৱৰ্তন। স্ক্ৰীণৰ পৰা আৰম্ভ কৰি সুবিধালৈকে নতুন ৰূপত উপলব্ধ হ’ব চেমচাঙৰ স্মাৰ্টফোসমূহ। কিদৰে আৰু কিয় এনে পৰিৱৰ্তন ঘটিব, জানিবলৈ পঢ়ক এই লেখা।

বৃহৎ পৰিৱৰ্তন ঘটিব চেমচাঙৰ মোবাইলতঃ পোহৰলৈ আহিছে এই তথ্য..

চেমচাঙৰ নতুন চফ্টৱেৰ আপডেটক লৈ চলিছা চৰ্চা

Published: 

04 Nov 2024 11:03 AM

স্মাৰ্টফোনৰ বজাৰখনত সদায়েই এক বিশেষ স্থান দখল কৰি আহিছে চেমচাঙে। দক্ষিণ কোৰিয়ান কোম্পানীটোৰ স্মাৰ্টফোনৰ প্ৰতি গ্ৰাহকৰ দেখা যায় এক বিশ্বাস। সেয়ে ভাৰতৰ বজাৰত চেমচাঙৰ প্ৰভাৱ স্পষ্ট ৰূপত প্ৰতিফলিত হয়। কিছুদিনৰ ভিতৰতে চেমচাঙৰ স্মাৰ্টফোনসমূহত দেখিবলৈ পোৱা যাব বৃহৎ পৰিৱৰ্তন। চেমচাঙৰ নতুন চফ্টৱেৰ আপডেটৰ বাবে পৰিৱৰ্তন দেখা যাব স্মাৰ্টফোনসমূহত। বহুদিনৰ পৰা চেমচাঙৰ এই নতুন আপডেটৰ বাবে অপেক্ষা কৰা হৈছিল।

শেহতীয়াকৈ চফ্টৱেৰ আপডেট সন্দৰ্ভত কিছু তথ্য পোহৰলৈ আহিছে। এই তথ্য মতে, One UI 7 beta ৰ প্ৰৱেশত কিছু সময় লাগিব পাৰে। ইয়াৰ পূৰ্বে আগষ্ট মাহত কোম্পানীটোৱে এই নতুন আপডেটটো মুকলি কৰিবলৈ ওলাইছিল যদিও সেই সময়ত এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল। এতিয়া এই বছৰৰে শেষৰ ফালে বা আগন্তুক বছৰৰ আৰম্ভণিতে এই চফ্টৱেৰ আপডেট মুকলি কৰিব বুলি জানিব পৰা গৈছে।

এই আপডেটৰ পিছত কোম্পানীটোৰ স্মাৰ্টফোনসমূহৰ প্ৰকৃতি যথেষ্ট সলনি হ’ব। এই আপডেটত কি নতুন প্ৰযুক্তিৰ সংযোজন হ’ব এই লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। চেমচাঙৰ এই নতুন আপডেট হ’ব গুগল এণ্ড্ৰইড ১৫ৰ ওপৰত ভিত্তি কৰি চফ্টৱেৰ আপগ্ৰেড। কিন্তু এই আপডেট পাবলৈ চেমচাং ব্যৱহাৰকাৰীসকলে কিছু সময় অপেক্ষা কৰিব লাগিব।

কোম্পানীটোৱে প্ৰথমে পৰীক্ষাৰ বাবে নিজৰ বিটা সংস্কৰণ মুকলি কৰাৰ সম্ভাৱনা আছে। কেৱল চফ্ট ৱেৰ ডেভেলপাৰ আৰু সেই বিটা ব্যৱহাৰকাৰীসকলৰ বাবেহে এই বিটা সংস্কৰণ মুকলি কৰা হ’ব। খবৰ অনুসৰি নৱেম্বৰৰ মাজভাগত কোম্পানীটোৱে One UI 7 beta মুকলি কৰিব পাৰিব। এই আপডেটসমূহ অহা বছৰ আহিবলগীয়া নতুন Galaxy S25 ছিৰিজত দেখা যাব।

অৱশ্যে চেমচাং ডেভেলপাৰ কনফাৰেন্সত কোম্পানীটোৱে One UI 7 ৰ বিষয়ে বিশেষ তথ্য শ্বেয়াৰ কৰা নাই। কিন্তু, এই আপডেট সন্দৰ্ভত কিছু সবিশেষ অনলাইনত প্ৰকাশ পাইছে। খবৰ অনুসৰি, One UI 7ত বহু বৈশিষ্ট্য সলনি হ’ব। ডায়েলৰ পৰা গেলেৰীলৈ, মেছেজ-কেলকুলেটৰ, ঘড়ী আৰু বহু এপৰ আইকনৰো পৰিৱৰ্তন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে।

তদুপৰি নতুন আপডেটৰ পিছত লক স্ক্ৰীণত থকা নটিফিকেচন নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অধিক উন্নত ৰূপত সংযোজিত হ’ব পাৰে। চেমচাঙৰ এই নতুন আপডেটত AI সুবিধাসমূহো দেখা পোৱা যাব। এই AI সুবিধাসমূহে মোবাইল ব্যৱহাৰকাৰীসকলক বিভিন্ন দিশত সহায় কৰি বহু কাম সহজ কৰি তুলিব। এই নতুন সুবিধাসহ গ্ৰাহকৰ বাবে অধিক আকৰ্ষণীয় হৈ উঠিব চেমচাঙৰ মোবাইল।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস