SRK Birthday: বিলাসী জীৱন যাপন কৰা গেজেট প্ৰেমী কিং খানৰ আছে ১৭টাকৈ স্মাৰ্টফোন!
SRK Smartphones: অতিকৈ বিলাসী জীৱন যাপন কৰে শ্বাহৰুখ খানে। শ্বাহৰুখ খানৰ ওচৰত কেৱল বিলাসী গাড়ী থকায়ে নহয় ১৭টাকৈ ব্যয়বহুল আৰু ফ্লেগশ্বিপ স্মাৰ্টফোনো আছে। কিং খানৰ ওচৰত কি কি ফোন আছে? জানো আহক..
আজি ৫৯তম জন্মদিন উদযাপন কৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে । এক সুন্দৰ জীৱন যাপন কৰা কিং খানে এখন চলচ্চিত্ৰৰ বাবে কোটি কোটি টকা মাচুল লয়। SRK কেৱল বিলাসী আৰু ব্যয়বহুল বাহনৰ বাবেই নহয়, স্মাৰ্টফোন কিনাৰো চখ আছে। এই কথা আমি কোৱা নাই, শ্বাহৰুখ খানৰ বন্ধু বিবেক ভাচৱানীয়ে কৈছে। বিবেক ভাচৱানীয়ে ২০২৪ চনৰ আৰম্ভণিতে এই কথা প্ৰকাশ কৰিছিল যে, “অৱশ্যে আমি বন্ধু, তথাপিও আমি চাৰি বছৰ ধৰি কথা পতা নাই”।
বিবেক ভাচৱানীয়ে কৈছিল যে কিং খানৰ ১৭টা স্মাৰ্টফোন আছে আৰু তেওঁৰ ওচৰত শ্বাহৰুখ খানৰ মাত্ৰ এটা মোবাইল নম্বৰ আছে। বলীউডৰ অভিনেতাজনৰ ওচৰত কি কি কোম্পানীৰ স্মাৰ্টফোন আছে সেই কোৱাটো কঠিন। কিয়নো এই মুহূৰ্তত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য নাই।
কিন্তু শ্বাহৰুখ খানৰ ইনষ্টাগ্ৰাম হেণ্ডেল ভালদৰে চালে এটা বা দুটা পোষ্ট পাব য’ত কিং খানক এটা Apple iPhone লৈ থকা দেখা গৈছে। ইয়াৰে এটা পোষ্ট ২০১৯ চনৰ, আনটো পোষ্ট ২০২২ চনৰ। এই দুয়োটা পোষ্টত কিং খানে হাতত আইফোন লৈ আছে।
উল্লেখ্য যে ২০১৯ চনত, এপ’লে আইফোনৰ 11 ছিৰিজ মুকলি কৰিছিল আৰু এই ছিৰিজত তিনিটা ফোন মুকলি কৰা হৈছিল। আইফোন 11, 11 প্ৰ’ আৰু 11 প্ৰ’ মেক্স। শ্বাহৰুখ খানৰ হাতত দেখা ফোনটোৰ পিছফালৰ পেনেলৰ পৰা এটা কথা স্পষ্ট যে এই ফোনটো আইফোন 11 প্ৰ’ মেক্স। লগতে ফোনটোৰ সৈতে শ্বেয়াৰ কৰা কেপশ্বনত এইটো নিশ্চিত হৈছে।
View this post on Instagram
একে সময়তে, আইফোন 14ৰ ছিৰিজ চনত ২০২২ মুকলি কৰা হৈছিল। কিং খানৰ হাতত থকা ফোনটোৰ কেমেৰা মডিউলত তিনিটা কেমেৰা চেন্সৰ দেখা গৈছে। এনে পৰিস্থিতিত, শ্বাহৰুখ খানৰ ওচৰত iPhone 14 Pro বা আইফোন iPhone 14 Pro Maxৰ ভিতৰত যিকোনো এটা থাকিব পাৰে।
View this post on Instagram
২০১৯ চনত আইফোন 11 ছিৰিজ আৰু ২০২২ চনত আইফোন 14ৰ ছিৰিজৰ ফোনে এটা কথা স্পষ্ট যে কিং খানে ট্ৰেণ্ড অনুসৰণ কৰি আৰু আইফোনৰ নতুন নতুন ছিৰিজ সংগ্ৰহ কৰে। শ্বাহৰুখ খানৰ ওচৰত আইফোন 16 ছিৰিজৰ টপ মডেল থাকিব বুলি আশা কৰা হৈছে। কিন্তু এই কথাৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰি। কিয়নো আমি আপোনাক কৈছিলো যে এই মুহূৰ্তত কিং খানৰ ওচৰত কি কি ফোন আছে এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য নাই।