ষ্টাৰলিংক ইণ্টাৰনেট সেৱা কি ? ই কেনেদৰে কাম কৰে? এই সেৱাৰ মাহিলী খৰচ কিমান ?

আপোনাৰ মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে যে, এই চেটেলাইট ইণ্টাৰনেটে কেনেকৈ কাম কৰে ? ইয়াৰ দ্বাৰা কেনেদৰে লাভান্বিত হ'ব আপুনি? এই সেৱাৰ বাবে আপুনি কিমান টকা ব্যয় কৰিব লাগিব? এই সেৱা ভাৰতত 5G ইণ্টাৰনেটতকৈ সস্তা হ'বনে?

ষ্টাৰলিংক ইণ্টাৰনেট সেৱা কি ? ই কেনেদৰে কাম কৰে? এই সেৱাৰ মাহিলী খৰচ কিমান ?

ষ্টাৰলিংক ইণ্টাৰনেট সেৱা

Updated On: 

12 Mar 2025 20:04 PM

ইলন মাস্কৰ ষ্টাৰলিংক চেটেলাইট ইণ্টাৰনেট সেৱা শীঘ্ৰে ভাৰতত সেৱা আৰম্ভ হ’ব পাৰে । টেলিকম খণ্ডৰ দুটা বৃহৎ কোম্পানী – জিঅ’ আৰু এয়াৰটেলে ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ বাবে স্পেচএক্সৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। অৱশ্যে ভাৰতত ষ্টাৰলিংক সেৱাৰ আৰম্ভ কৰাৰ বাবে এতিয়াও অনুমতি লাভ কৰিবলৈ বাকী আছে । অনুমতি লাভ কৰাৰ পাছতে অতি সোনকালে চহৰ আৰু গ্ৰাম্য অঞ্চলত দ্ৰুত ইন্টাৰনেট সেৱা উপলব্ধ হ’ব বুলি আশা কৰা হৈছে।

আপোনাৰ মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে যে, এই চেটেলাইট ইণ্টাৰনেটে কেনেকৈ কাম কৰে ? ইয়াৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব আপুনি? এই সেৱাৰ বাবে আপুনি কিমান টকা ব্যয় কৰিব লাগিব? এই সেৱা ভাৰতত 5G ইণ্টাৰনেটতকৈ সস্তা হ’বনে?

Starlink Satellite Internet Service কি আৰু ই কেনেকৈ কাম কৰে ?

এয়া এক উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱা। এই সেৱা গ্ৰহণ কৰিবলৈ কোনো টাৱাৰ বা ফাইবাৰ কেবলৰ প্ৰয়োজন নাই। ইয়াত উপগ্ৰহৰ পৰা পোনপটীয়াকৈ লাভ কৰা সংকেতৰ জৰিয়তে লাভ কৰিব ইণ্টাৰনেট সেৱা ।

চেটেলাইটে দ্ৰুত ইন্টাৰনেট সেৱা প্ৰদান কৰে। ইয়াৰ বাহিৰেও ম’বাইল টাৱাৰ বা কেবল ইণ্টাৰনেটৰ সুবিধা নথকা দুৰ্গম অঞ্চলটো এই ইণ্টাৰনেট সেৱা উপলব্ধ হয় ।

বহু দেশত ইতিমধ্য়ে এই চেটেলাইট সেৱা আৰম্ভ কৰা হৈছে। য’ত উপগ্ৰহ ভিত্তিক ৰেডিঅ’ সংকেত ব্যৱহাৰ কৰি অঞ্চলসমূহলৈ ইণ্টাৰনেট প্ৰদান কৰা হয়।

ব্ৰডবেণ্ড সংকেত উপগ্ৰহৰ জৰিয়তে মাটিত থকা গ্ৰাউণ্ড ষ্টেচনলৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি, ষ্টাৰলিংক সেৱাৰ লেটেন্সি ৰেট আটাইতকৈ কম। গতিকে উপগ্ৰহৰ পৰা অহা সংকেত অতি কম সময়ৰ ভিতৰতে লাভ কৰা যায় ।

এই সেৱাৰ ব্যয় কিমান?

সৰ্বাধিক ফাইবাৰ ইণ্টাৰনেট সেৱা প্ৰদান কৰি আহিছে জিঅ’ আৰু এয়াৰটেলে। বৰ্তমান জিঅ’ই এয়াৰফাইবাৰৰ জৰিয়তে 5G ব্ৰডবেণ্ড সেৱা আগবঢ়াইছে। যদি আমি Jio AirFiber plan ৰ দাম চাওঁ তেন্তে ইয়াৰ আৰম্ভণিৰ মূল্য ৫৯৯ টকা। একে সময়তে যদি এয়াৰটেলৰ 5G ব্ৰডবেণ্ড ইণ্টাৰনেটৰ মাহিলী আৰম্ভণিৰ মূল্য হয় ৬৯৯ টকা। এই প্লেনত আপুনি 40Mbps গতিৰ ইণ্টাৰনেট পাব।

প্ৰকাশিত খবৰ অনুসৰি এতিয়া ষ্টাৰলিংকৰ প্লেনৰ কথা আহিলে ইয়াৰ সস্তাতম ইণ্টাৰনেট প্লেন মাহিলী ১২০ ডলাৰ (প্ৰায় ১০,৫০০ টকা)ৰ পৰা আৰম্ভ হয়।

লগতে পঢ়ক : আহি আছে ষ্টাৰলিংক সেৱা ! স্পেচএক্সেৰ সৈতে চুক্তি ৰিলায়েন্স জিঅ’ৰ…

লগতে পঢ়ক : দেশত আৰম্ভ হ’ব ষ্টাৰলিংক সেৱা ! ইলন মাস্কৰ স্পেচএক্সৰ সৈতে ডাঙৰ চুক্তি এয়াৰটেলৰ…

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...