আজি বজাৰত প্ৰৱেশ কৰিব Redmi 14c 5G স্মাৰ্টফোন, জানক ইয়াৰ মূল্য আৰু বিশেষত্ব…

আজি ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব Redmi 14c 5G স্মাৰ্টফোন । ইতিমধ্যে এই স্মাৰ্টফোনৰ সম্ভাৱনীয় মূল্য়ও প্ৰকাশ পাইছে । মুকলিৰ পাছত Mi.comৰ উপৰিও Flipkart আৰু Amazon ৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকে।

আজি বজাৰত প্ৰৱেশ কৰিব Redmi 14c 5G স্মাৰ্টফোন, জানক ইয়াৰ মূল্য আৰু বিশেষত্ব...

Redmi 14c 5g

Updated On: 

06 Jan 2025 12:06 PM

আজি Redmi য়ে মুকলি কৰিব নতুন 5G স্মাৰ্টফোন । আপুনি যদি ১৫ হাজাৰ টকাৰ ভিতৰত 5G স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে Redmi ব্ৰেণ্ডৰ এই আগন্তুক ফোনটো ভাল বিকল্প হিচাপে বাছি ল’ব পাৰে । আজি ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব Redmi 14c 5G স্মাৰ্টফোন । ইতিমধ্যে এই স্মাৰ্টফোনৰ সম্ভাৱনীয় মূল্য়ও প্ৰকাশ পাইছে । মুকলিৰ পাছত Mi.comৰ উপৰিও Flipkart আৰু Amazon ৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকে।

ভাৰতত Redmi 14C 5G ৰ মূল্য

শেহতীয়াকৈ টিপষ্টাৰ অভিষেক যাদৱে এই Redmi ফোনটোৰ দামৰ সৈতে জড়িত সবিশেষ প্ৰকাশ কৰিছিল। এই লিক অনুসৰি এই ফোনটোৰ 4GB ৰেম আৰু 128GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ১৩,৯৯৯ টকা হ’ব পাৰে। এই লিকটোত লগতে দাবী কৰা হৈছে যে, বেংকৰ অফাৰৰ পিছত এই ফোনটো ১০,৯৯৯ টকা বা ১১,৯৯৯ টকাত উপলব্ধ হ’ব পাৰে।

যদি এই Redmi ফোনটো এই মূল্যৰ ৰেঞ্জত মুকলি কৰা হয় তেন্তে এই ফোনটোৱে Vivo T3x 5G আৰু Motorola G45 5G ফোনটোৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। Vivo ফোনৰ মূল্য ১২,৪৯৯ টকাৰ পৰা আৰু Motorola ফোনৰ মূল্য ১২,৯৯৯ টকাৰ পৰা আৰম্ভ হয়।

Redmi 14C 5G স্পেচিফিকেশন

এই আগন্তুক ফোনটোৰ বাবে Xiaomi ৰ অফিচিয়েল চাইটত এটা সুকীয়া পেজ প্ৰস্তুত কৰা হৈছে। এই চাইটত ফোনটোৰ মুকলিৰ পূৰ্বে ফোনটোৰ কিছুমান বিশেষ বৈশিষ্ট্য নিশ্চিত কৰা হৈছে। কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট Mi.com ৰ তথ্য অনুসৰি এই ফোনটোৱে ডুৱেল চিম 5G সমৰ্থন লাভ কৰিব। ইয়াৰ উপৰিও 120 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে 6.88 ইঞ্চিৰ HD প্লাছ ডিছপ্লে দিয়া হৈছে। গতি আৰু মাল্টিটাস্কিঙৰ বাবে 4nm ভিত্তিক কোৱালকম স্নেপড্ৰেগন 4 জেনেৰেচন 2 প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে।

লগতে এই ফোনটোত 5160mAh ৰ শক্তিশালী বেটাৰী দিয়া হৈছে আৰু 33 ৱাটৰ ফাষ্ট চাৰ্জাৰ সুবিধা লাভ কৰিব । ফোনটোৰ পিছফালে 50 মেগাপিক্সেলৰ ডুৱেল কেমেৰা পাব । এই ফোনটোৱে ধূলি আৰু পানী প্ৰতিৰোধৰ বাবেও IP52 ৰেটিং লাভ কৰিছে।

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...