Oppo Reno 13 ৰ পৰা OnePlus 13R লৈকে, অহা সপ্তাহত মুকলি হ’ব এই কেইটা স্মাৰ্টফোন…

যদি নতুন ফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপেক্ষা কৰক । অহা সপ্তাহত বহু কেইটা নতুন স্মাৰ্টফোন মুকলি হ'বলৈ গৈ আছে । অহা সপ্তাহত Redmi, Motorola, OnePlus, itel আৰু Oppo ৰ বাহিৰেও Poco ব্ৰেণ্ডৰ এই নতুন স্মাৰ্টফোনবোৰ মুকলি কৰা হ’ব ।

Oppo Reno 13 ৰ পৰা OnePlus 13R লৈকে, অহা সপ্তাহত মুকলি হব এই কেইটা স্মাৰ্টফোন...

নতুন স্মাৰ্টফোন

Updated On: 

04 Jan 2025 20:14 PM

আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি নতুন ফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপেক্ষা কৰক । অহা সপ্তাহত বহু কেইটা নতুন স্মাৰ্টফোন মুকলি হ’বলৈ গৈ আছে । অহা সপ্তাহত Redmi, Motorola, OnePlus, itel আৰু Oppo ৰ বাহিৰেও Poco ব্ৰেণ্ডৰ এই নতুন স্মাৰ্টফোনবোৰ মুকলি কৰা হ’ব । কোনবোৰ স্মাৰ্টফোন কেতিয়া মুকলি হ’ব ? জানোঁ আহক…

Redmi 14c

অহা সপ্তাহত ৬ জানুৱাৰীত ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব Redmi ব্ৰেণ্ডৰ এই ফোনটো। লঞ্চৰ পিছত এই ফোনটো Mi.com ৰ উপৰিও Flipkart আৰু Amazon ত বিক্ৰী কৰা হ’ব।

Moto G05

মটৰ’লা ব্ৰেণ্ডৰ এই নতুন স্মাৰ্টফোনটো অহা ৭ জানুৱাৰীৰ দুপৰীয়া ১২ বজাত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। লঞ্চৰ পিছত এই আগন্তুক ফোনটো ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব।

OnePlus 13 Series

OnePlus ৰ এই আগন্তুক ছিৰিজত দুটা নতুন স্মাৰ্টফোন OnePlus 13 আৰু OnePlus 13R মুকলি কৰিব। এই ছিৰিজ অহা সপ্তাহত অহা ৭ জানুৱাৰীত ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। মুকলিৰ পিছত আপুনি এই নতুন ফোনসমূহ আমাজনত ক্ৰয় কৰিব পাৰিব।

itel Zeno 10

অহা সপ্তাহত ৯ জানুৱাৰীত মুকলি কৰা হ’ব আইটেল ব্ৰেণ্ডৰ এই শেহতীয়া স্মাৰ্টফোনটো। আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত এই স্মাৰ্টফোনটো ই-কমাৰ্চ প্লেটফৰ্ম আমাজনত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব।

Oppo Reno 13 Series

Oppo এই ছিৰিজ ৯ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত মুকলি কৰা হ’ব। এই ছিৰিজত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব Oppo Reno 13 আৰু Oppo Reno 13 Pro। মুকলিৰ পিছত আপুনি কোম্পানীটোৰ চাইটৰ লগতে ফ্লিপকাৰ্টৰ পৰাও ক্ৰয় কৰিব পাৰিব শেহতীয়া এই স্মাৰ্টফোন।

Poco X7 Series

অহা সপ্তাহত ৯ জানুৱাৰীত ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব Poco X7 series। এই ছিৰিজত Poco X7 আৰু Poco X7 Pro দুটা নতুন স্মাৰ্টফোন গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। মুকলিৰ পিছত এই দুয়োটা ফোন ফ্লিপকাৰ্টত ক্ৰয় কৰিব পাৰিব।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে