24 Jul 2024 12:49 PM
পেট্ৰ’লত নচলা বাইক, বিদ্যুতেৰে চলাবলৈ চাৰ্জিঙৰ প্ৰয়োজনো নহয়। এইখন ইক’-ফ্ৰেণ্ডলী বাইক, Kawasaki ৰ দ্বাৰা নিৰ্মিত। জাপানী বাইক কোম্পানীয়ে মুকলি কৰিছে এখন ছুপাৰবাইক, যিখন হাইড্ৰজেনেৰে চলি থাকে।
হাইড্ৰজেনেৰে চলি থকাৰ বাবে ই প্ৰদূষণ বিয়পাই নিদিয়ে। পেট্ৰ’ল চালিত বাইকে ধোঁৱা নিৰ্গত কৰে যদিও কাৱাছাকিৰ হাইড্ৰ’জেন বাইকে কেৱল পানীহে নিৰ্গত কৰে।
হাইড্ৰজেন ছুপাৰবাইকখনত ব্যৱহাৰ কৰা হৈছে 998cc ইন-চাৰ্জ ফোৰ ছুপাৰচাৰ্জড মটৰ। এই বাইকখন পোনপটীয়াকৈ হাইড্ৰজেনেৰে চলি থাকে, কাৰণ ইঞ্জিনখন সংশোধন কৰি হাইড্ৰজেন পোনপটীয়াকৈ চিলিণ্ডাৰলৈ প্ৰেৰণ কৰা হৈছে। এই বাইকখন Kawasaki H2 SX ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
এই প্ৰকল্পটো HySE (Hydrogen, Small Mobility and Engine Technology)ৰ অংশ। ইয়াৰ অধীনত জাপানী কোম্পানী - কাৱাছাকি, ইয়ামাহা, হোণ্ডা, চুজুকি আৰু টয়োটা একেলগে সেউজ গতিশীলতাৰ ওপৰত ভিত্তি কৰি বাহন নিৰ্মাণ কৰিছে, যাতে প্ৰদূষণ হ্ৰাস কৰিব পৰা যায়।
বৰ্তমান Kawasakiৰ হাইড্ৰজেন বাইকখন প্ৰোট’টাইপ। ২০৩০ চনৰ ভিতৰত হাইড্ৰজেন চালিত বাইক বৃহৎ পৰিসৰত বজাৰত মুকলি কৰাৰ মনস্থ কৰিছে কোম্পানীটোৱে। এই হাইড্ৰজেন প্ৰযুক্তিয়ে ভৱিষ্যতে পৰিৱেশ অনুকূল বাইক খণ্ডত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।