শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Tiktok: ট্ৰাম্পে ক্ৰয় কৰাৰ সম্ভাৱনা! পুনৰ ভাৰতত আৰম্ভ হ’ব নেকি টিকটক?

Tiktok: ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে TIKTOK ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল ড'নাল্ড ট্ৰাম্পে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টিকটক সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ বাবে ট্ৰাম্পে ৩০দিনৰ সময় লৈছে।

Tiktok: ট্ৰাম্পে ক্ৰয় কৰাৰ সম্ভাৱনা! পুনৰ ভাৰতত আৰম্ভ হ’ব নেকি টিকটক?
টিকটকImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Jan 2025 20:25 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে টিকটক (Tiktok) ৰ ওপৰত থকা নিষেধাজ্ঞা অস্থায়ীৰূপে প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ মাজতে টিকটক ক্ৰয় কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্নজনলোকৰ সৈতে আলোচনা কৰে। সম্ভৱতঃ অহা ৩০ দিনৰ ভিতৰত ট্ৰাম্পে এই সন্দৰ্ভত কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এই সিদ্ধান্তৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক ইলন মাস্কৰ লগতে আন বহু বিশিষ্ট আমেৰিকান ব্যৱসায়ীয়ে সহায় কৰিব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, চোৰাংচোৱা কৰাৰ অভিযোগত আমেৰিকাৰ আদালতে টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই একেই অভিযোগৰ বাবে ২০২০ চনৰ জুন মাহত ভাৰততো টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এতিয়া প্ৰশ্ন হৈছে, যদি টিকটক আমেৰিকাই ক্ৰয় কৰে তেন্তে ভাৰততো এই এপ পুনৰ বাহাল হ’ব নেকি?

বৰ্তমান স্বত্বাধিকাৰী কোন

বৰ্তমান সময়ত আমেৰিকা আৰু চীন দুয়োখন দেশে টিকটকৰ অংশীদাৰিত্বত আছে। টিকটকত চীনৰ ByteDance আৰু আমেৰিকাৰ Oracle কোম্পানীৰ অংশীদাৰিত্ব আছে। ট্ৰাম্পে বিচাৰে টিকটকত আমেৰিকাৰ ৫০ শতাংশতকৈ অধিক অংশীদাৰিত্ব থাকক আৰু ইয়াৰ চফটৱেৰ আপডেট আৰু ডাটা চেণ্টাৰ কেৱল আমেৰিকাত হ’ব লাগে। ইয়াৰ বাবে ট্ৰাম্পে ৭৫ দিনৰ উইণ্ড’ তৈয়াৰ কৰিছে, য’ত আমেৰিকাৰ কোম্পানীসমূহে বাইটডান্সৰ পৰা তেওঁৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ সম্ভাৱনা আছে।

কোনে ক্ৰয় কৰিব পাৰে

চীনৰ কোম্পানী ByteDance ৰ পৰা টিকটক ক্ৰয় কৰাৰ বাবে সকলোতকৈ আগত আছে আমেৰিকাৰ Oracle নামৰ কোম্পানীটো। ইয়াৰোপৰি ইলন মাস্কেও টিকটক ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ কৰিছে। টিকটক ক্ৰয়ৰ দৌৰত থকা আন উদ্যোগপতিসকলৰ ভিতৰত আছে কোটিপতি ফ্ৰেংক মেকক’ৰ্টৰ নেতৃত্বত বিনিয়োগকাৰী গোট আৰু মিষ্টাৰ বিষ্ট নামেৰে পৰিচিত ইউটিউব তাৰকা জিমি ড’নাল্ডছন।

ভাৰতত টিকটক পুনৰ আৰম্ভ হ’ব নেকি

যদি আমেৰিকাৰ ওচৰত টিকটকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ পায় তেন্তে টিকটক ভাৰতলৈ ঘূৰি আহিব পাৰে। অৱশ্যে ইয়াৰ বাবে টিকটকে ভাৰতীয় আইন মানি চলিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে,বৰ্তমান ভাৰতত থকা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, থ্ৰেড, হোৱাটছএপ আৰু এক্স আদিয়ে ভাৰতীয় নিয়ম মানি চলে। গতিকে এতিয়া মাঁথো সময়লৈকে অপেক্ষা। টিকটক ক্ৰয় কৰা সন্দৰ্ভত আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব। ইয়াৰোপৰি টিকটক সন্দৰ্ভত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো মন্তব্য প্ৰদান কৰা নাই।

 

 

অন্য খবৰ পঢ়কঃ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ শপত গ্ৰহণৰ পাছতেই পুনৰ আৰম্ভ হ’ব টিকটক!