Apple iPhone 16 Pro সৈতে তুলনা কৰিব পৰা পাঁচটা এণ্ড্ৰইড স্মাৰ্টফোন, জানক সবিশেষ…

এই পাঁচটা স্মাৰ্টফোন আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে । ফিচাৰৰ ক্ষেত্ৰত এই ফোনসমূহে Apple iPhone 16 Pro ৰ সৈতেও প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। চাওঁ আহক এই স্মাৰ্টফোন কেইটাৰ সবিশেষ ।

Apple iPhone 16 Pro সৈতে তুলনা কৰিব পৰা পাঁচটা এণ্ড্ৰইড স্মাৰ্টফোন, জানক সবিশেষ...

আইফোন

Updated On: 

25 Dec 2024 12:20 PM

আপুনি আইফোনৰ বিকল্প হিচাপে ইয়াৰ সমতুল্য এণ্ড্ৰইড স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি পৰিকল্পনা কৰিছে তেন্তে এই পাঁচটা স্মাৰ্টফোন আপোনাৰ বাবে ভাল বিকল্প হ’ব পাৰে । ফিচাৰৰ ক্ষেত্ৰত এই ফোনসমূহে Apple iPhone 16 Pro ৰ সৈতেও প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। চাওঁ আহক এই স্মাৰ্টফোন কেইটাৰ সবিশেষ ।

Vivo X200 Pro

Apple iPhone 16 Proৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা ফোনসমূহৰ তালিকাত এইটোৱেই হৈছে শেহতীয়া স্মাৰ্টফোন। ইয়াৰ মূল্য ৯৪,৯৯৯ টকা। এই ফোনত আছে 16GB ৰেম আৰু 512GB ইণ্টাৰনেল মেমৰি। এই ফোনটোৰ পিছফালৰ কেমেৰা 200 মেগাপিক্সেল। আনহাতে স্ক্ৰীণৰ আকাৰ 6.78 ইঞ্চি। ইয়াত Octa-Core Dimensity 9400 3nm প্ৰচেছৰ আৰু Immortalis-G925 GPU আছে । Vivo X200 Pro ত আছে 6000mAh বেটাৰী।

Samsung Galaxy S24

এপলৰ সমতুল্য এটা এণ্ড্ৰইড স্মাৰ্টফোন হৈছে Samsung Galaxy S24 । এই স্মাৰ্টফোন 5X জুম লেন্সৰ সৈতে 200 মেগাপিক্সেলৰ কোৱাড কেমেৰা আছে। ইয়াত 5000 mAh বেটাৰী আছে। ইয়াৰ মূল্য ৭৯,৯৯৯ টকা। ইয়াত আছে Snapdragon 8 Gen 3 চিপছেট আৰু 6.8 ইঞ্চি AMOLED স্ক্ৰীণ।

iQoo 13

এই স্মাৰ্টফোনটো আপোনাৰ ভাল বিকল্প হ’ব পাৰে । স্মাৰ্টফোনৰ মূল্য ৬৬,৯৯৯ টকা। ইয়াত আপুনি Snapdragon 8 Elite চিপছেট লাভ কৰিব । ইয়াত 6000 mAh বেটাৰী, 16 GB ৰেম আৰু 512 GB ইণ্টাৰনেল মেমৰি আছে। ইয়াত 50 মেগাপিক্সেলৰ চ’নী IMX921 ট্ৰু কালাৰ মেইন ৰিয়াৰ কেমেৰা আছে। ইয়াৰ উপৰিও 50 মেগাপিক্সেলৰ ৱাইড এংগল কেমেৰা, 50 মেগাপিক্সেলৰ টেলিফটো কেমেৰা আৰু 32 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা উপলব্ধ হ’ব।

Google Pixel 9 Pro XL

এই ফোনটো কেমেৰাৰ বাবে জনপ্ৰিয়। ইয়াৰ মূল্য ১,৩৯,৯৯৯ টকা। ইয়াত 16 GB ৰেম আৰু 512 GB ইণ্টাৰনেল মেমৰি আছে। কেৱল এয়াই নহয়, ইয়াত 50 মেগাপিক্সেল, 48 মেগাপিক্সেল, 48 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা ছেটআপ আৰু 42 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰাও লাভ কৰিব । ইয়াত 5060 mAh বেটাৰী লাভ কৰিব। ইয়াত উপলব্ধ হৈছে গুগলৰ নিজা Tracer G4 চিপছেট। এই ফোনটোৰ স্ক্ৰীণৰ আকাৰ 6.8 ইঞ্চি।

Google Pixel 9 Pro

6.3 ইঞ্চিৰ স্ক্ৰীণৰ এই স্মাৰ্টফোনটোত লাভ কৰিব 4700mAh বেটাৰী। ইয়াত 16 GB ৰেম আৰু 256 GB ইণ্টাৰনেল মেমৰি আছে। এই ফোনত Google Tensor G4 চিপছেটও আছে। বাকী ফিচাৰসমূহ Google Pixel 9 Pro XLৰ দৰেই। ইয়াৰ মূল্য ১,০৯,৯৯৯ টকা।

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!