১০ হাজাৰতকৈও কম মূল্যত উপলব্ধ পাঁচটা 5G স্মাৰ্টফোন, সবিশেষ চাওঁক…
১০ হাজাৰতকৈও কম মূল্যত ক্ৰয় কৰিব পাৰিব এই কেইটা স্মাৰ্টফোন । কেৱল সেয়াই নহয় এই স্মাৰ্টফোনত লাভ কৰিব 5G ৰ সুবিধা । ১০ হাজাৰ মূল্যৰ ভিতৰত 5G ছেগমেণ্টত সীমিত সংখ্যক স্মাৰ্টফোনহে উপলব্ধ।
বছৰৰ শেষত যদি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই কেইটা স্মাৰ্টফোন চাওঁক । ১০ হাজাৰতকৈও কম মূল্যত ক্ৰয় কৰিব পাৰিব এই কেইটা স্মাৰ্টফোন । কেৱল সেয়াই নহয় এই স্মাৰ্টফোনত লাভ কৰিব 5G ৰ সুবিধা । ১০ হাজাৰ মূল্যৰ ভিতৰত 5G ছেগমেণ্টত সীমিত সংখ্যক স্মাৰ্টফোনহে উপলব্ধ। শেহতীয়াকৈ এই শিতানত বাজেট ফোনত মুকলি কৰা হৈছে Poco C75 5G আৰু Moto G35ৰ দৰে স্মাৰ্টফোন। Poco C75 5G ফোনৰ সন্দৰ্ভত কোম্পানীটোৱে দাবী কৰিছে যে, ই দেশৰ ভিতৰতে আটাইতকৈ সুলভ মূল্যৰ 5G ফোন।
১০ হাজাৰ টকাৰ তলৰ শ্ৰেষ্ঠ পাঁচটা 5G ফোন
Poco C75 5G: এই ফোনটোৰ মূল্য ৭,৯৯৯ টকা। ইয়াত আছে Snapdragon 4s Gen2 চিপছেট। ইয়াত পিছফালৰ কেমেৰা 50 মেগাপিক্সেল,1.8 মেগাপিক্সেল চাপৰ্ট কেমেৰা আৰু 5 মেগাপিক্সেল চেলফি কেমেৰা দিয়া হৈছে । লগতে চ’নী লেন্স দিয়া হৈছে । ইয়াৰ উপৰিও 5160 mAH বেটাৰী আছে, যাৰ সৈতে 18W ফাষ্ট চাৰ্জিঙৰ সুবিধা লাভ কৰিব । এই ফোনটোত 4GB + 64GB মেমৰি ছেটআপ আছে।
Moto G35 5G: Moto G35 5G ফোনটোত 18W ফাষ্ট চাৰ্জিঙৰ সৈতে 5000 mAh বেটাৰী লাভ কৰিব। ইয়াত আছে Unisoc T760 চিপছেট। মেম’ৰিৰ ক্ষেত্ৰত ইয়াত 4GB + 128GB ছেটআপ আছে। কেমেৰা স্তৰত এই ফোনত আছে 50 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা, 8 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড লেন্স আৰু 16 মেগাপিক্সেলৰ চেলফি কেমেৰা। ইয়াৰ মূল্য ৯,৯৯৯ টকা।
Realme C61: কোম্পানীয়ে এই ফোনটো ২০২৪ চনতহে মুকলি কৰিছে। ইয়াত আছে Unisoc T612 চিপছেট। এই শীৰ্ষ ভেৰিয়েন্টত 6GB + 128GB মেমৰি ছেটআপ আছে। ইয়াত 5000 mAh বেটাৰী আছে। কেমেৰা ছেটআপত আছে 32 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা আৰু 5 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা । ইয়াৰ মূল্য ৮,৯৯৯ টকা।
Lava Blaze2 5G : এই ফোনটোও ১০ হাজাৰ টকাৰ ভিতৰত উপলব্ধ 5G স্মাৰ্টফোনৰ ভিতৰত অন্যতম। ইয়াত আপুনি MediaTek Dimensity 6020 chipset পাব। ইয়াত 5000 mAh বেটাৰী আছে। পিছফালে 50 মেগাপিক্সেল + 0.8 মেগাপিক্সেলৰ কেমেৰা ছেটআপ আছে। আনহাতে 8 মেগাপিক্সেলৰ চেলফি কেমেৰা আছে। ইয়াৰ শীৰ্ষ ভেৰিয়েন্টত 6GB + 128GB চেটআপ আছে। ইয়াৰ মূল্য ৯,৯৯৯ টকা।
Redmi A4 5G: ৰেডমিৰ A4 5G ফোনটোও ১০ হাজাৰ টকাৰ তলৰ স্মাৰ্টফোনৰ ৰেঞ্জত উপলব্ধ। ইয়াত Poco C75 5G ৰ দৰে Snapdragon 4s Gen2 চিপছেট আছে। ইয়াৰ মূল কেমেৰা 50 মেগাপিক্সেল আৰু পিছফালে 1.8 মেগাপিক্সেল ডেপথ কেমেৰা আছে। আনহাতে চেলফিৰ বাবে 5 মেগাপিক্সেলৰ কেমেৰা আছে। ইয়াত 4GB ৰেমৰ সৈতে 64GB আৰু 128GB ইণ্টাৰনেল মেমৰি বিকল্প থাকিব। ইয়াৰ বেটাৰী 5160 mAH। ইয়াৰ মূল্য ৮,৯৪৮ টকাৰ পৰা আৰম্ভ হয়।