5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোনবোৰ স্মাৰ্টফোন কোম্পানীয়ে ৭ বছৰ ধৰি চফটৱেৰ আপডেট প্ৰদান কৰে ?

স্মাৰ্টফোন ব্যৱহাৰ সহজ কৰি তুলিবলৈ সময়ে সময়ে মোবাইল কোম্পানীসমূহে নতুন চফটৱেৰ প্ৰৱৰ্তন কৰি থাকে আৰু বহু কোম্পানীয়ে আনকি পুৰণি স্মাৰ্টফোনত এই চফটৱেৰসমূহ OTA ৰ জৰিয়তে আপডেট কৰে।

কোনবোৰ স্মাৰ্টফোন কোম্পানীয়ে ৭ বছৰ ধৰি চফটৱেৰ আপডেট প্ৰদান কৰে ?
স্মাৰ্টফোন চফটৱেৰ আপডেট
manas-borah
Manas Borah | Published: 13 Oct 2024 13:31 PM

বৰ্তমান সময়ত সকলোৰে প্ৰয়োজনীয় এটা গেজেট হৈছে স্মাৰ্টফোন । স্মাৰ্টফোন ব্যৱহাৰ সহজ কৰি তুলিবলৈ সময়ে সময়ে মোবাইল কোম্পানীসমূহে নতুন চফটৱেৰ প্ৰৱৰ্তন কৰি থাকে আৰু বহু কোম্পানীয়ে আনকি পুৰণি স্মাৰ্টফোনত এই চফটৱেৰসমূহ OTA ৰ জৰিয়তে আপডেট কৰে। এই প্ৰতিবেদনত এনে স্মাৰ্টফোন নিৰ্মাণ কোম্পানীসমূহৰ বিষয়ে কোৱা হৈছে, যিবোৰে সৰ্বাধিক বছৰৰ বাবে চফটৱেৰ আপডেট কৰাৰ সুবিধা প্ৰদান কৰে।

দেশত মাত্ৰ দুটা স্মাৰ্টফোন কোম্পানীয়ে ৭ বছৰ ধৰি স্মাৰ্টফোনত চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পে্টচ প্ৰদান কৰে, এই কোম্পানীসমূহ হ’ল গুগল আৰু চেমচাং। যদি আপুনি Google Pixel আৰু যিকোনো Samsung ফোন ব্যৱহাৰ কৰে, তেন্তে আপুনি ৭ বছৰৰ বাবে চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পে্টচ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।

এপলৰ আইফোনসমূহ ছিকিউৰিটি ফিচাৰৰ বাবে জনাজাত আৰু বেছিভাগ ব্যৱহাৰকাৰীয়ে ছিকিউৰিটি ফিচাৰ বাবেই আইফোন ক্ৰয় কৰে । ইয়াৰ কাৰণ হৈছে-আইফোনত থকা ছিকিউৰিটি পে্টচ অতি শক্তিশালী । কিন্তু এপলে নিজৰ আইফোনত চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পে্টচৰ সুবিধা মাত্ৰ ৬ বছৰৰ বাবেহে প্ৰদান কৰে।

আনহাতে চীনৰ স্মাৰ্টফোন নিৰ্মাতা ৱানপ্লাছেও এপলৰ দৰে ৬ বছৰৰ বাবে নিজৰ ফোনত চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পে্টচ সুবিধা প্ৰদান কৰে। স্মাৰ্টফোনৰ চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পে্টচৰ বাবে ৬ ৰ পৰা ৭ বছৰ যথেষ্ট। কিন্তু এটা কোম্পানী আছে যিয়ে মাত্ৰ ৫ বছৰৰ বাবেহে চফটৱেৰ আপডেট আৰু ছিকিউৰিটি পেচ প্ৰদান কৰে । এই কোম্পানীটো হ’ল মটৰ’লা।

Latest News