ইলেক্ট্ৰিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান UBON- এ বজাৰত মুকলি কৰিছে এক নতুন পাৱাৰ বেংক PB-X111। এই পাৱাৰ বেংকৰ সহায়ত এডাল চাৰ্জাৰৰ জৰিয়তেই ফোন, ইয়াৰবাড আৰু স্মাৰ্টৱাচ সকলো চাৰ্জ কৰিব পাৰিব। এই পাৱাৰ বেংকটো ক'লা আৰু বগা ৰঙত উপলব্ধ হ’ব।
এই UBON PB-X111 পাৱাৰবেংকত 10,000mAh বেটাৰী পাৱাৰ আৰু ৩০ ৱাট চাৰ্জিং চাপ’ৰ্ট সুবিধা উপলব্ধ। ইয়াৰ উপৰিও এই পাৱাৰবেংকত ১৫ ৱাটৰ বায়াৰলেছ চাৰ্জিঙৰ সুবিধা উপলব্ধ। এই পাৱাৰবেংকৰ জৰিয়তে প্ৰায় সকলো টেবলেট আৰু স্মাৰ্টফোনতে চাৰ্জ দিব পৰা হ’ব।
UBON PB-X111- এ ভ্ৰমণৰ সময়ত প্ৰতিটো ডিভাইচৰ বাবে পৃথক চাৰ্জাৰ কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা দূৰ কৰিব।
UBON- এ সদৰী কৰা মতে PB-X111 পাৱাৰ বেংকত যিকোনো ডিভাইচক অতিমাত্ৰা উত্তাপ আৰু অতিমাত্ৰা ভল্টেজৰ পৰা ৰক্ষা কৰিবলৈ উন্নত সুৰক্ষা ব্যৱস্থা সংলগ্ন কৰা হৈছে। ইয়াৰ দ্বাৰা চাৰ্জিং প্ৰক্ৰিয়াৰ সময়ত যিকোনো ডিভাইচৰ সুৰক্ষা নিশ্চিত হ’ব।
UBON ৰ অফিচিয়েল ৱেবছাইটত এই পাৱাৰ বেংকটোৰ দাম ১৫০০ টকা বুলি দেখুওৱা হৈছে। গতিকে মাত্ৰ ১৫০০ টকাতে উপলব্ধ এই পাৱাৰ বেংকটো ভ্ৰমণৰ সময়ত যিকোনো লোকৰ বাবে অত্যন্ত সহায়ক হ’ব।