গ্ৰাহকৰ অভাৱ নহ’লেও এইকেইখন বাহনত পিছে সুৰক্ষাৰ অভাৱঃ চাওক চেফ্টী ৰেটিং | Unsafe cars in India check safety rating Maruti Suzuki Honda Mahindra Assam news - Assam Tv9

গ্ৰাহকৰ অভাৱ নহ’লেও এইকেইখন বাহনত পিছে সুৰক্ষাৰ অভাৱঃ চাওক চেফ্টী ৰেটিং

Published: 

14 Sep 2024 14:28 PM

বাহন এখনৰ উন্নত সুৰক্ষা ব্যৱস্থাই আমাক যিকোনো অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। সেয়ে আমি বাহন এখন ক্ৰয় কৰাৰ পূৰ্বে সুৰক্ষাৰ দিশক লৈ অধিক সচেতন হ’ব লাগে। আমাৰ দেশৰ বজাৰত বহুলভাৱে প্ৰচলিত এনে কেইখনমান বাহন সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত পিছপৰা।

গ্ৰাহকৰ অভাৱ নহ’লেও এইকেইখন বাহনত পিছে সুৰক্ষাৰ অভাৱঃ চাওক চেফ্টী ৰেটিং

দেশৰ বজাৰত প্ৰচলিত কেইখনমান অসুৰক্ষিত বাহন

Follow Us On

নতুন বাহন এখন ক্ৰয় কৰাৰ পূৰ্বে সাধাৰণতে অধিকাংশ লোকে বাহনখনত উপলব্ধ সুবিধা আৰু মাইলেজৰ প্ৰতি গুৰুত্ব দিয়ে। কিন্তু আমি মনত ৰখা উচিত যে বাহনখনৰ সুবিধা আৰু মাইলেজতকৈ ইয়াৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতিহে আমি অধিক গুৰুত্ব দিয়া উচিত। বাহন এখনৰ উন্নত সুৰক্ষা ব্যৱস্থাই আমাক যিকোনো অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। সেয়ে আমি বাহন এখন ক্ৰয় কৰাৰ পূৰ্বে সুৰক্ষাৰ দিশক লৈ অধিক সচেতন হ’ব লাগে। আমাৰ দেশৰ বজাৰত বহুলভাৱে প্ৰচলিত এনে কেইখনমান বাহন সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত পিছপৰা।

এই অসুৰক্ষিত বাহনৰ তালিকাত মাৰুতি চুজুকি, মহিন্দ্ৰা, চিট্ৰ’ন আৰু হোণ্ডাৰ দৰে কোম্পানীৰ বাহনো অন্তৰ্ভুক্ত হৈছে। গ্ল’বেল এনচিএপি এজেন্সীয়ে এই বাহনসমূহৰ ক্ৰেচ টেষ্টিং কৰি সুৰক্ষাৰ ৰেটিং প্ৰকাশ কৰিছে। চাওঁ আহক এনে পাঁচখন বাহনৰ বিষয়ে-

মাৰুতি চুজুকি Ignisৰ সুৰক্ষা ৰেটিং

মাৰুতি চুজুকিৰ অধিকাংশ বাহনেই গ্ল’বেল এনচিএপি ক্ৰেচ টেষ্টিঙত অত্যন্ত নিম্ন ৰেটিং লাভ কৰিছে। ক্ৰেচ টেষ্টিঙৰ ফলাফল অনুসৰি Ignis- এ শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত শূন্য ৰেটিং আৰু প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ ক্ষেত্ৰত ১ ষ্টাৰ ৰেটিং পাইছে। ৫.৮৪ লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা ৮.০৬ লাখ টকা (এক্স শ্ব’ৰুম)লৈকে দৰৰ এই বাহনখনৰ সুৰক্ষা ৰেটিং কম হ’লেও পিছে দেশত এই বাহনখন যথেষ্ট বিক্ৰী হৈছে।

মহিন্দ্ৰ Bolero Neoৰ সুৰক্ষা ৰেটিং

মহিন্দ্ৰাৰ এই SUV খনে গ্ল’বেল এনচিএপি ক্ৰেচ টেষ্টিঙত প্ৰাপ্তবয়স্ক আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত মাত্ৰ ১ ষ্টাৰ ছেফটি ৰেটিংহে পাইছে। এই বাহনখনৰ দাম হৈছে ৯.৯৫ লাখ টকা (এক্স-শ্ব’ৰুম)ৰ পৰা ১২.১৫ লাখ টকা (এক্স-শ্ব’ৰুম)লৈকে।

হোণ্ডা Amazeৰ ছেফটি ৰেটিং

ক্ৰেচ টেষ্টিঙৰ ফলাফল অনুসৰি হোণ্ডাৰ এই বাহনখনে প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ ক্ষেত্ৰত ২ ষ্টাৰ আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত শূন্য ষ্টাৰ ৰেটিং পাইছে। ভাৰতীয় বজাৰত এই বাহনখনৰ মূল্য ৭.১৯ লাখ টকা (এক্স-শ্ব’ৰুম)ৰ পৰা ৯.৯৫ লাখ টকা (এক্স-শ্ব’ৰুম)লৈকে।

Citroen eC3 সুৰক্ষা ৰেটিং

Citroen কোম্পানীৰ এই বাহনখনে ক্ৰেচ টেষ্টিঙত ৰেটিং অত্যন্ত নিম্ন ৰেটিং লাভ কৰিছে। গ্ল’বেল এনচিএপিয়ে এই গাড়ীখনৰ ক্ৰেচ টেষ্টিঙৰ পিছত প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ ক্ষেত্ৰত শূন্য ৰেটিং দিছে। একে সময়তে এই গাড়ীখনক শিশু সুৰক্ষাৰ ক্ষেত্ৰত ১ ষ্টাৰ ৰেটিং দিয়া হৈছে। Citroen eC3 ৰ কথা বজাৰ মূল্য ১২.৭৬ লাখ টকাৰ (এক্স শ্ব’ৰুম) পৰা আৰম্ভ হয়।

মাৰুতি চুজুকি WagonR সুৰক্ষা ৰেটিং

গ্ল’বেল এনচিএপিৰ অফিচিয়েল চাইটৰ মতে, মাৰুতি চুজুকিৰ এই বাহনখনে ক্ৰেচ টেষ্টিঙত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত শূন্য ষ্টাৰ ৰেটিং আৰু প্ৰাপ্তবয়স্কৰ সুৰক্ষাৰ ক্ষেত্ৰত ১ ষ্টাৰ ৰেটিং লাভ কৰিছে। সুৰক্ষাৰ দিশৰ পৰা পিছপৰা হ’লেও ভাৰতীয় বজাৰত এই বাহনখনে পিছে যথেষ্ট সমাদৰ লাভ কৰিছে। এই বাহনখনৰ বজাৰ মূল্য ৫.৫৫ লাখ টকা (এক্স-শ্ব’ৰুম)ৰ পৰা ৭.২১ লাখ টকা (এক্স-শ্ব’ৰুম)লৈকে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version