স্মাৰ্টফোন ক্ৰয়ৰ কথা চিন্তা কৰিছে নেকি? অহা সপ্তাহত বজাৰলৈ আহিব এইকেইটা 5G ফোন | Upcoming smartphones in India Moto iQOO see details Assam news - Assam Tv9

স্মাৰ্টফোন ক্ৰয়ৰ কথা চিন্তা কৰিছে নেকি? অহা সপ্তাহত বজাৰলৈ আহিব এইকেইটা 5G ফোন

Published: 

18 Aug 2024 13:49 PM

বৰ্তমান সময়ত এটা স্মাৰ্টফোন মানুহৰ জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে। ইফালে টেলিকম কোম্পানীসমূহে দ্ৰুতগতিৰ 5G সেৱা দেশত মুকলি কৰাৰ পিছত এতিয়া এই সেৱা ব্যৱহাৰ কৰিব পৰা 5G মোবাইলো প্ৰয়োজনীয় হৈ পৰিছে। গতিকে আপুনিও যদি সম্প্ৰতি এটা নতুন 5G স্মাৰ্টফোন ক্ৰয়ৰ কথা চিন্তা কৰিছে, তেন্তে আপুনি অপেক্ষা কৰক অহা সপ্তাহলৈ অপেক্ষা কৰক। অহা সপ্তাহত দেশৰ বজাৰত মুকলি কৰা হ’ব Motorola G45 5G, iQOO Z9S Pro আৰু iQOO Z9S স্মাৰ্টফোন।

1 / 6iQOO Z9S Pro: অহা সপ্তাহত iQOO কোম্পানীৰ এই স্মাৰ্টফোন ভাৰতৰ বজাৰত উপলব্ধ হ’ব। অহা ২১ আগষ্টত এই ফোনটো মুকলি কৰা হ’ব। আমাজনৰ পৰা এই নতুন স্মাৰ্ট ফোনটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

iQOO Z9S Pro: অহা সপ্তাহত iQOO কোম্পানীৰ এই স্মাৰ্টফোন ভাৰতৰ বজাৰত উপলব্ধ হ’ব। অহা ২১ আগষ্টত এই ফোনটো মুকলি কৰা হ’ব। আমাজনৰ পৰা এই নতুন স্মাৰ্ট ফোনটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

2 / 6

iQOO Z9S Pro ফোনটোত আছে স্নেপড্ৰেগন 7 জেনেৰেচন 3 প্ৰচেছৰ, এড্ৰিনো 720 GPU, 5500 mAh বেটাৰী, 80 ৱাট ফাষ্ট চাৰ্জ, 4500 নিটছ পিক ব্ৰাইটনেছ, 120 Hz 3D curved AMOLED ডিছপ্লে, AI সুবিধাসহ 50MP ডুৱেল কেমেৰাৰ সুবিধা উপলব্ধ হ’ব।

3 / 6

Motorola G45 5G: অহা ২১ আগষ্টতে মটৰ’লা কোম্পানীৰ এই নতুন ফোনটো ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। কোম্পানীটোৰ অফিচিয়েল চাইটৰ উপৰিও ফ্লিপকাৰ্টৰ পৰা এই স্মাৰ্টফোনটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

4 / 6

এই Motorola G45 5G ফোনত স্নেপড্ৰেগন 6S জেনেৰেচন 3 প্ৰচেছৰ, 13 5G বেণ্ড চাপৰ্ট, 6.5 ইঞ্চি 120 Hz ডিছপ্লে, গৰিলা গ্লাছ 3 প্ৰটেকচন, 50MP কোৱাড পিক্সেল কেমেৰা, 8GB ৰেম, 128GB ষ্ট’ৰেজ, 5000mAh বেটাৰী আৰু ভাৰ্চুৱেল ৰেমৰ সুবিধা থাকিব।

5 / 6

iQOO Z9S: ২১ আগষ্টতে ভাৰতীয় বজাৰত এই স্মাৰ্টফোনটোও মুকলি কৰা হ’ব। আমাজনৰ পৰা এই স্মাৰ্টফোনটো ক্ৰয় কৰিব পাৰিব।

6 / 6

এই iQOO Z9S ফোনত আছে 120 Hz 3D curved AMOLED স্ক্ৰীণ, MediaTek Dimension 7300 প্ৰচেছৰ, 5500 mAh বেটাৰী, ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP64 ৰেটিং, AI সুবিধাসহ 50MP ডুৱেল ৰিয়াৰ কেমেৰাৰ দৰে সুবিধা।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!