5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Honor 200 Lite পৰা Infinix Zero 40 5G লৈকে, অহা সপ্তাহত গ্ৰাহকে লাভ কৰিব ৩ টা নতুন স্মাৰ্টফোন…

অলপ সময় অপেক্ষা কৰক, আপোনালোকৰ বাবে অহা সপ্তাহত তিনিটা নতুন স্মাৰ্টফোন ভাৰতীয় বজাৰত মুকলি কৰা হ’ব। Motorola, Infinix আৰু Honor দৰে কোম্পানীয়ে ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে নতুন স্মাৰ্টফোন। 

Honor 200 Lite পৰা Infinix Zero 40 5G লৈকে, অহা সপ্তাহত গ্ৰাহকে লাভ কৰিব ৩ টা নতুন স্মাৰ্টফোন…
স্মাৰ্টফোন
Follow Us
manas-borah
Manas Borah | Published: 14 Sep 2024 14:42 PM

আপুনি পূজাৰ পূৰ্বে নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে অলপ সময় অপেক্ষা কৰক, আপোনালোকৰ বাবে অহা সপ্তাহত তিনিটা নতুন স্মাৰ্টফোন ভাৰতীয় বজাৰত মুকলি কৰা হ’ব। Motorola, Infinix আৰু Honor দৰে কোম্পানীয়ে ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে নতুন স্মাৰ্টফোন।

Motorola Edge 50 Neo মুকলিৰ তাৰিখ

মটৰ’লা কোম্পানীৰ এই ফোনটো অহা সপ্তাহত ১৬ ছেপ্টেম্বৰত দুপৰীয়া ১২ বজাত গ্ৰাহকৰ বাবে ভাৰতীয় বজাৰত মুকলি কৰা হ’ব। অফিচিয়েল লঞ্চৰ পিছত কোম্পানীটোৰ অফিচিয়েল চাইটৰ বাহিৰেও ফ্লিপকাৰ্টৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব।

Motorola Edge 50 Neo স্পেচিফিকেশন

এই মটৰ’লা ফোনটোৱে পাঁচ বছৰৰ বাবে ৫টা অপাৰেটিং চিষ্টেম (অ’এছ) আপডেট আৰু চিকিউৰিটি আপডেট লাভ কৰিব। কেৱল এয়াই নহয়, এই ফোনটোত ম’ট’ এআই পাৱাৰড কেমেৰা চেন্সৰ আৰু এআই কেমেৰা ফিচাৰ, 50 মেগাপিক্সেল আল্ট্ৰা পিক্সেল কেমেৰা, 10 মেগাপিক্সেল টেলিফ’টো লেন্স, 6.4 ইঞ্চি ছুপাৰ এইচডি ডিছপ্লে, 3000 নিটছ পিক ব্রাইটনেছ, 68 ৱাট টাৰ্বোপাৱাৰ আৰু 15 ৱাট বেতাঁৰ চাৰ্জ ছাপ’ৰ্টৰ দৰে বৈশিষ্ট্য আছে ।

Infinix Zero 40 5G মুকলিৰ তাৰিখ

অহা ১৮ ছেপ্টেম্বৰত দুপৰীয়া ১২ বজাত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব ইনফিনিক্স ব্ৰেণ্ডৰ এই শেহতীয়া স্মাৰ্টফোনটো। মুকলিৰ পিছত এই স্মাৰ্টফোনটো কোম্পানীটোৰ অফিচিয়েল চাইটৰ উপৰিও ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত বিক্ৰী কৰা হ’ব।

Infinix Zero 40 5G স্পেচিফিকেশন

এই ফোনত থাকিব 4K 60FPS ভিডিঅ’ ৰেকৰ্ডিং ক্ষমতাৰ কেমেৰা, Infinix AI বৈশিষ্ট্য, AI কেমেৰা, 108 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা, 50 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰা আৰু ব’কে কেমেৰা চেন্সৰ। ইয়াৰ উপৰিও আপুনি এই ফোনটো Black, Titanium আৰু Violet Garden ৰঙৰ বিকল্পত ক্ৰয় কৰিব পাৰিব।

Honor 200 Lite মুকলিৰ তাৰিখ

Honor ব্ৰেণ্ডৰ এই আগন্তুক ফোনটো অহা সপ্তাহত ১৯ ছেপ্টেম্বৰত দুপৰীয়া ১২ বজাত ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। অফিচিয়েল লঞ্চৰ পিছত আপুনি এই ফোনটো ই-কমাৰ্চ প্লেটফৰ্ম আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব।

Honor 200 Lite স্পেচিফিকেশন (নিশ্চিত)

এই ফোনত থাকিব 108 মেগাপিক্সেলৰ কেমেৰা, লগতে মেক্ৰ’ কেমেৰা থাকিব। ফোনটোৰ সন্মুখত চেলফিৰ বাবে 50 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা চেন্সৰ প্ৰদান কৰা হ’ব। এই হেণ্ডছেটত AMOLED ডিছপ্লে থাকিব আৰু এই ফোনটোৱে Magic OS 8.0 ত কাম কৰিব।

Latest News