সুবিধা হ’ব UPI ব্যৱহাৰকাৰীৰঃ আজিৰ পৰা সলনি হ’ব UPIৰ এইসমূহ নিয়ম

ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ, চমুকৈ UPIৰ জৰিয়তে ধন পৰিশোধ কৰা লোকসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। আজিৰ পৰা Liteৰ কেইটামান বিশেষ নিয়ম সলনি কিৰা হ’ব। ইয়াৰ দ্বাৰা উপকৃত হ’ব UPI Lite ব্যৱহাৰকাৰীসকলে। আজিৰ ১ নৱেম্বৰৰ পৰা UPI Lite ব্যৱহাৰকাৰীসকলে অধিক ধন পৰিশোধ কৰিব পাৰিব।

সুবিধা হ’ব UPI ব্যৱহাৰকাৰীৰঃ আজিৰ পৰা সলনি হ’ব UPIৰ এইসমূহ নিয়ম

আজিৰ পৰা সলনি হ’ব UPI Liteৰ এনে নিয়ম

Published: 

01 Nov 2024 13:17 PM

বৰ্তমান সময়ত কেচলেছ লেনদেনৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। চহৰাঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলতো অনলাইন পে’মেণ্টৰ সুবিধা উপলব্ধ হৈ পৰিছে। বিভিন্ন এপৰ জৰিয়তে অনলাইনৰ জৰিয়তে ধন পৰিশোধ সহজ হৈ পৰাত সকলোৱে এই সুবিধা গ্ৰহণ কৰিছে। ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ, চমুকৈ UPIৰ জৰিয়তে ধন পৰিশোধ কৰা লোকসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। আজিৰ পৰা Liteৰ কেইটামান বিশেষ নিয়ম সলনি কিৰা হ’ব। ইয়াৰ দ্বাৰা উপকৃত হ’ব UPI Lite ব্যৱহাৰকাৰীসকলে।

তথ্য অনুসৰি আজিৰ ১ নৱেম্বৰৰ পৰা UPI Lite ব্যৱহাৰকাৰীসকলে অধিক ধন পৰিশোধ কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকেও শেহতীয়াকৈ UPI Liteৰ লেনদেনৰ সীমা বৃদ্ধি কৰিছে। একেদৰে আজিৰ পৰা UPI Liteৰ বেলেঞ্চ এটা নিৰ্দিষ্ট সীমাৰ তললৈ যোৱাৰ লগে লগে নতুন অটো টপ-আপ সুবিধাৰ জৰিয়তে পুনৰ UPI Liteত ধন যোগ কৰা হ’ব। ইয়াৰ ফলত মেনুৱেল টপ-আপৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব আৰু তেতিয়া UPI Liteৰ সহায়ত নিৰৱচ্ছিন্নভাৱে পেমেণ্ট কৰিব পৰা যাব।

আজিৰ পৰাই UPI Liteৰ অটো-টপ-আপ ফিচাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে UPI Lite হৈছে লেনদেনৰ বাবে সহজ এক ৱালেট, ইয়াৰ সহায়ত ব্যৱহাৰকাৰীসকলে UPI PIN ব্যৱহাৰ নকৰাকৈ সৰু সৰু লেনদেন কৰিব পাৰে। বৰ্তমান UPI Lite ব্যৱহাৰকাৰীয়ে পেমেণ্ট অব্যাহত ৰাখিবলৈ বেংক একাউণ্টৰ পৰা ৱালেটৰ বেলেঞ্চ নিজেই ৰিচাৰ্জ কৰিবলগীয়া হয়। অৱশ্যে নতুন অটো-টপ-আপ বৈশিষ্ট্যৰ জৰিয়তে মেনুৱেল ৰিচাৰ্জৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে।

চলিত বৰ্ষৰ ২৭ আগষ্টত নেচনেল পেমেণ্ট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়াই জাৰি কৰা অধিসূচনাত UPI Liteৰ অটো-পে বেলেঞ্চৰ সুবিধাৰ বিষয়ে ঘোষণা কৰা হৈছিল। এতিয়া অতি সোনকালে আপুনি UPI Lite ত নূন্যতম বেলেঞ্চ ছেট কৰিব পাৰিব। যেতিয়াই আপোনাৰ বেলেঞ্চ এই সীমাৰ তললৈ নামি যায়, আপোনাৰ UPI Lite ৱালেটত স্বয়ংক্ৰিয়ভাৱে আপোনাৰ লিংক কৰা বেংক একাউণ্টৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন সোমাব।

এইক্ষেত্ৰত ৰিচাৰ্জৰ পৰিমাণো ব্যৱহাৰকাৰীসকলে নিৰ্ধাৰণ কৰিব। এই ৱালেটৰ সীমা ২০০০ টকাতকৈ বেছি হ’ব নোৱাৰে। UPI Lite একাউণ্টত এদিনতে পাঁচটালৈকে টপ আপৰ অনুমতি দিয়া হ’ব। নেচনেল পেমেণ্ট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়াৰ মতে, UPI Lite ব্যৱহাৰকাৰীসকলে ৩১ অক্টোবৰৰ ভিতৰত অটো-পে বেলেঞ্চৰ সুবিধা সক্ষম কৰিব লাগিব। ইয়াৰ পিছত ১ নৱেম্বৰৰ পৰা অৰ্থাৎ আজিৰ পৰা UPI Liteত অটো টপ-আপ বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰিব।

UPI Lite ৰ জৰিয়তে প্ৰতিজন ব্যৱহাৰকাৰীয়ে ৫০০ টকা পৰ্যন্ত লেনদেন কৰিব পাৰে। ইয়াৰ সৈতে সৰ্বাধিক ২০০০ টকাৰ বেলেঞ্চ UPI Lite ৱালেটত ৰাখিব পাৰিব। UPI Lite ৱালেটৰ দৈনিক খৰচৰ সীমা ৪০০০ টকা। ভাৰতীয় ৰিজাৰ্ভ বেংকে UPI Liteৰ সৰ্বোচ্চ লেনদেনৰ সীমা ৫০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ উপৰিও UPI Liteৰ ৱালেটৰ সীমাও ২০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস