Vivo য়ে হ্ৰাস কৰিলে টি ছিৰিজ স্মাৰ্টফোনৰ মূল্য, জানক বৰ্তমান ইয়াৰ দাম কিমান ?
Vivo য়ে দুয়োটা টি ছিৰিজৰ স্মাৰ্টফোনৰ মূল্য হ্ৰাস কৰিছে। Vivo T3 Ultra আৰু Vivo T3 Pro এতিয়া কম মূল্যত উপলব্ধ। এই দুয়োটা ফোনতে 5G সমৰ্থন আছে। এই স্মাৰ্টফোনসমূহ ২০২৪ চনৰ আগষ্ট মাহত ভাৰতত মুকলি কৰা হৈছিল। প্ৰিমিয়াম ফিচাৰ থকা এই স্মাৰ্টফোনসমূহ ফ্লিপকাৰ্টত উপলব্ধ।
আকৰ্ষণীয় ডিজাইনৰ বাবে পৰিচিত Vivo । প্ৰিমিয়াম পাৰফৰমেন্স আৰু সুলভ মূল্যত কোম্পানীটোৱে টি ছিৰিজ স্মাৰ্টফোন মুকলি কৰিছিল । এতিয়া Vivo T3 Ultra আৰু Vivo T3 Pro ৰ দাম হ্ৰাস কৰি ইয়াক অধিক আকৰ্ষণীয় কৰি তুলিছে । কম মূল্যত এতিয়াৰ পৰা গ্ৰাহকে ক্ৰয় কৰিব পাৰিব Vivo T3 Ultra আৰু Vivo T3 Pro ।
Vivo য়ে দুয়োটা টি ছিৰিজৰ স্মাৰ্টফোনৰ মূল্য হ্ৰাস কৰিছে। Vivo T3 Ultra আৰু Vivo T3 Pro এতিয়া কম মূল্যত উপলব্ধ। এই দুয়োটা ফোনতে 5G সমৰ্থন আছে। এই স্মাৰ্টফোনসমূহ ২০২৪ চনৰ আগষ্ট মাহত ভাৰতত মুকলি কৰা হৈছিল। প্ৰিমিয়াম ফিচাৰ থকা এই স্মাৰ্টফোনসমূহ ফ্লিপকাৰ্টত উপলব্ধ।
Vivo T3 Ultra ৰ মূল্য আৰু বৈশিষ্ট্য
Vivo T3 Ultra স্মাৰ্টফোনৰ 8GB+128GB ভেৰিয়েণ্টৰ মূল্য ২৯,৯৯৯ টকা, 8GB+256GB ভেৰিয়েণ্টৰ মূল্য ৩১,৯৯৯ টকাত আৰু 12GB+256GB ভেৰিয়েন্ট ৩৩,৯৯৯ টকাত উপলব্ধ। ইয়াৰ পূৰ্বে এই ফোন কেইটাৰ মূল্য আছিল ক্ৰমে ৩১,৯৯৯ টকা, ৩৩,৯৯৯ টকা আৰু ৩৫,৯৯৯ টকা। এই ফোনটোত Mediatek Dimension 9200+ প্ৰচেছৰ আছে। ইয়াত 50MP Sony IMX921 কেমেৰা আৰু 8MP ultra-wide কেমেৰা আছে। 5500mAh বেটাৰী দিয়াৰ লগতে 80W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে। এই ফোনটোৱে IP68 ৰেটিং লাভ কৰিছে।
Vivo T3 Pro ৰ মূল্য আৰু বৈশিষ্ট্য
Vivo T3 Proৰ 8GB+128GB ভেৰিয়েণ্টৰ মূল্য ২২,৯৯৯ টকা আৰু 8GB+256GB ভেৰিয়েণ্টৰ মূল্য ২৪,৯৯৯ টকা। পূৰ্বে এই মডেলসমূহ ক্ৰমে ২৪,৯৯৯ টকা আৰু ২৬,৯৯৯ টকাত উপলব্ধ আছিল। ইয়াত Qualcomm Snapdragon 7 Gen 3 চিপছেটৰ সমৰ্থন আছে। 50MP Sony IMX882 কেমেৰা আৰু 8MP ultra-wide কেমেৰা প্ৰদান কৰা হৈছে। ইয়াৰ 5500mAh বেটাৰী দিয়াৰ লগতে 80W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে।