Vivo X200 Series পাব 200MP কেমেৰা, কেতিয়া মুকলি হ’ব ভাৰতত ? জানক ইয়াৰ ফিচাৰৰ বিষয়ে…
Vivo কোম্পানীয়ে মুকলি কৰিবলৈ গৈ আছে স্মাৰ্টফোনৰ নতুন ছিৰিজ । এই ছিৰিজ আপোনাৰ বাবে উপযোগী হ’ব পাৰে । সূত্ৰ খবৰ অনুসৰি, ভাৰতত নতুন ভিভ’ এক্স ২০০ ছিৰিজ(Vivo X200 series) লঞ্চৰ বাবে প্ৰস্তুতি চলাইছে ভিভ’ কোম্পানীয়ে ।
মোবাইল ফটোগ্ৰাফী প্ৰায় সংখ্যক মানুহে ভাল পায় । আপুনিও মোবাইল ফটোগ্ৰাফী কৰি ভাল পায় নেকি ? মোবাইল ফটোগ্ৰাফীৰ বাবে আপোনাৰ ওচৰত এটা ভাল স্মাৰ্টফোন থকাটো অতি প্ৰয়োজন । যদি আপুনি মোবাইল ফটোগ্ৰাফীৰ বাবে নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে কিছু দিন অপেক্ষা কৰক ।
Vivo কোম্পানীয়ে মুকলি কৰিবলৈ গৈ আছে স্মাৰ্টফোনৰ নতুন ছিৰিজ । এই ছিৰিজ আপোনাৰ বাবে উপযোগী হ’ব পাৰে । সূত্ৰ খবৰ অনুসৰি, ভাৰতত নতুন ভিভ’ এক্স ২০০ ছিৰিজ(Vivo X200 series) লঞ্চৰ বাবে প্ৰস্তুতি চলাইছে ভিভ’ কোম্পানীয়ে । এই Series ৰ টিজাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো আনুষ্ঠানিকভাৱে শ্বেয়াৰ কৰিছে কোম্পানীটোৱে। এই স্মাৰ্টফোনটোত আপুনি বহুতো বৈশিষ্ট্যৰ লগতে ফটোগ্ৰাফীৰ বাবে সুবিধা হোৱাকৈ ভাল কেমেৰা লাভ কৰিব ।
Expect more. Achieve more.
Aim higher, because the #vivoX200Series delivers.Coming soon. pic.twitter.com/03S40BtKRV
— vivo India (@Vivo_India) November 25, 2024
ভাৰতত কেতিয়া প্ৰৱেশ কৰিব Vivo X200 series?
ইতিমধ্যে মালয়েছিয়াত এই Series মুকলি কৰিছে কোম্পানীটোৱে । বৰ্তমান ভাৰতীয় বজাৰত মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে কোম্পানীটোৱে। এই ছিৰিজত কেমেৰা সন্দৰ্ভত ব্যৱহাৰকাৰীৰ চাহিদা পূৰণ কৰাৰ চেষ্টা কৰিছে ভিভ’ কোম্পানীয়ে । এই ছিৰিজত কোম্পানীটোৱে কেমেৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে।
কোম্পানীটোৱে প্ৰকাশ কৰা টিজাৰটোৰ মতে, এই ছিৰিজৰ কেমেৰা অধিক শক্তিশালী হ’ব আৰু প্ৰাইমেৰী কেমেৰা ২০০ মেগাপিক্সেল দিয়াৰ সম্ভাৱনা আছে । ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে এই কেমেৰা অধিক সুবিধাজনক হিচাপে প্ৰমাণিত হ’ব পাৰে। প্ৰকাশিত খবৰ অনুসৰি, নৱেম্বৰৰ শেষ সপ্তাহত কোম্পানীটোৱে ভাৰতত এই ছিৰিজ মুকলি কৰাৰ সম্ভাৱনা আছে।
Vivo X200 series বৈশিষ্ট্যসমূহ
- Vivo X200 ত আপুনি 6.67 ইঞ্চিৰ LTPS AMOLED ডিছপ্লে লাভ কৰিব । যিয়ে 120Hz ৰিফ্ৰেছ ৰেট প্ৰদান কৰে।
- দ্বিতীয় ভেৰিয়েন্ট Vivo X200 Pro ত আপুনি 6.78 ইঞ্চিৰ 8T LTPO AMOLED ডিছপ্লে লাভ কৰিব ।
- ইয়াৰ বাহিৰেও Vivo X200 ত 5800mAh বেটাৰী লাভ কৰিব । Vivo X200 Pro ক্ৰয় কৰিলে আপুনি লাভ কৰিব 6000mAh বেটাৰী ।
- এই দুয়োটা স্মাৰ্টফোনে 90W ফাষ্ট চাৰ্জিং চাপৰ্ট লাভ কৰাৰ সম্ভাৱনা আছে । Vivo X200 Pro মডেলত 30W বেতাঁৰ চাৰ্জিঙৰ বিকল্পও লাভ কৰিব ।
- Vivo X200 Pro ত আপুনি ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে 200 মেগাপিক্সেলৰ কেমেৰা পাব পাৰে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে দুয়োটা ভেৰিয়েণ্টতে ৩২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা দিয়াৰ সম্ভাৱনা আছে ।