Vivo X200 Series পাব 200MP কেমেৰা, কেতিয়া মুকলি হ’ব ভাৰতত ? জানক ইয়াৰ ফিচাৰৰ বিষয়ে…

Vivo কোম্পানীয়ে মুকলি কৰিবলৈ গৈ আছে স্মাৰ্টফোনৰ নতুন ছিৰিজ । এই ছিৰিজ আপোনাৰ বাবে উপযোগী হ’ব পাৰে । সূত্ৰ খবৰ অনুসৰি, ভাৰতত নতুন ভিভ’ এক্স ২০০ ছিৰিজ(Vivo X200 series) লঞ্চৰ বাবে প্ৰস্তুতি চলাইছে ভিভ’ কোম্পানীয়ে ।

Vivo X200 Series পাব 200MP কেমেৰা, কেতিয়া মুকলি হব ভাৰতত ? জানক ইয়াৰ ফিচাৰৰ বিষয়ে...

Vivo X200 series

Updated On: 

26 Nov 2024 16:10 PM

মোবাইল ফটোগ্ৰাফী প্ৰায় সংখ্যক মানুহে ভাল পায় । আপুনিও মোবাইল ফটোগ্ৰাফী কৰি ভাল পায় নেকি ? মোবাইল ফটোগ্ৰাফীৰ বাবে আপোনাৰ ওচৰত এটা ভাল স্মাৰ্টফোন থকাটো অতি প্ৰয়োজন । যদি আপুনি মোবাইল ফটোগ্ৰাফীৰ বাবে নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে কিছু দিন অপেক্ষা কৰক ।

Vivo কোম্পানীয়ে মুকলি কৰিবলৈ গৈ আছে স্মাৰ্টফোনৰ নতুন ছিৰিজ । এই ছিৰিজ আপোনাৰ বাবে উপযোগী হ’ব পাৰে । সূত্ৰ খবৰ অনুসৰি, ভাৰতত নতুন ভিভ’ এক্স ২০০ ছিৰিজ(Vivo X200 series) লঞ্চৰ বাবে প্ৰস্তুতি চলাইছে ভিভ’ কোম্পানীয়ে । এই Series ৰ টিজাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো আনুষ্ঠানিকভাৱে শ্বেয়াৰ কৰিছে কোম্পানীটোৱে। এই স্মাৰ্টফোনটোত আপুনি বহুতো বৈশিষ্ট্যৰ লগতে ফটোগ্ৰাফীৰ বাবে সুবিধা হোৱাকৈ ভাল কেমেৰা লাভ কৰিব ।

ভাৰতত কেতিয়া প্ৰৱেশ কৰিব Vivo X200 series?

ইতিমধ্যে মালয়েছিয়াত এই Series মুকলি কৰিছে কোম্পানীটোৱে । বৰ্তমান ভাৰতীয় বজাৰত মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে কোম্পানীটোৱে। এই ছিৰিজত কেমেৰা সন্দৰ্ভত ব্যৱহাৰকাৰীৰ চাহিদা পূৰণ কৰাৰ চেষ্টা কৰিছে ভিভ’ কোম্পানীয়ে । এই ছিৰিজত কোম্পানীটোৱে কেমেৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে।

কোম্পানীটোৱে প্ৰকাশ কৰা টিজাৰটোৰ মতে, এই ছিৰিজৰ কেমেৰা অধিক শক্তিশালী হ’ব আৰু প্ৰাইমেৰী কেমেৰা ২০০ মেগাপিক্সেল দিয়াৰ সম্ভাৱনা আছে । ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে এই কেমেৰা অধিক সুবিধাজনক হিচাপে প্ৰমাণিত হ’ব পাৰে। প্ৰকাশিত খবৰ অনুসৰি, নৱেম্বৰৰ শেষ সপ্তাহত কোম্পানীটোৱে ভাৰতত এই ছিৰিজ মুকলি কৰাৰ সম্ভাৱনা আছে।

Vivo X200 series বৈশিষ্ট্যসমূহ

  • Vivo X200 ত আপুনি 6.67 ইঞ্চিৰ LTPS AMOLED ডিছপ্লে লাভ কৰিব । যিয়ে 120Hz ৰিফ্ৰেছ ৰেট প্ৰদান কৰে।
  • দ্বিতীয় ভেৰিয়েন্ট Vivo X200 Pro ত আপুনি 6.78 ইঞ্চিৰ 8T LTPO AMOLED ডিছপ্লে লাভ কৰিব ।
  • ইয়াৰ বাহিৰেও Vivo X200 ত 5800mAh বেটাৰী লাভ কৰিব । Vivo X200 Pro ক্ৰয় কৰিলে আপুনি লাভ কৰিব 6000mAh বেটাৰী ।
  • এই দুয়োটা স্মাৰ্টফোনে 90W ফাষ্ট চাৰ্জিং চাপৰ্ট লাভ কৰাৰ সম্ভাৱনা আছে । Vivo X200 Pro মডেলত 30W বেতাঁৰ চাৰ্জিঙৰ বিকল্পও লাভ কৰিব ।
  • Vivo X200 Pro ত আপুনি ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে 200 মেগাপিক্সেলৰ কেমেৰা পাব পাৰে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে দুয়োটা ভেৰিয়েণ্টতে ৩২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা দিয়াৰ সম্ভাৱনা আছে ।
গাজৰ খাই ভাল পায় নে? গাজৰৰ আছে ৰোগ প্ৰতিৰোধ কৰিব পৰা বহু উপকাৰী গুণ
বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...
ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…