200MP কেমেৰা সৈতে আহি আছে Vivo নতুন স্মাৰ্টফোন ছিৰিজ…সবিশেষ জানক

অতি সোনকালে Vivo য়ে মুকলি কৰিবলৈ ওলাইছে 200MP কেমেৰা সৈতে Vivo X200 ছিৰিজ । Vivo য়ে এই নতুন স্মাৰ্টফোন ছিৰিজত লৈ আহিছে এক আকৰ্ষণীয় ফিচাৰ । আকৰ্ষণীয় ফিচাৰৰ সৈতে এই নতুন স্মাৰ্টফোন ছিৰিজত গ্ৰাহক সকলে এক সুকীয়া অভিজ্ঞতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

200MP কেমেৰা সৈতে আহি আছে Vivo নতুন স্মাৰ্টফোন ছিৰিজ...সবিশেষ জানক

vivo ৰ নতুন স্মাৰ্টফোন

Updated On: 

11 Dec 2024 15:39 PM

আপুনি নতুন বছৰত নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি আপুনি ফটো-ভিডিঅ’গ্ৰাফীৰ প্ৰতি আকৰ্ষিত তেন্তে এই ফোনটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। গতিকে দুটা দিন অপেক্ষা কৰক । অতি সোনকালে Vivo য়ে মুকলি কৰিবলৈ ওলাইছে 200MP কেমেৰা সৈতে Vivo X200 ছিৰিজ । ইতিমধ্যে Vivo ৰ গ্ৰাহক সকলেও এইলৈ অপেক্ষা কৰি আছে ।

Vivo য়ে এই নতুন স্মাৰ্টফোন ছিৰিজত লৈ আহিছে এক আকৰ্ষণীয় ফিচাৰ । আকৰ্ষণীয় ফিচাৰৰ সৈতে এই নতুন স্মাৰ্টফোন ছিৰিজত গ্ৰাহক সকলে এক সুকীয়া অভিজ্ঞতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । জনো আহক Vivo ৰ এই নতুন ছিৰিজত গ্ৰাহকসকলে কি কি নতুন ফিচাৰ লাভ কৰিব ।

Vivo X200 ত কি কি ফিচাৰ থাকিব পাৰে ?

  • Vivo X200 ছিৰিজত ডিজাইন যথেষ্ট ক্লাছি হোৱাৰ দেখা গৈছে । Vivo X200 ছিৰিজত আপুনি 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে ডিছপ্লে পাব পাৰে। ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে ভাল কেমেৰা থাকিব পাৰে।
  • আনহাতে ইয়াৰ Vivo X200 Pro ভেৰিয়েণ্টত আপুনি 200MP ৰ টেলিফ’টো কেমেৰা পাব পাৰে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ইয়াত 32MPৰ কেমেৰা পাব পাৰে। আগন্তুক স্মাৰ্টফোনটোত মিডিয়াটেক ডাইমেনচন 9400 চিপছেট আছে।
  • Vivo X200 ত আপুনি 5,800mAh বেটাৰী পাব পাৰে। ইয়াৰ উপৰিও Vivo X200 Pro ত 6000mAh বেটাৰী প্ৰদান কৰিব পাৰিব।
  • এই দুয়োটা স্মাৰ্টফোনতে 90W ফাষ্ট চাৰ্জিঙৰ সমৰ্থন থাকিব পাৰে। আপুনি Vivo X200 Pro ত 30W বেতাঁৰ চাৰ্জিঙৰ বিকল্পও পাব পাৰে।

ইয়াৰ দাম কিমান হ’ব?

অহা ১২ ডিচেম্বৰত ভাৰতত মুকলি কৰা হ’ব Vivo X200 Series। এই ছিৰিজৰ জৰিয়তে কোম্পানীটোৱে ভাৰতত মুকলি কৰিব ফ্লেগশ্বিপ Vivo X200 আৰু Vivo X200 Pro স্মাৰ্টফোন। ইতিমধ্যে কোম্পানীটোৱে Vivo X200 ছিৰিজৰ মুকলিৰ পূৰ্বে বহু ফিচাৰৰ সবিশেষ প্ৰকাশ কৰিছে। উল্লেখ্য যে, এতিয়াও কোম্পানীৱে এই ছিৰিজৰ মূল্যৰ তথ্য প্ৰকাশ কৰা নাই।

ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?