মেটাৰ Teen Account ফিচাৰ কি ? ইয়াৰ প্ৰভাৱ কি হ’ব ? ইয়াৰ দ্বাৰা কোনসকল লোক লাভান্বিত হ’ব ?
এই ফিচাৰ বিশেষভাৱে কিশোৰ-কিশোৰীসকলৰ বাবে ডিজাইন কৰা হৈছে। যাতে কিশোৰ-কিশোৰীসকলে নিৰাপদে আৰু বুদ্ধিমানৰূপে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰে। এই ফিচাৰ ১৬ বছৰৰ তলৰ শিশুৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে। Teen Account ফিচাৰ কি? ই কেনেকৈ কাম কৰে আৰু ইয়াৰ দ্বাৰা কোন প্ৰভাৱিত হ’ব?

মেটাই মুকলি কৰিছে এটা নতুন Teen Account ফিচাৰ। এই ফিচাৰ বিশেষভাৱে কিশোৰ-কিশোৰীসকলৰ বাবে ডিজাইন কৰা হৈছে। যাতে কিশোৰ-কিশোৰীসকলে নিৰাপদে আৰু বুদ্ধিমানৰূপে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰে। এই ফিচাৰ ১৬ বছৰৰ তলৰ শিশুৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে। Teen Account ফিচাৰ কি? ই কেনেকৈ কাম কৰে আৰু ইয়াৰ দ্বাৰা কোন প্ৰভাৱিত হ’ব?
Meta Teen Account ফিচাৰ কি?
কিশোৰ-কিশোৰীসকলৰ বাবে মেটাই আনিছে Teen Account ফিচাৰ। ১৬ বছৰৰ তলৰ শিশুৰ বাবে এই ফিচাৰ উপকাৰী হ’ব পাৰে। ইনষ্ট্ৰাগ্ৰাম আৰু ফেচবুকৰ দৰে প্লেটফৰ্মত কিশোৰ-কিশোৰীসকলৰ অভিজ্ঞতা আৰু অধিক সুৰক্ষিত আৰু উন্নত কৰিবলৈ এই ফিচাৰ ডিজাইন কৰা হৈছে। কিশোৰ-কিশোৰীসকলৰ কাৰ্যকলাপ আৰু বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি এই ফিচাৰ মুকলি কৰিছে মেটাই।
গোপনীয়তা ছেটিংছ
- Teen Account ফিচাৰে কিশোৰ-কিশোৰীসকলৰ একাউণ্টৰ গোপনীয়তা উন্নত কৰিব। ইয়াৰ জৰিয়তে শিশুৰ তথ্য আৰু কাৰ্যকলাপ অচিনাকি মানুহৰ পৰা সুৰক্ষিত ৰখা হ’ব।
- এই ফিচাৰৰ জৰিয়তে কিশোৰ-কিশোৰীসকলে কেৱল তেওঁলোকৰ বয়সৰ শিশুৰ বাবে উপযুক্ত বিষয়বস্তুহে চাব পাৰিব।
- অচিনাকি মানুহৰ লগত যোগাযোগ কৰিব নোৱাৰিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যতো কম প্ৰভাৱ পৰিব।
কিয় এই সিদ্ধান্ত ল’লে মেটাই?
মেটাৰ এই সিদ্ধান্ত এনে সময়তে লয়, যেতিয়া বহু আমেৰিকান সাংসদে কিডছ অনলাইন ছেফটি এক্ট (কোছা)ৰ দৰে আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁলোকৰ উদ্দেশ্য হৈছে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ পৰা শিশুসকলক ৰক্ষা কৰা। ছ’চিয়েল মিডিয়াৰ আসক্তিৰ বিষয়টোক লৈ মেটা, টিকটক (বাইটডান্স) আৰু ইউটিউব, গুগলৰ দৰে কোম্পানীৰ বিৰুদ্ধে শ শ গোচৰ চলি আছে।
২০২৩ চনত কেলিফৰ্ণিয়া আৰু নিউয়ৰ্ককে ধৰি আমেৰিকাৰ ৩৩খন ৰাজ্যই মেটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁলোকৰ অভিযোগ যে, তেওঁলোকে নিজৰ প্লেটফৰ্মৰ বিপদজনক প্ৰকৃতিৰ বিষয়ে মানুহক সকীয়াই নিদিয়ে আৰু তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰিছে।
কোন কোন লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব?
ফেচবুক আৰু ইনষ্ট্ৰাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰা কিশোৰ-কিশোৰীসকলৰ ওপৰত এই Teen Account ফিচাৰৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব । এই ফিচাৰৰ দ্বাৰা অভিভাৱকসকল উপকৃত হ’ব। ছ’চিয়েল মিডিয়াত নিজৰ ল’ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰাখিব পাৰিব।