শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Touch Sampling Rate কি? নতুন ফোন কিনাৰ পূৰ্বে জানক ইয়াৰ সুবিধা আৰু অসুবিধা বিষয়ে…

Mobile Tips: : যদি আপুনিও নতুন স্মাৰ্টফোন কিনিব খোজে, তেন্তে প্ৰথমে আপোনাৰ হাতত কিছুমান গুৰুত্বপূৰ্ণ তথ্য থাকিব লাগে যেনে ফোনত টাচ্চ চেম্পলিং ৰেটৰ ভূমিকা কি? লগতে, টাচ্চ চেম্পলিং ৰেট স্ক্ৰীণ ৰিফ্ৰেছ ৰেটৰ পৰা কেনেকৈ পৃথক? আজি আমি এই দুয়োটা দিশ সম্পৰ্কে আপোনালোকক ক'ম। যাতে নতুন ফোন ক্ৰয় কৰাৰ সময়ত আপুনি নিজৰ বাবে উপযুক্ত ফোনটো কিনিব পাৰে।

Touch Sampling Rate কি? নতুন ফোন কিনাৰ পূৰ্বে জানক ইয়াৰ সুবিধা আৰু অসুবিধা বিষয়ে…
Touch Sampling Rate
trishna-kalita
Trishna Kalita | Updated On: 28 Apr 2025 13:52 PM

ফোন কিনাৰ সময়ত প্ৰায়ে মানুহে ফোনৰ কেমেৰা, বেটাৰী, প্ৰচেছৰ আৰু স্ক্ৰীণ চাইজৰ প্ৰতি গুৰুত্ব দিয়ে। কিন্তু এইবোৰৰ বাহিৰেও ফোনটোত কিমান হাৰ্টজৰ ‘টাচ্চ চেম্পলিং ৰেট’ আছে, সেইটোও মন কৰিব লাগে? এই শব্দটো আপুনি নিশ্চয় বহুবাৰ শুনিছে কিন্তু এই শব্দটোৰ প্ৰকৃত অৰ্থ জানেনে?

টাচ্চ চেম্পলিং ৰেট (Touch Sampling Rate)ৰ অৰ্থ কি?

টাচ্চ চেম্পলিং ৰেট হাৰ্টজত জুখিব পৰা যায় আৰু ই আপোনাৰ স্মাৰ্টফোনৰ ডিছপ্লেত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল ফোনটোৰ স্ক্ৰীণে এক চেকেণ্ডত আপোনাৰ টাচ্চ ইনপুট কিমানবাৰ লক্ষ্য কৰে? চেম্পলিং ৰেট যিমানেই বেছি হ’ব সিমানেই ই আপোনাৰ স্পৰ্শ আৰু আপোনাৰ প্ৰতি সঁহাৰি জনাব। বজাৰত ১৮০ হাৰ্টজৰ পৰা ১০০০ হাৰ্টজৰ টাচ্চ চেম্পলিং ৰেটৰ ফোন উপলব্ধ।

সুবিধা

যিকোনো এটা বস্তুৰ যদি কিবা সুবিধা থাকে, তাৰ কিছু অসুবিধাও দেখা যায়। হাৰ্টজ টাচ্চ চেম্পলিং ৰেট বেছি থকা ফোন এটাৰ সুবিধাটো হ’ল ফোনটোৰ ডিছপ্লেই টাচ্চৰ প্ৰতি সঁহাৰি জনাব আৰু আপুনি ফোনত যি খুলিবলৈ চেষ্টা কৰিব সেয়া দ্ৰুতভাৱে খোল খাব। প্ৰতিজন ব্যক্তিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ, যদি আপুনি ডিছপ্লেৰ পৰা দ্ৰুত সঁহাৰি বিচাৰে তেন্তে আপুনি উচ্চ টাচ্চ চেম্পলিং ৰেটৰ ফোন এটা ভাল পাব।

অসুবিধা

টাচ্চ চেম্পলিং ৰেটৰ বেটাৰীৰ সৈতে প্ৰত্যক্ষ সংযোগ আছে, অৱশ্যেই উচ্চ টাচ্চ চেম্পলিং ৰেটৰ বাবে আপোনাৰ ফোনটোৱে দ্ৰুতভাৱে কাম কৰিব কিন্তু টাচ্চ চেম্পলিং ৰেট যিমানেই বেছি হ’ব, বেটাৰীৰ খৰোচ সিমানেই বেছি হ’ব।

ৰিফ্ৰেছ ৰেট আৰু টাচ্চ চেম্পলিং ৰেটৰ মাজত পাৰ্থক্য কি?

আপুনি হয়টো টাচ্চ চেম্পলিং ৰেটৰ কি সেই বিষয়ে বুজি পাইছে, কিন্তু আপুনি জানেনে ৰিফ্ৰেছ ৰেট আৰু টাচ্চ চেম্পলিং ৰেটৰ মাজত পাৰ্থক্য কি? ৰিফ্ৰেছ ৰেটৰ অৰ্থ হ’ল আপোনাৰ ফোনটোৰ স্ক্ৰীণ এক চেকেণ্ডত কিমানবাৰ ৰিফ্ৰেছ হয়।