নতুন ফিচাৰ ! WhatsApp ৰ সৈতে লিংক কৰিব পাৰিব Instagram…সবিশেষ জানক
ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে এটা নতুন ফিচাৰ আনিবলৈ সাজু হৈছে হোৱাটছএপ। অতি শীঘ্ৰে ভাৰতৰ সকলো ব্যৱহাৰকাৰীৰ বাবে এই নতুন ফিচাৰ মুকলি কৰিব হোৱাটছএপে। আগন্তুক এই ফিচাৰৰ জৰিয়তে আপুনি ইনষ্টাগ্ৰাম প্ৰফাইল হোৱাটছএপৰ সৈতে সংযোগ কৰিব পাৰিব।

হোৱাটছএপ
প্ৰতিদিনে ফিচাৰ আপডেটৰ ওপৰত কাম কৰি আহিছে হোৱাটছএপে । ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে নতুন ফিচাৰৰ পৰীক্ষা কৰি আছে হোৱাটছএপে। এতিয়া ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে এটা নতুন ফিচাৰ আনিবলৈ সাজু হৈছে হোৱাটছএপ। অতি শীঘ্ৰে ভাৰতৰ সকলো ব্যৱহাৰকাৰীৰ বাবে এই নতুন ফিচাৰ মুকলি কৰিব হোৱাটছএপে। আগন্তুক এই ফিচাৰৰ জৰিয়তে আপুনি ইনষ্টাগ্ৰাম প্ৰফাইল হোৱাটছএপৰ সৈতে সংযোগ কৰিব পাৰিব।
খবৰ অনুসৰি, হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। যদি আপুনি ভাবিছে যে, যিসকলক আপুনি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট দেখুৱাব নিবিচাৰে তেওঁলোকেও আপোনাৰ প্ৰফাইল চাব, তেন্তে চিন্তা নকৰিব। ইয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আপোনাৰ হাতত থাকিব। আপুনি সিদ্ধান্ত ল’ব পাৰিব যে, আপোনাৰ লিংক কৰা ইনষ্টাগ্ৰাম প্ৰফাইল কোনে চাব পাৰিব আৰু কোনে চাব নোৱাৰে।
যদি আপুনি Everyone বিকল্পটো বাছি লয় তেন্তে যিকোনো ব্যক্তিয়ে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো চাব পাৰিব। Only my contacts ৰ জৰিয়তে আপুনি এই ফিচাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব । আপোনাৰ ইনষ্টাগ্ৰাম লিংকটো যদি Nobody কৰে তেন্তে কোনেও দেখা নাপাব আপোনাৰ ইনষ্টাগ্ৰাম লিংক বা চাব নোৱাৰিব আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইল । সময়ে সময়ে ইয়াৰ ছেটিংছ সলনি কৰিব পাৰিব।
যেতিয়াই মন যায় WhatsApp ৰ ছেটিংছ সলনি কৰিব পাৰিব। আপুনি আপোনাৰ পছন্দ অনুসৰি প্ৰফাইল লিংকটো ছেট কৰিব পাৰে। এই বৈশিষ্ট্যৰ বাহিৰেও কিছুমান বিটা ব্য়ৱহাৰকাৰীয়ে আন এটা নতুন ফিচাৰ লাভ কৰিছে। এতিয়া বিটা ব্যৱহাৰকাৰীয়ে নিজৰ ষ্টেটাছৰ পৰা ফটো আৰু ভিডিঅ’ চেভ কৰিব পাৰিব। অনাগত দিনত সকলো ব্যৱহাৰকাৰীৰ বাবে এই ফিচাৰ মুকলি কৰিব পাৰে WhatsApp য়ে। বৰ্তমান এই ফিচাৰৰ পৰীক্ষা চলি আছে।