WhatsApp Status ত যোগ কৰিব পাৰিব গান, জানক এই নতুন ফিচাৰৰ বিষয়ে…
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ প্ৰয়াসত মেছেজিং এপটোৱে অহৰহ নতুন নতুন ফিচাৰৰ পৰীক্ষা কৰি আছে। এনে এটা ফিচাৰ পৰীক্ষা ইয়াৰ বিটা সংস্কৰণত চলি আছে। য'ত ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম ষ্টেটাছৰ দৰে হোৱাটছএপ ষ্টেটাছত গীত যোগ কৰিব পাৰে।
তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰাৰ বাবে প্ৰায় সংখ্যক ব্যৱহাৰকাৰীয়ে হোৱাটছএপ ব্যৱহাৰ কৰে । ব্যৱহাৰকীৰ সুবিধাৰ্থে প্ৰতিদিনে হোৱাটছএপে নতুন ফিচাৰৰ ওপৰত কাম কৰি আহিছে । ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ প্ৰয়াসত মেছেজিং এপটোৱে অহৰহ নতুন নতুন ফিচাৰৰ পৰীক্ষা কৰি আছে। এনে এটা ফিচাৰ পৰীক্ষা ইয়াৰ বিটা সংস্কৰণত চলি আছে। য’ত ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম ষ্টেটাছৰ দৰে হোৱাটছএপ ষ্টেটাছত গীত যোগ কৰিব পাৰে।
কিছুদিন পূৰ্বে হোৱাটছএপে ইনষ্টাগ্ৰামৰ দৰে ষ্টেটাছত এই ফিচাৰ সংযোজন কৰিছিল। বৰ্তমান এই ফিচাৰ এণ্ড্ৰইড ২.২৫.২.৫ৰ হোৱাটছএপ বিটাত পৰীক্ষা কৰা হৈছে। এই ফিচাৰ কেৱল কিছুমান নিৰ্বাচিত বিটা ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। WABetainfo ৰ মতে, এই ফিচাৰ বৰ্তমান পৰীক্ষাৰ পৰ্যায়ত আছে।
বিটা ব্যৱহাৰকাৰীয়ে ইয়াক ব্যৱহাৰ কৰি আছে। আপুনি ষ্টেটাছলৈ গৈ ড্ৰয়িং এডিটৰত এই নতুন বিকল্পটো পাব। আপুনি মেটাৰ সংগীত কেটেলগৰ পৰা গীতসমূহ ব্ৰাউজ কৰিব পাৰিব। এই ফিচাৰে ইনষ্টাগ্ৰাম ফিচাৰে কাম কৰাৰ দৰেই কাম কৰিব। ইনষ্টাগ্ৰামৰ মিউজিক লাইব্ৰেৰীৰ দৰেই হোৱাটছএপৰ মিউজিক কেটেলগ অপচনৰ পৰা যিকোনো গীত নিৰ্বাচন কৰিব পাৰিব।
WhatsApp status ত mention feature ব্যৱহাৰ কৰিবলৈ বিশেষ একো কৰিব নালাগে। মাত্ৰ আপোনাৰ WhatsApp status ত তলত দেখুওৱা @ icon টোত ক্লিক কৰক। লিখনী বাকচত @ ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ ষ্টেটাছত যাক বিচাৰে তাক mention কৰিব পাৰিব। Mentionত সকলোকে দেখুওৱা নহয়। সন্ধান বাৰত নাম টাইপ কৰিও সন্ধান কৰিব পাৰে।