5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

iPhone 16 Plus VS Samsung Galaxy S24 Plus : পূজা বতৰত কোনটো স্মাৰ্টফোন ক্ৰয় কৰিলে আপোনাৰ লাভ হ’ব, চাওক

পূজাৰ বতৰত যদি আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে আপুনি বাছনি কৰিব পাৰে iPhone 16 নতুবা Samsung Galaxy S24 Plus । এই দুয়োটা ফোনৰ ফিচাৰ, দাম, পাৰফৰমেন্স আৰু কেমেৰা আদিৰ পাৰ্থক্যৰ সম্পূৰ্ণ বিৱৰণ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

iPhone 16 Plus VS Samsung Galaxy S24 Plus : পূজা বতৰত কোনটো স্মাৰ্টফোন ক্ৰয় কৰিলে আপোনাৰ লাভ হ’ব, চাওক
নতুন স্মাৰ্টফোন
Follow Us
manas-borah
Manas Borah | Updated On: 16 Sep 2024 15:12 PM

এপলে বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰিছে iPhone 16 ছিৰিজ। ইয়াৰ উপৰিও iPhone 16 ছিৰিজত iPhone 16 Plus মডেল গ্ৰাহকৰ বাবে মুকলি কৰিছে । এপল’ৰ এই ফোনটোৱে বহুতো উন্নত বৈশিষ্ট্য আগবঢ়াইছে । পূজাৰ বতৰত যদি আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে আপুনি বাছনি কৰিব পাৰে iPhone 16 নতুবা Samsung Galaxy S24 Plus । এই দুয়োটা ফোনৰ ফিচাৰ, দাম, পাৰফৰমেন্স আৰু কেমেৰা আদিৰ পাৰ্থক্যৰ সম্পূৰ্ণ বিৱৰণ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

এই দুয়োটা ফোনত বিশেষ বিশেষ বৈশিষ্ট্য আছে । বহু ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰৰ প্ৰথম পছন্দ হৈছে আইফোন বা ছেমছাঙৰ এছ ছিৰিজ। এই দুটা স্মাৰ্টফোনতে গ্লাছ আৰু এলুমিনিয়ামৰ ফ্ৰেম আছে। iPhone 16 Plus ত আপুনি 6.7 ইঞ্চিৰ ছুপাৰ ৰেটিনা এক্সডিআৰ অ’এলইডি ডিছপ্লে পাব। একে সময়তে, Samsung Galaxy S24 Plus ত আপুনি একে আকাৰৰ 6.7 ইঞ্চি Dynamic AMOLED 2X ডিছপ্লে পাব, যিয়ে 120Hz ৰিফ্ৰেছ ৰেট আৰু 2600nits উজ্জ্বলতা প্ৰদান কৰে। iPhone 16 Plus ৰ ডিছপ্লেই ছেমছাঙৰ তুলনাত 60Hz হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু 2000nits উজ্জ্বলতা প্ৰদান কৰে।

iPhone 16 Plus ত ডুৱেল কেমেৰা ছেটআপ পাব, যাৰ প্ৰাইমেৰী কেমেৰা হৈছে 48 মেগাপিক্সেল আৰু 12 মেগাপিক্সেল আল্ট্ৰা-ৱাইড কেমেৰা। কেমেৰাৰ ক্ষেত্ৰত Samsung Galaxy S24 Plus ত আপুনি ট্ৰিপল কেমেৰা ছেটআপ পাব। ছেমছাঙৰ ফোনত আছে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা, 10 মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা আৰু 12 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰা। এই দুয়োটা ফোনতে চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 12 মেগাপিক্সেলৰ চেলফি কেমেৰা আছে।

Samsung Galaxy S24 Plus আৰু iPhone 16 Plus ৰ মূল্যৰ পাৰ্থক্য হৈছে ১০০০০ টকা । Samsung Galaxy S24 Plus কিনিবলৈ আপুনি ৯৯,৯৯৯ টকাতকৈ অধিক বাজেট প্ৰস্তুত কৰিব লাগিব । একেদৰে iPhone 16 Plus ৰ বাবে আপুনি ৮৯,৯০০ টকা বাজেট প্ৰস্তুত কৰিব লাগিব। iPhone 16 Plusত আছে A18 চিপছেট। আনহাতে Samsung Galaxy S24 Plusত এক্সিন’ছ 2400 চিপছেট আছে। এপলে নিজৰ আইফোনৰ বেটাৰীৰ কথা উল্লেখ কৰা নাই। ছেমছাঙৰ স্মাৰ্টফোনটোত লাভ কৰিব 4900mAh বেটাৰী।

Latest News