২০২৪ চনত কোনবোৰ প্ৰিমিয়াম স্মাৰ্টফোন গ্ৰাহকে সৰ্বাধিক ক্ৰয় কৰিছিল ?
প্ৰিমিয়াম ছেগমেণ্টত বহু নতুন স্মাৰ্টফোন মুকলি কৰা হৈছিল যদিও কেইটামান ফোনেহে বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হয় । চাওঁ আহত ২০২৪ চনত কোনবোৰ স্মাৰ্টফোনে বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছিল ।
কেৱল বাজেট আৰু মিড ৰেঞ্জ ছেগমেণ্টতে নহয় প্ৰিমিয়াম ছেগমেণ্টতো ২০২৪ চনত ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে বহু স্মাৰ্টফোন মুকলি কৰা হৈছিল । অৱশ্যে প্ৰিমিয়াম ছেগমেণ্টত বহু নতুন স্মাৰ্টফোন মুকলি কৰা হৈছিল যদিও কেইটামান ফোনেহে বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হয় । চাওঁ আহত ২০২৪ চনত কোনবোৰ স্মাৰ্টফোনে বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছিল ।
iPhone 15 Price
অৱশ্যে যোৱা বছৰ iPhone 15 মুকলি কৰা হৈছিল যদিও এইবাৰ গ্ৰাহকৰ মাজত এই প্ৰিমিয়াম ফোনটোৰ বিপুল চাহিদা আছিল। এপল ব্ৰেণ্ডৰ এই ফোনটো ২০২৪ চনৰ তৃতীয় ত্ৰৈমাসিকত সৰ্বাধিক বিক্ৰী হোৱা মডেল আছিল । এই ফোনটোৰ 128GB ভেৰিয়েণ্ট ফ্লিপকাৰ্টত ৫৭,৯৯৯ টকাত, 256GB ভেৰিয়েন্ট ৭৯,৯০০ টকাত আৰু 512GB ভেৰিয়েণ্ট ৯৯,৯০০ টকাত বিক্ৰী কৰা হৈছে ।
iPhone 15 Pro Max Price
iPhone 15 Pro Max ২০২৪ চনত বেষ্ট চেলিং মডেল হিচাপে পৰিগণিত হৈছে । গ্ৰাহকৰ মাজত এই ফোনটোৱে বিশেষ সমাদৰ লাভ কৰিছিল। এই ডিভাইচৰ 256GB ভেৰিয়েন্টৰ মূল্য ১,২৩,৯৯৯ টকা আৰু 512GB ভেৰিয়েন্টৰ মূল্য ১,৩১,৯৯৯ টকা।
iPhone 15 Pro Price
যোৱা বছৰ iPhone 15 ছিৰিজত মুকলি কৰা এই প্ৰ’ মডেলটোৱেও ২০২৪ চনত বিশেষ চাহিদা লাভ কৰিছিল । গ্ৰাহকে এই মডেলটো উৎসাহেৰে ক্ৰয় কৰিছিল। এই ফোনটোৰ মূল্য ১,০৩,৯৯৯ টকাৰ পৰা আৰম্ভ হয় । এই মূল্য এই ফোনটোৰ 128GB ভেৰিয়েন্টৰ বাবে। এই হেণ্ডছেটৰ 1TB ভেৰিয়েন্টৰ মূল্য ১,২৯,৯৯৯ টকা।
Samsung Galaxy S24 Price
Samsung S seriesৰ এই প্ৰিমিয়াম স্মাৰ্টফোনতো ২০২৪ চনত বিপুল চাহিদা দেখা গৈছিল । দামৰ কথা ক’বলৈ গ’লে এই ফোনটোৰ 128GB ভেৰিয়েণ্ট ফ্লিপকাৰ্টত ৫৬,৯৯৯ টকাত বিক্ৰী কৰা হৈছে। একে সময়তে ৫৮,৭১০ টকাত এই হেণ্ডছেটৰ 256GB ভেৰিয়েন্ট লাভ কৰিব।
Samsung Galaxy S23 Ultra 5G Price
Samsung S series ৰ এই ফ্লেগশ্বিপ ফোনটোৱেও বিপুল চাহিদা লাভ কৰিছিল । এই ফোনটোৰ বাবেও মানুহে বহুত টকা খৰচ কৰিছিল । এই ফোনটোৰ 256GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য ৭৮,৪৯০ টকা। আনহাতে, 512GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ১,৩৪,৯৯৯ টকা।