শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় সেনাই ক্ৰয় কৰিব প্ৰায় ৩০০০ ফ’ৰ্চ গুৰ্খা বাহন, কিয় বিশেষ এই বাহনখন?

ফ'ৰ্চ মটৰ্ছে গুৰ্খা এল এছ ভি (লাইট ষ্ট্ৰাইক ভেহিকেল)ৰ জৰিয়তে বহু বছৰ ধৰি প্ৰতিৰক্ষা খণ্ডলৈ সেৱা আগবঢ়াই আহিছে । অফ-ৰোড ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষভাৱে ডিজাইন কৰা হৈছে ফ'ৰ্চ গুৰ্খা । ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল, দ পানীতো গাড়ীখন চলাব পাৰে, আৰু অফ-ৰোড ড্ৰাইভিঙৰ বাবে শক্তিশালী ৪×৪ ড্ৰাইভট্ৰেইন আছে ।

ভাৰতীয় সেনাই ক্ৰয় কৰিব প্ৰায় ৩০০০ ফ’ৰ্চ গুৰ্খা বাহন, কিয় বিশেষ এই বাহনখন?
GurkhaImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Updated On: 31 Mar 2025 14:24 PM

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ চকুৰ মণি হৈ পৰিছে এখন নতুন বাহন । অফ-ৰোডিং ক্ষমতা সফলতাৰে প্ৰদৰ্শন কৰিছে এচিইউভি ফ’ৰ্চ গুৰ্খাই । এই বাহনখনৰ কাৰ্যক্ষমতা দেখাৰ পিছত প্ৰতিৰক্ষা বাহিনীয়ে নিজৰ শক্তি বৃদ্ধিৰ বাবে বিশেষ বাহনখনক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয় । ২,৯৭৮খন গুৰ্খা বাহনৰ অৰ্ডাৰ দিয়া হৈছে । কোম্পানীটোৱে কয় যে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনা উভয়ৰে বহৰত ইয়াক অন্তৰ্ভুক্ত কৰিব পৰা যাব ।

প্ৰসংগক্ৰমে ফ’ৰ্চ মটৰ্ছে গুৰ্খা এল এছ ভি (লাইট ষ্ট্ৰাইক ভেহিকেল)ৰ জৰিয়তে বহু বছৰ ধৰি প্ৰতিৰক্ষা খণ্ডলৈ সেৱা আগবঢ়াই আহিছে । অফ-ৰোড ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষভাৱে ডিজাইন কৰা হৈছে ফ’ৰ্চ গুৰ্খা । ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল, দ পানীতো গাড়ীখন চলাব পাৰে, আৰু অফ-ৰোড ড্ৰাইভিঙৰ বাবে শক্তিশালী ৪×৪ ড্ৰাইভট্ৰেইন আছে । এই এছ ইউ ভিখন মৰুভূমিৰ পৰা পাহাৰলৈকে যিকোনো ধৰণৰ অঞ্চলত চলিব পাৰে ।

ফ’ৰ্চ গুৰ্খা দুটা ব’ডী মডেলত উপলব্ধ, প্ৰথমটো ৩ খন দুৱাৰৰ আৰু দ্বিতীয়টো ৫ খন দুৱাৰৰ মডেল । দুয়োটা মডেলতে ২.৬ লিটাৰৰ টাৰ্বোচাৰ্জড আন্তঃশীতল ডিজেল ইঞ্জিন উপলব্ধ । এই ইঞ্জিনৰ সৰ্বোচ্চ শক্তি ১৩৮ বি এইচ পি আৰু সৰ্বোচ্চ ৩২০ এন এম টৰ্ক উৎপন্ন কৰে । দুয়োটা মডেলতে ৫ স্পীড মেনুৱেল গিয়াৰবক্স আৰু ৪×৪ ক্ষমতা আছে । ইয়াত উৎকৃষ্ট অফ-ৰোডিঙৰ বাবে সন্মুখ আৰু পিছফালে লক ডিফাৰেন্সিয়েল আছে ।

ফ’ৰ্চ গুৰ্খাত আছে ১৮ ইঞ্চিৰ এলয় হুইল, ৭ ইঞ্চিৰ এল ই ডি ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছ’ল আৰু ৯ ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম আছে । যিয়ে নতুন মডেলটোক শক্তিশালী আৰু আৰামদায়ক কৰি তুলিছে । ২০২৪ চনৰ আপডেটৰ সৈতে 4WD শ্বিফ্টাৰটো মেনুৱেল লিভাৰৰ পৰা সলনি কৰি সন্মুখৰ আসনৰ মাজত শ্বিফ্ট-অন-দ্য-ফ্লাই ৰ’টাৰ নব দিয়া হৈছিল ।

৫ খন দুৱাৰৰ মডেলৰ গুৰ্খাৰ দাম ১৮ লাখ টকাৰ পৰা আৰম্ভ হয়, এয়া এক্স-শ্ব’ৰুম প্ৰাইচ । এই এছ ইউ ভিখনে প্ৰতি ঘণ্টাত ৯.৫ কিলোমিটাৰ মাইলেজৰ সুবিধা প্ৰদান কৰে ।