শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

OYO বা হোটেলত ৰুম বুকিঙৰ বাবে কিয় Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিব লাগে ?

হোটেলৰ কোঠা বুকিং কৰাৰ সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱাৰ মূলতে-গ্ৰাহকৰ পৰিচয় আৰু সুৰক্ষা নিশ্চিত কৰা। অৱশ্যে আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত সতৰ্ক হোৱাটো অতি প্ৰয়োজন। এনে পৰিস্থিতিত আপুনি আপোনাৰ প্ৰকৃত আধাৰ কাৰ্ড যিকোনো ব্যক্তিক দিয়াৰ আগতে Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিব পাৰে।

OYO বা হোটেলত ৰুম বুকিঙৰ বাবে কিয় Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিব লাগে ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 25 Mar 2025 16:46 PM

অনলাইনে হওক বা অফলাইনে হওক ভাৰতত হোটেলৰ কোঠা বুকিং কৰিবলৈ প্ৰায়ে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় । এই প্ৰক্ৰিয়া একেবাৰে স্বাভাৱিক হৈ পৰিছে । হোটেলৰ কোঠা বুকিং কৰাৰ সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱাৰ মূলতে-গ্ৰাহকৰ পৰিচয় আৰু সুৰক্ষা নিশ্চিত কৰা। অৱশ্যে আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত সতৰ্ক হোৱাটো অতি প্ৰয়োজন। এনে পৰিস্থিতিত আপুনি আপোনাৰ প্ৰকৃত আধাৰ কাৰ্ড যিকোনো ব্যক্তিক দিয়াৰ আগতে Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিব পাৰে।

Masked Aadhaar কাৰ্ড কি?

Masked Aadhaar কাৰ্ড এটা ডিজিটেল বিকল্প, য’ত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে। এই কাৰ্ডত আপোনাৰ আধাৰৰ শেষৰ ৪ টা সংখ্যাহে দেখুওৱা থাকে। আনহাতে বাকী ১২টা সংখ্যা লুকুৱাই ৰখা হয়। আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত এই পদ্ধতি অতি উপকাৰী।

Masked Aadhaar কাৰ্ডে সুৰক্ষা নিশ্চিত কৰিব

তথ্য সুৰক্ষা: যেতিয়া আপুনি হোটেলত বা OYOৰ দৰে হোটেল বুকিং সেৱাত কোঠা বুকিং কৰে, তেতিয়া আপোনাৰ ব্যক্তিগত তথ্য আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে শ্বেয়াৰ কৰা হয়। Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিলে আপোনাৰ সমগ্ৰ আধাৰ নম্বৰ ৰাজহুৱা হোৱাৰ পৰা ৰক্ষা পৰে। যাৰ বাবে পৰিচয় চুৰিৰ হোৱা আশংকা কমি যায়।

প্ৰৱঞ্চনাৰ আশংকা হ্ৰাস: Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিলে প্ৰতাৰণা আৰু প্ৰৱঞ্চনামূলক কাম-কাজ ৰোধ কৰাত সহায় কৰে। ইয়াত আপোনাৰ আধাৰ নম্বৰৰ বাহিৰে আন কোনো তথ্য নাই। যাৰ বাবে যিকোনো ধৰণৰ অপব্যৱহাৰ ৰোধ কৰিব পৰা যায়।

সহজ আৰু নিৰাপদ প্ৰক্ৰিয়াঃ আজিকালি Masked Aadhaar কাৰ্ড ডিজিটেল প্লেটফৰ্মত সহজে আপলোড কৰিব পাৰি। ইয়াৰ ফলত হোটেল আৰু OYO ৰুম বুকিং কৰাটো সহজ হোৱাই নহয়, গ্ৰাহকৰ বাবেও এক নিৰাপদ বিকল্পৰ ব্যৱস্থা হৈ পৰিছে।

Masked Aadhaar কাৰ্ড ডাইনলোড কৰাৰ প্ৰক্ৰিয়া

Masked Aadhaar কাৰ্ডৰ বাবে প্ৰথমে UIDAI ৰ অফিচিয়েল ৱেবছাইট https://uidai.gov.in/ যাব লাগিব। Download Aadhaar শিতানত গৈ My Aadhaar option ত ক্লিক কৰক।

আপোনাৰ আধাৰ নম্বৰ দি কেপচা লিখক। এতিয়া Send OTP অপচনত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP প্ৰেৰণ কৰা হ’ব। এই OTP পূৰণ কৰি সত্যাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

এতিয়া আপুনি Download Option টো দেখিব। ডাউনলোড কৰাৰ পিছত এটা চেকবক্স দেখা যাব য’ত আপোনাক সোধা হ’ব যে আপুনি মাস্কযুক্ত আধাৰ বিচাৰে নেকি? এই বিষয়ে টিক কৰক।

ডাউনলোড কৰা Masked Aadhaar কাৰ্ডৰ পিডিএফ লক হৈ থাকে। Masked Aadhaar কাৰ্ডৰ পিডিএফ খুলিবলৈ নিজৰ নামৰ প্ৰথম চাৰিটা শব্দ লিখক। উদাহৰণস্বৰূপে, যদি আপোনাৰ নাম SHARAD হয়, তেন্তে ইয়াৰ প্ৰথম চাৰিটা শব্দ হ’ব SHARA লিখক । ইয়াৰ পিছত DOB YYYY পূৰণ কৰক, ইয়াৰ কাষত যদি জন্ম তাৰিখ ১৯৯৮ হয় তেন্তে পাছৱৰ্ড হ’ব SHARA1998।

এই কাৰ্ড ক’ত ব্যৱহাৰ কৰিব পাৰি?

ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত বা যিকোনো হোটেলত বুকিং/চেক ইন কৰাৰ সময়ত Masked Aadhaar কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। বিমানবন্দৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।