5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
অদা শৰ্মা (Adha sharma)

অদা শৰ্মা (Adha sharma)

অদা শৰ্মা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁ বিশেষকৈ হিন্দী আৰু তেলেগু চিনেমাত অভিনয় কৰে। অদা শৰ্মাই তেওঁৰ স্কুলীয়া শিক্ষা সাং কৰি ২০০৮ চন হিন্দী ছবিত প্ৰৱেশ কৰিছিল। হিন্দী ভৌতিক ছবি ‘১৯২০’ৰে কেৰিয়াৰ আৰম্ভ কৰা অদা শৰ্মাৰ এই ছবিখন বক্স অফিচত সফল হৈছিল। অদা শৰ্মাই ফিল্ম ফেয়াৰ পুৰস্কাৰো লাভ কৰিছে। হচী তো ফচী (২০১৪) নামৰ ছবিখন মুক্তি লাভ কৰাৰ পাছত তেওঁ দক্ষিণ ভাৰতীয় ছবিত প্ৰৱেশ কৰিছিল। ২০১৪ চনত অদা শৰ্মাই তেলেগু ছবি ‘হাৰ্ট এটেক’ত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা অন্য তেলেগু ছবিৰ ভিতৰত আছে ‘এছ/অ সত্যমূৰ্তি’ (২০১৫), ক্ষণম(২০১৬) আদি। ২০২৩ চনত সৰ্বাধিক চৰ্চা লাভ কৰা ‘দ্যা কেৰলা ষ্টৰী’ত তেওঁ মুখ্য অভিনেত্ৰী হিচাপে আছিল।

জন্ম আৰু শিক্ষা

অদা শৰ্মাৰ জন্ম ১৯৯২ চনৰ ১১ মে’ত মুম্বাইত হৈছিল। তেওঁৰ পিতৃৰ নাম প্ৰয়াত এছএল শৰ্মা। তেওঁ এগৰাকী তামিল ব্ৰাহ্মণ আছিল আৰু মদুৰৈ, তামিলনাডুৰ বাসিন্দ আছিল। ভাৰতীয় নৌ সেনাত সেৱা আগবঢ়াইছিল অদা শৰ্মাৰ পিতৃয়ে। তেওঁৰ মাতৃৰ নাম শীলা শৰ্মা। তেওঁ এগৰাকী মালায়লম মহিলা আৰু কেৰলাৰ নিবাস। তেওঁৰ মাতৃ ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু মল্লখম্ব যোগ সাধক।

অদাৰ স্কুলীয়া শিক্ষা মুম্বাই বান্দ্ৰাত অৱস্থিত অক্সিলিয়াম কনভেণ্ট হাইস্কুলত হৈছিল। দ্বাদশ শ্ৰেণীৰ পাছত তেওঁ অধ্যয়ন এৰি দিছিল। অদা এগৰাকী জিমনাষ্টিক। ইয়াৰোপৰি সৰুৰে পৰাই অদাই নৃত্য কৰি আহিছে। তেওঁ মুম্বাইৰ নতৰাজ গোপী কৃষ্ণ কথক নৃত্য একাডেমীৰ পৰা কথকত স্নাতক শিক্ষা লাভ কৰিছে। আমেৰিকাত চাৰি মাহ ধৰি জাজ আৰু বেলীৰ লগতে চালছা শিকিছিল। তেওঁ ভাৰতীয় অস্ত্ৰ ভিত্তিক যুদ্ধ কলা চিলাম্বামৰ অনুশীলনো কৰে।

কেৰিয়াৰ

অভিনয় জগতত প্ৰৱেশ কৰিবলৈ অদা শৰ্মাই কেইবাবাৰো অডিছন দিছিল কিন্তু তেওঁ ছবি লাভ কৰা নাছিল। বহু প্ৰচেষ্টাৰ অন্তত তেওঁ ১৯২০ ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল। বিক্ৰম ভট্টে নিৰ্দেশনা কৰা এই ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । প্ৰায় ১০ খন ছবিৰ অন্তত বিক্ৰম ভট্টে পৰিচালনা কৰা ১৯২০ বক্স অফিচত সফলতা লাভ কৰিছিল। আৰু অদাই ৫৪ তম ফিল্মফেয়াৰ পুৰস্কাৰ (শ্ৰেষ্ঠ মহিলা অভিনেত্ৰী) লাভ কৰিছিল। ৩ বছৰ পাছত বিক্ৰম ভট্টে পৰিচালনা কৰা অদা শৰ্মাৰ আন এখন ছবি মুক্তি লাভ কৰিছিল যদিও এইখন বক্স অফিচত সফল হ’বলৈ সক্ষম নহ’ল।

ইয়াৰ দুবছৰ পাছত অদা শৰ্মাৰ তৃতীয়খন ছবি ‘হম দো ৰাহী কাৰ কে’ মুক্তি লাভ কৰিছিল। এই ছবিখনেও বিশেষ সফলতা লাভ নকৰিলে। ২০১৪ চনত অদাৰ দুখনকৈ ছবি মুক্তি লাভ কৰিছিল। ‘হাৰ্ট এটেক’ নামৰ ছবিখনৰ জৰিয়তে অদাই তামিল ছবিজগতত প্ৰৱেশ কৰিছিল। ইয়াৰ লগতে পৰিণিতি ছোপ্ৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ লগত হিন্দী ছবি ‘হাছি তো ফাচী’ত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ সহ-অভিনেত্ৰী হিচাপে দেখা গৈছিল।

ইয়াৰ পাছতে তেওঁ এছ/এ সত্যামূৰ্তি নামৰ ছবিখনত আল্লু অৰ্জুন আৰু সামান্থাৰ লগত দেখা গৈছিল। ইয়াৰ মাজতে তেওঁ কন্নড় ছবিতো অভিনয় কৰিছিল। ইয়াৰ পাছত তেওঁ চাই ধৰম তেজ(তেলেগু) ছবিখন মুক্তি পাইছিল। এই ছবিখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছিল।

২০১৬ চনত অদা শৰ্মাৰ ৩ খনকৈ ছবি মুক্তি লাভ কৰে। ইয়াৰে দুখন তেলেগু ভাষাৰ আছিল। এই বৰ্ষত তেওঁৰ কমেডি ছবি ‘গৰম’, ‘ক্ষণম’ আৰু আন এখন ‘ছহি ইধু নম্মা আুলু’য়ে মুক্তি লাভ কৰিছিল। ইয়াৰ পাছতে তেওঁক ‘কমাণ্ড-২’ নামৰ ছবিখনতো দেখা গৈছিল।

২০২৩ চনত ‘দ্যা কেৰলা ষ্টৰী”ত অদা শৰ্মাই মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বক্স অফিচত হিট হৈছিল আৰু সমগ্ৰ দেশ জোকাৰি গৈছিল। ইয়াৰোপৰি তেওঁ ৱেব চিৰিজটো অভিনয় কৰিছিল।

অদা শৰ্মাই অভিনয় কৰা ছবি সমূহ

অদা শৰ্মাই অভিনয় কৰা ছবিসমূহ ক্ৰমেঃ ১৯২০ (২০০৮), ফিৰ(২০১১), হম হে ৰাহি কাৰ কে (২০১৩), দিল কা দোৰা (২০১৪), হচী তো ফচী (২০১৪), ছন অফ সত্যমূৰ্তি(২০১৫), ৰাণা বিক্ৰমা (২০১৫) , বিক্ৰী কে লিয়ে সুব্ৰমণিয়াম(২০১৫), গৰম, কছনাম, ইডু নম্মা আলু , কমাণ্ডো-২(২০১৭), ছাৰ্লি ছেপলিন২, কল্কি, বায়পাছ ৰোড,কমাণ্ডো৩ (২০১৯), পশ্ৰ চিহ্ন (২০২২), ছেল্ফী, দ্যা কেৰলা ষ্টৰী (২০২৩), বস্তৰঃ দ্যা নক্সল ষ্টৰী (২০২৪)।

বেৱ চিৰিজ

তেওঁ অভিনয় কৰা বেৱ ছিৰিজসমূহঃ পুকাৰ, ছুট্টী, পতি-পত্নী অৰ পংগা, এইচা বেচা প্যাৰ, কিউট ছে মিলে, কমাণ্ডো, সুৰষমুখী আদি।

 

মিউজিক ভিডিঅ’

অদাৰ মিউজিক ভিডিঅ’ সমূহ- জিন্দগী, তু য়াদ আয়া, নচে মে ধুত এন হাই, খেদ খেদ, আশিক মুড় না যাৱে, পিয়া ৰে পিয়া, ৰবটা।

Read More

সুশান্ত সিং ৰাজপুতৰ ফ্লেটত বাস কৰে আদা শৰ্মাই,ঘৰটোৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে এই ফ্লেটটো খালী হৈ আছিল। কোনো ভাড়াতীয়া বিচাৰি পোৱা নাছিল এই ফ্লেটটোৰ বাবে। কিন্তু এই ফ্লেটটোতে এতিয়া বাস কৰে অভিনেত্ৰী আদা শৰ্মাই।