শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অখিল গগৈ

অখিল গগৈ

অখিল গগৈ ৰাইজৰ দলৰ বিধায়ক। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ বাবে তেওঁক প্ৰদান কৰা ২০০৮ বৰ্ষৰ ‘Shanmugam Manjunath Integrity Award’ ৰ পিছৰে পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰে। সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ আঁচনি’ৰ ১.২৫ কোটি টকীয়া কেলেংকাৰী আৰু ‘ইন্দিৰা আবাস যোজনা’ৰ ৬০ লাখ টকীয়া কেলেংকাৰী তথ্য জনাৰ অধিকাৰ আইনৰ সুপ্ৰয়োগেৰে ধৰা পেলোৱাৰ বাবে ২০১০ বৰ্ষত ‘Public Cause Research Foundation (PCRF)’-য়ে তেওঁক ‘National Right to Information (RTI)’ বটাঁ প্ৰদান কৰে। এই বটাঁৰ সম্পূৰ্ণ মূল্য ২১ লাখ টকা তেওঁ কৃষক মুক্তি সংগ্ৰামলৈ দান দিয়ে। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।

Read More

মোক ক্ষমা কৰক: সামাজিক মাধ্যমযোগে ৰাইজৰ ওচৰত অখিল গগৈৰ ক্ষমা প্ৰাৰ্থনা

ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী সকলো। ইয়াৰ মাজতে বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিল অখিল গগৈ।

“অসমত বিহাৰ দিৱস পতাৰ কোনো যুক্তি নাই”, মুখ্য়মন্ত্ৰীৰ ভাষ্যৰ পাছতে সমালোচনামূলক প্ৰতিক্ৰিয়া অখিল গগৈৰ

অসমত বিহাৰ দিৱস পতা পদক্ষেপক ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত আৰু অসমীয়া আৱেগক অপমান কৰা বুলি অভিহিত কৰি এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে । তেওঁ প্ৰশ্ন কৰে যে, বিহাৰত কেতিয়াও অসম দিৱস পালন নোহোৱাৰ সময়ত অসমত কিয় বিহাৰ দিৱস পালন কৰিবলৈ লোৱা হৈছে ?

মই পদত্যাগ কৰিম যদিহে…হিমন্ত বিশ্ব শৰ্মা

আজি বিধানসভাত অসম বাজেট সন্দৰ্ভত এক সাধাৰণ আলোচনা হয়। এই আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মন্ত্ৰীপত্নী হোৱাৰ সুযোগ লৈ আক্ৰমণ কৰিছিলা! অখিল গগৈ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ মুকলি চিঠি

"তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক৷ মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধান সভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধান সভাৰ নিয়ম নীতি জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ৷"

কি বিসংগতি আছিল চাকৰি নিযুক্তিত ? তদন্ত বিচাৰিছে অখিল গগৈৰ পত্নীয়ে

কেনেকৈ বি বৰুৱা মহাবিদ্যালয়ত চাকৰি পাইছিল গীতাশ্ৰী তামুলীয়ে? এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেটত অখিল গগৈৰ পত্নী । মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ তদন্ত বিচাৰিছে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে ।