শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অমিত শ্বাহ (Amit Shah)

অমিত শ্বাহ (Amit Shah)

১৯৬৪ চনৰ ২২ অক্টোবৰ তাৰিখে মুম্বাই গুজৰাটী বনিয়া পৰিয়ালত অমিত শ্বাহৰ জন্ম হৈছিল। তেওঁৰ আজুককা মনসা ষ্টেটৰ নগৰশেঠ আছিল। পিতৃ অনিল চন্দ্ৰ শ্বাহ গুজৰাটৰ মনসাৰ এগৰাকী পিভিচি প্লাষ্টিক পাইপ ব্যৱসায়ী। অমিত শ্বাহে প্ৰাৰম্ভিক শিক্ষা মেহসনাত গ্ৰহণ কৰাৰ পিছত আহমেদাবাদলৈ উচ্চ শিক্ষাৰ বাবে যায়।

অমিত শ্বাহ ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।

শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খন আসনৰ ভিতৰত ৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

তেওঁৰ নেতৃত্বত ২০১৭ চনৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে। একেবছৰে বিজেপিয়ে মণিপুৰ বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু পঞ্জাবত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।  ২০১৮ চনত বিজেপিয়ে ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশ নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।

অমিত শ্বাহে সোণাল শ্বাহৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১০ চনৰ ৮ জুন তাৰিখে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল।

 

Read More

৭ বছৰৰ কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা… কি আছে লোকসভাত গৃহত হোৱা অনুপ্ৰৱেশ বিধেয়কত? ক’লে গৃহমন্ত্ৰীয়ে

ভাৰতত লোকসভাত গৃহীত হৈছে কঠোৰ অনুপ্ৰৱেশ বিধেয়ক। য’ত অবৈধ প্ৰব্ৰজনৰ বাবে ৭ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছে। গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ইয়াক প্ৰয়োজনীয় বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰি সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী জনায়।

অহা ২ বছৰত ১০০ শতাংশ কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তি, ইতিমধ্যে সম্পন্ন ৮০% চৰ্ত: অমিত শ্বাহ

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কোকৰাঝাৰত উপস্থিত হৈ শ্বাহে কয় যে বড়ো শান্তি চুক্তিৰ বাবে কংগ্ৰেছে আমাক হাঁহিছিল, কিন্তু সেই চুক্তিৰ বাবে আজি বিটিআৰত শান্তি স্থাপন হৈছে।

আজি উত্তৰ-পূব ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ, আলোচনাৰ বিষয়বস্তু কি ?

কোকৰাঝাৰ ভ্ৰমণেৰে আজিৰ দিনটো আৰম্ভণি কৰিব অমিত শ্বাহে । সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ ।

মিজোৰামৰ ৭ বছৰীয়া এষ্টাৰ লালডুহামীৰ গান শুনি আবেগিক অমিত শ্বাহ, উপহাৰ দিলে গীটাৰ…

মিজোৰামৰ ৭ বছৰীয়া প্ৰতিভাৱান কণ্ঠশিল্পী এষ্টাৰ লালডুহামী হ্নামতেক এখন গীটাৰ উপহাৰ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে, ভাৰতৰ প্ৰতি থকা প্ৰেমে আমাৰ সকলোকে সংযোগ কৰে।

ৰাজ্যত আৰক্ষী মেডিকেল কলেজ স্থাপনৰ পৰিকল্পনা চৰকাৰৰঃ গৃহমন্ত্ৰীৰ উপস্থিতিত জানিবলৈ দিলে মুখ্যমন্ত্ৰীয়ে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেৰগাঁৱত উন্নত প্রশিক্ষণ ব্যৱস্থা আৰু প্ৰযুক্তিৰ সমাহাৰেৰে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰে। আনহাতে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে এই পুলিচ একাডেমীৰ আৱাসগৃহ নির্মাণ প্রকল্পৰো শিলান্যাস কৰে।

লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিলে অমিত শ্বাহে, কি কি সুবিধা আছে একাডেমীখনত…?

লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।

অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত অমিত শ্বাহক আদৰণি জনোৱাৰ ছবি শ্বেয়াৰ কৰিছে।

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি আছে তিনিদিনীয়া কার্যসূচীত?

তিনিদিনীয়া কার্যসূচীৰে অসমলৈ আহিবলগা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা উপস্থিত হ’ব যোৰহাটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণৰ বাবে শুকুৰবাৰে নিশা যোৰহাটত উপস্থিত হ'ব।

১৪ মাৰ্চত অসমলৈ আহিব অমিত শ্বাহ, তিনিদিনীয়া এই ভ্ৰমণত কালত কি কি কাৰ্যসূচী ৰাখিছে গৃহমন্ত্ৰীগৰাকীয়ে ?

১৪ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ ১৪ মাৰ্চত তিনি দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । অসম ভ্ৰমণৰ সময়ত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলনকে ধৰি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

Death anniversary of Gandhiji: প্ৰধানমন্ত্ৰী মোদীৰ পৰা মল্লিকাৰ্জুন খাৰ্গেলৈ বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আৰু দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ অৱদানক সন্মান জনাই ভাৰতে প্ৰতি বছৰে ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰে ।

Maha Kumbh 2025 : গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত ডুব মাৰিলে অমিত শ্বাহে, সংগ দিলে যোগী-ৰামদেৱে…

আজি পুৱাতে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত স্নান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহমন্ত্ৰী গৰাকীক সৈতে আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। লগতে বহু কেইগৰাকী ঋষি-সাধুৱেও তেওঁক সংগ দিয়ে । অমিত শ্বাহৰ সৈতে ত্ৰিবেণী সংগমত পবিত্ৰ ডুব মাৰিছিল যোগগুৰু বাবা ৰামদেৱও।

Amit Shah : অন্ত পৰিছে বিদ্ৰোহ, পন্থা সলনি কৰিব লাগিব উত্তৰ-পূবৰ আৰক্ষী বাহিনীয়ে : অমিত শ্বাহ

দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে,যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়াতা আহি পৰিছে । তেওঁ কয়, 'উত্তৰ-পূবত বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ সময় আহি পৰিছে, যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে।'

Maharashtra CM Oath Taking: আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান! প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ,উদ্যোগপতি আম্বানীৰ লগতে উপস্থিত থাকিব বহু বিশিষ্ট ব্যক্তি

Devendra Fadnavis/Ajit Pawar Swearing in Ceremony: মুম্বাইত শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৪২,০০০ লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ লগতে ৯ৰ পৰা ১০জন কেন্দ্ৰীয় মন্ত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও, ১৯জন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও অনুষ্ঠানৰ অংশ হ'ব।

দুৰ্যোগ প্ৰশমন, সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১,১১৫ কোটি টকা অনুমোদন কেন্দ্ৰৰ…

দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰই । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকাৰ অনুমোদন জনাইছে।

কঠোৰ হ’ব সন্ত্ৰাসবাদ দমন নীতি! শীঘ্ৰেই গ্ৰহণ কৰা হ’ব নতুন আইন, ঘোষণা অমিত শ্বাহৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি। আজি এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ আৰু সেয়ে চৰকাৰে এক সুনিৰ্দিষ্ট কৌশল লৈ আগবাঢ়িছে।