
অসম
অসম উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অসমৰ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামে জনা গৈছিল। ত্ৰয়োদশ শতিকাত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। এই ৰাজ্যখন এছিয়াৰ ভিতৰত প্ৰথম তেল খননৰ স্থান আছিল।
মুকলি আকাশৰ তললৈ আহিব সাংবাদিক দিলোৱাৰ হুছেইন! দ্বিতীয়টো গোচৰত লাভ কৰিলে জামিন
১১১/২৫ নম্বৰৰ গোচৰত জামিন লাভ কৰিলে দিলোৱাৰ হুছেইনে । ২০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে সাংবাদিকগৰাকীক । অৱশ্যে বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে নিশাটো কাৰাগাৰত থাকিব লাগিব মজুমদাৰ।
- Trishna Kalita
- Updated on: Mar 29, 2025
- 00:03 am
অসম চৰকাৰৰ ডাঙৰ ঘোষণা, সন্তান চোৱা-চিতাৰ বাবে পিতৃয়েও পাব দুবছৰৰ ছুটী!
অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ঘোষণা কৰিছে এক ভাল খবৰ । এতিয়া প্ৰয়োজনত দুবছৰ পৰ্যন্ত ছুটী ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে । পূৰ্বে এই সুবিধা আছিল মহিলাৰ বাবে । কিন্তু এতিয়া পুৰুষ কৰ্মচাৰীয়েও পাব এই সুবিধা । কিন্তু সকলো কৰ্মচাৰীৰ বাবে অৱশ্যে এই সুবিধা নহয় । কোনে পাব তেন্তে? পঢ়ক সবিশেষ-
- Raj Saikia
- Updated on: Mar 28, 2025
- 14:03 pm
ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰিবলৈ অনুৰাগীক দিয়া হৈছিল নেকি ১০ হাজাৰ টকা? আকাশ চোপ্ৰাই ক’লে এইদৰে…
আইপিএল ২০২৫ৰ ষষ্ঠখন খেলত এজন অনুৰাগীয়ে নিৰাপত্তাৰ বেহু ফালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ খেলপথাৰত প্ৰৱেশ কৰিছিল। অনুৰাগীজনে ৰাজস্থান ৰয়েলছৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগৰ ভৰি স্পৰ্শ কৰা দেখা গৈছিল। কিন্তু এই ঘটনাৰ পিছত ৰিয়ান পৰাগক লৈ উত্থাপন হৈছে ডাঙৰ অভিযোগ। এতিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আকাশ চোপ্ৰাই।
- Trishna Kalita
- Updated on: Mar 28, 2025
- 13:39 pm
সাংবাদিক দিলোৱাৰ হুছেইনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দোষী সাব্যস্ত হ’লে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জে’ল
বৃহস্পতিবাৰে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই লৈ যোৱা হয় পাণবজাৰ থানালৈ। BNSৰ ৩২৯/৩২৪(৪)/৩৫১(৩) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে দিলোৱাৰক। BNSৰ ৩০৯(৪)/১১৫ ধাৰা আৰোপ কৰা হৈছে দিলোৱাৰৰ বিৰুদ্ধে। ইয়াৰে ৩০৯(৪) ধাৰা জামিনযোগ্য নহয়।
- Trishna Kalita
- Updated on: Mar 29, 2025
- 00:15 am
ডিব্ৰুগড়ৰ পৰা AFSPA প্ৰত্যাহাৰৰ সিদ্ধান্ত, কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা
ডিব্ৰুগড়ৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ। চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াত বাহাল থাকিব AFSPA। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
- Barasha Misra
- Updated on: Mar 27, 2025
- 20:24 pm
“গোৱালপাৰাৰ কথা ভাবিলে দাঢ়ি, টুপীৰ কথা মনলৈ আহে”, মন্ত্ৰী সিংহলৰ বিতৰ্কিত মন্তব্যক সমালোচনা আমিনুল ইছলামৰ
গোৱালপাৰাত এটা বিশেষ সম্প্ৰদায়ক লৈ মন্ত্ৰী অশোক সিংহলে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া বিধায়ক আমিনুল ইছলামৰ । গোৱালপাৰা কথা ভাবিলে টুপী আৰু দাড়িৰ কথা মনলৈ আহে বুলি মন্তব্য কৰিছিল মন্ত্ৰী সিংহলে ।
- Raj Saikia
- Updated on: Mar 27, 2025
- 19:51 pm
ইতিহাস বিজড়িত কাৰেংঘৰ! এই ৰাজপ্ৰসাদ নিৰ্মাণৰ আঁৰত আছে আহোম ৰাজত্বকালৰ বহু ৰহস্য
ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, এইসমূহ কেৱল আমাৰ অসমৰ পূৰণি কীৰ্তিচিহ্নই নহয়, ই প্ৰতিজন অসমীয়াৰ আবেগ আৰু স্বাভিমান । শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত কাৰেং ঘৰ পিৰামিড আকৃতিৰ এটা ৰাজমহল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই কাৰেংঘৰ ৰ নিৰ্মাণ আৰম্ভ কৰিছিল। আজি জানো াহক কাৰেহৰ ৰহস্যৰ বিষয়ে...
- Barasha Misra
- Updated on: Mar 27, 2025
- 17:37 pm
গুণোৎসৱ ২০২৫ ৰ ফলাফল ঘোষণা, শীৰ্ষত উজ্বলিল শিৱসাগৰ জিলা…
Gunotsav 2025: গুণোৎসৱ ২০২৫ ৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুণোৎসৱ ২০২৫ ৰ মূল্যাংকনত এইবাৰ শীৰ্ষত আছে শিৱসাগৰ জিলা।
- Barasha Sarma
- Updated on: Mar 27, 2025
- 15:44 pm
গুৱাহাটীত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ! মদ খাই গালি-গালাজ,মাৰপিট, ভাইৰেল হৈ পৰিল ভিডিঅ’…
সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
- Barasha Sarma
- Updated on: Mar 27, 2025
- 13:21 pm
Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ ?
Gold Rate Today: আজি ২৭ মাৰ্চ বৃহস্পতিবাৰে সোণৰ মূল্য বৃদ্ধি হৈ পৰিছে। একেৰাহে তিনিদিন ধৰি হ্ৰাস পোৱাৰ পিছত আজি বৃদ্ধি পাইছে সোণৰ মূল্য। জানক আজি গুৱাহাটীত কিমান দৰত সোণ বিক্ৰী হৈছে।
- Barasha Misra
- Updated on: Mar 27, 2025
- 12:49 pm
World Theatre Day 2025: কিয় পালন কৰা হয় বিশ্ব থিয়েটাৰ দিৱস? জানক এই দিনটোৰ ইতিহাস, তাৎপৰ্য সকলো
প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে এই দিৱস পালন কৰে। ভ্ৰাম্যমাণক কলা হিচাপে লোৱাৰ গুৰুত্ব আৰু সাংস্কৃতিক বিনিময়, শিক্ষা, আৰু সমাজত ইয়াৰ উল্লেখযোগ্য ভূমিকাক উদযাপনৰ বাবে এই দিৱসৰ আৰম্ভণি কৰা হৈছিল।
- Trishna Kalita
- Updated on: Mar 27, 2025
- 12:20 pm
সোণাপুৰৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন
জাগীৰোডৰ পৰা গুৱাহাটী দিশে আহি আছিল বাহনখন। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী মালবাহী বাহন এখনে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাইছে ৩ জনকৈ লোক। সোণাপুৰৰ যোগদলত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
- Trishna Kalita
- Updated on: Mar 27, 2025
- 11:15 am
RR vs KKR: মেচৰ মাজতে বৰ্ষাপাৰৰ খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, স্পৰ্শ কৰিলে ৰিয়ানৰ ভৰি
IPL 2025 :ঘৰুৱা খেলপথাৰত ২৬ মাৰ্চ বুধবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭ নং মেচত ৰাজস্থান ৰয়েলছৰ হৈ IPL মেচত অৱতীৰ্ণ হয় ৰিয়ান পৰাগ। আৰআৰ বনাম কেকেআৰ খেলৰ সময়ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ মাজত এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি ৰিয়ান পৰাগৰ ভৰি চুই যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মুহূৰ্তৰ ফটো আৰু ভিডিঅ’।
- Trishna Kalita
- Updated on: Mar 27, 2025
- 07:22 am
NDA সাংসদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, কি কি আলোচনা হ’ল?
সন্মুখত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এন ডি এ সাংসদসকলৰ সৈতে এক গুৰুতৰ আলোচনাত মিলিত হয়।
- Barasha Sarma
- Updated on: Mar 26, 2025
- 23:08 pm
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ, পিছে নিশা কটাব লাগিব কাৰাগাৰত…
অৱশেষত জামিন লাভ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইনে। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক।
- Barasha Sarma
- Updated on: Mar 26, 2025
- 20:07 pm